আজি আনুষ্ঠানিকভাৱে মুকলি হ’ল অসম ৰাজ্যিক পৰিবহন নিগমৰ ১৫ খন বৈদ্যুতিক বাছ সেৱা । বাছকেইখন আনুষ্ঠানিকভাৱে মুকলি কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে গুৱাহাটী চহৰক কেৱল উত্তৰ পূৱৰ দুৱাৰ মুখ হিচাপে ৰখাই নহয় দক্ষিণ পূৱ এছিয়াৰ দুৱাৰ মুখত পৰিণত কৰাৰ প্ৰচেষ্টা চলাইছো। ইয়াৰ বাবে পৰিস্কাৰ, স্বাস্থ্যকৰ চহৰ হিচাপে গঢ়ি তোলা বাবে চেষ্টা কৰিছো। প্ৰদূষণ মুক্ত পৰিবেশ গঢাৰ প্ৰথম পদক্ষেপ হিচাপে ইলেকট্ৰনিক বাছ সেৱা আৰম্ভ কৰিছো। জৈৱ বৈচিত্ৰ সংৰক্ষণৰ বাবে ফ্ৰাণ্স চৰকাৰে অসমক ৫০০ কোটি আগবঢ়োৱাৰ কথা জানিবলৈ দিয়ে। উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি পৰিবহন মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে কয় যে হাঙ্গাৰী এটা মেনুফেক্সাৰিং কোম্পানী প্ৰতিষ্ঠাৰ যো-জা চলি আছে। ইতিমধ্যে ONGC চেক্টৰেও সহযোগিতা আগবঢ়াইছে। উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি অসম পৰিবহন নিগমৰ পৰিচালন সঞ্চালক আনন্দ প্ৰকাশ তিৱাৰীয়ে কয় যে ইতিমধ্যে ডিব্ৰুগড়ত এই প্ৰকল্পৰ কাম আৰম্ভ হৈছে। উল্লেখ্য যে ২০১৩ চনতেই ভাৰত চৰকাৰে এই প্ৰকল্প হাতত লৈছিল । ৫ খন ৰাজ্যৰ লগতে সম্প্ৰতি অসমত এই প্ৰকল্প কাৰ্যকৰী হৈছে। এই প্ৰকল্প সম্পূৰ্ণ কাৰ্য্যকৰীকৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৬০% আৰু ৰাজ্য চৰকাৰে ৪০% ব্যয় কৰিছে। আগন্তুক দিনত যোৰহাটত ২৫ খন, শিলচৰত ২৫ খন আৰু কামৰূপত ৫০ খন বাছ সেৱা প্ৰৱৰ্তন কৰিব বুলি জানিব পৰা গৈছে।উদ্বোধনী অনুষ্ঠানত বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
Trending
- বাৰিষাৰ প্ৰতিকূল পৰিস্থিতিত যান-বাহন ব্যৱহাৰকাৰীলৈ সতৰ্কবাণী পৰিবহণ বিভাগৰ
- সাংস্কৃতিক বিভাগৰ অধীনৰ বিভিন্ন বিষয়ৰ সন্দৰ্ভত সাংস্কৃতিক মন্ত্রী বিমল বড়াৰ অধ্যক্ষতাত বৈঠক
- Northeast’s Maritime Future Brightens: Union Minister Announces ₹1,500 Crore Investment in Waterway Projects
- খানামুখত পৰীক্ষিত হালৈৰ প্ৰবন্ধ সংকলন ভিন্নসুৰী উন্মোচন
- Celebration of National Technology Day 2025 at DRL-DRDO, Tezpur
- ৰাজ্যৰ বান ব্যৱস্থাপনা প্ৰস্তুতি সম্পৰ্কত পৰ্যালোচনা কৰিলে অসমৰ মুখ্য সচিবে
- ভাৰতীয় সেনা-পৰিয়ালৰ অসামান্য সেৱাৰ প্ৰতি সন্মান জনাই পৰিবহণৰ বিশেষ জনসেৱা কাৰ্যসূচী আৰম্ভ
- এয়াৰটেলে বিশ্বৰ জালিয়াতি ধৰা পেলোৱা সমাধান মুকলি কৰে
- Minister Jayanta Mallabaruah Inspects Desiltation Works Across Guwahati
- ২৯ মে’ৰ পৰা অসম সহ দেশজুৰি বিকশিত কৃষি সংকল্প অভিযান সভা