মহানগৰীত মিনি মাজুলী

0 331

মহানগৰীত মাজুলী! কথাষাৰ শুনি হয়তো আপোনাৰ আচহুৱা লাগিছে। এই অবাস্তৱ যেন লগা কথাষাৰ বাস্তৱত ৰূপ দিবলৈ এদল শ্ৰমিকে প্ৰস্তুতি অব্যাহত ৰাখিছে। অহা ১২ ডিচেম্বৰত জাপানৰ প্ৰধানমন্ত্ৰী অসমলৈ আহিব তাৰ বাবে সমগ্ৰ মহানগৰীতে প্ৰস্তুতি অব্যাহত আছে। বিশেষকৈ বিমান বন্দৰৰ পৰা আৰম্ভ কৰি লাচিত ঘাটলৈকে সৌন্দৰ্য বৰ্দ্ধনৰ বাবে ফুল ৰুইছে, ৰং কৰিছে আৰু আদৰ্শ গাঁও স্থাপন কৰিছে। উল্লেখযোগ্য যে মহানগৰীৰ লাচিত ঘাটৰ সমীপত প্ৰায় ১০০০ জন শ্ৰমিকে আদৰ্শ গাঁও সজোৱাত ব্যস্ত আছে। জানিব পৰা মতে আদৰ্শ গাঁৱত থাকিব ভড়াল, নামঘৰকে আদি কৰি অসমীয়া পৰম্পৰাগত সংস্কৃতিৰ বহু সমল।আনহাতে মিচিং, তিৱা, জনগোষ্ঠীৰ ঘৰ সমূহ সুন্দৰকৈ নিৰ্মাণ কৰাৰ প্ৰয়াস কৰিছে। জাহাজৰ সমীপত চাহৰ বাগান সাজি উলিয়াইছে। জানিব পৰা মতে অহা  ১১ ডিচেম্বৰত এই সমূহ কাম সম্পূৰ্ণ হৈ উঠিব। লাচিত ঘাটৰ সমীপত গঢ়ি উঠা এই গাঁওখনে নিসন্দেহে সকলোকে আকৰ্ষিত কৰিব।

Leave A Reply

Your email address will not be published.