চৰকাৰ আৰু প্ৰশাসনক ৰাইজৰ কাষলৈ লৈ যোৱাৰ এক প্ৰচেষ্টা হাতত লৈছে শিৱসাগৰ জিলাৰ উপায়ুক্ত ডাঃ এম এছ লক্ষ্মীপ্ৰিয়াই। চৰকাৰী আঁচনি সমূহৰ বিষয়ে সচেতনতা বৃদ্ধিৰ লগতে এই সমূহৰ সুফল যাতে ৰাইজে থিতাতে লাভ কৰিব পাৰে তাৰ উদ্দেশ্যে যোৱা ৯ নৱেম্বৰত শিৱসাগৰ জিলাৰ দেৱালয় গায়ন গাঁৱত কৃষি, সমাজ কল্যাণ, হস্ততাঁত আৰু বস্ত্ৰশিল্প, ৰেচম, পশুপালন আৰু পশু চিকিৎসা, সামাজিক বনানিকৰণ আদি বিভাগৰ বিষয়-ববীয়াৰ উপস্থিতিত গাঁওখনৰ নামঘৰ প্ৰাঙ্গনত এখন সভা অনুষ্ঠিত হয়।উল্লেখযোগ্য যে স্বচ্ছ ভাৰত মিছনৰ দ্বাৰা দেৱালয় গায়ন গাঁৱক জিলাখনৰ প্ৰথমখন স্বচ্ছ গাঁও হিচাপে ঘোষণা কৰা হৈছিল।উপায়ুক্ত গৰাকীয়ে গাঁও খনক এখন আদর্শ গাঁও ৰূপে গঢ়ি তুলিবলৈ গ্ৰহণ কৰিব লগীয়া উন্নয়ন মূলক আঁচনি সমূহৰ সুবিধা গাঁওবাসীক প্ৰদান কৰিবলৈ উপস্থিত বিভাগ সমূহক আহ্বান জনায়।উপায়ুক্ত গৰাকীৰ নিৰ্দেশমৰ্মে উপস্থিত বিভাগ সমূহৰ বিষয়-ববীয়া সকলে গাঁওবাসীৰ লগত বিভাগীয় আঁচনি সমূহৰ বিষয়ে বিস্তৃতভাৱে আলোচনা কৰে।সভাত জিলা কৃষি বিষয়া ভীমকান্ত গগৈয়ে ৮ গৰাকী কৃষকক চেইদ নেট (Shade Net) প্ৰদান কৰিব বুলি কোৱাৰ লগতে ১০ গৰাকীক ছইল হেল্থ কাৰ্ড, ৫ গৰাকীক কলপুলি আৰু ৫ গৰাকীক কপৌফুলৰ পুলি প্ৰদান কৰা হয়। লগতে আগ্ৰহী কৃষকক ৮৫ শতাংশ ৰাজ সাহায্যত সৌৰ শক্তি চালিত পাম্পছেট যোগান ধৰা হ’ব বুলিও জানিবলৈ দিয়া হয়।জিলা বন সংগমণ্ডল বিষয়া (সামাজিক বনানিকৰণ) বিদ্যুৎ বৰঠাকুৰে বিভাগৰ তৰফৰ পৰা সাঁচি গছ আৰু চোম গছৰ পুলিও যোগান ধৰাৰ কথা কয়।পশুপালন বিষয়া ডঃ বিমান দাসে গাঁওখনৰ ছাগলী সমূহক ৰোগ প্ৰতিষেধক বেজী প্ৰদান কৰা হ’ব বুলি জনায়।ৰেচম বিভাগৰ সহকাৰী সঞ্চালক প্ৰতীম ভূঞাই এড়া সঁচ যোগান ধৰাৰ লগতে এড়ী-মুগা পালক সকলৰ বাবে প্ৰয়োজনীয় সা-সঁজুলিৰ যোগান ধৰিব বুলি উল্লেখ কৰে।হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ সহকাৰী সঞ্চালক ৰামকৃষ্ণ শৰ্মাই বিভাগৰ ফালৰ পৰা গামোছা উৎপাদনত সহায়ক হোৱাকৈ শিপিনী সকলক ৰেহাই মূল্যত সূতা যোগান ধৰিব বুলি জনায়।সমাজ কল্যাণ বিষয়া দীপালি দেৱীয়ে বিভাগৰ ফালৰ পৰা কেঁচুৱা আৰু প্ৰসূতিৰ বাবে ল’বলগীয়া যত্নৰ বিষয়ে সভাত ৰাইজৰ মাজত সজাগতা বৃদ্ধি কৰে।সভাত কৃষি বিজ্ঞান কেন্দ্ৰৰ বিষয়বস্তু বিশেষজ্ঞ ডঃ অৰুন্ধতী বৰদলৈয়ে কাঠফুলা খেতিৰ বাবে প্ৰশিক্ষণৰ ব্যৱস্থা কৰাৰ লগতে কাঠফুলাৰ সঁচ যোগান ধৰিব বুলি জনায়। লগতে আগ্ৰহী ৰাইজক জাম, জেলী, আচাৰ আদি বনোৱাৰ প্ৰশিক্ষণো প্ৰদান কৰিব বুলি উল্লেখ কৰে।উপায়ুক্ত গৰাকীয়ে গাঁওখনৰ উন্নয়নৰ বাবে গঠন কৰা উন্নয়ন সমিতিৰ সম্পাদক দিগন্ত দত্তক এই কাম সমূহ আগুৱাই লৈ যাবলৈ দায়িত্ব প্ৰদান কৰে। উপায়ুক্ত গৰাকীয়ে গাঁওখনৰ উন্নয়নৰ বাবে গ্ৰহণ কৰা সিদ্ধান্ত সমূহ কাৰ্যকৰী হৈছেনে নাই সেয়া পৰ্যবেক্ষণ কৰাৰ বাবে সহকাৰী আয়ুক্ত গৌৰীপ্ৰিয়া দেউৰীক দায়িত্ব অৰ্পণ কৰে। লগতে তেওঁ কাম-কাজ সমূহ সুচাৰুভাৱে হৈছে নে নাই সেয়া পৰ্য্যালোচনা কৰিবলৈ এমাহৰ পিছত পুনৰ গাঁওখনত উপস্থিত হ’ব বুলিও জানিবলৈ দিয়ে।দেৱালয় গায়ন গাঁৱৰ লগতে সমীপৱৰ্তী প্ৰায় ৪খন গাঁৱৰ ভালেসংখ্যক ৰাইজে এই সভাত অংশগ্ৰহণ কৰে।
Trending
- ৰাজ্যৰ পাঁচ জিলাৰ স্বাস্থ্য ব্যৱস্থাৰ বিস্তৃত পৰ্যালোচনা : গুণগত আৰু সুলভ স্বাস্থ্যসেৱা নিশ্চিতকৰণত গুৰুত্ব মন্ত্ৰী অশোক সিংহলৰ
- এয়াৰটেল হটস্পট সেৱাৰ গতি অব্যাহত
- Agriculture Minister Pijush Hazarika distributes MMUA cheques to 22,818 beneficiaries in Dhing
- ধুবুৰী, কোকৰাঝাৰকে ধৰি পাঁচখন জিলাৰ স্বাস্থ্য ব্যৱস্থাৰ পৰ্যালোচনা
- বিশ্বকাপৰ উন্মাদনাৰ মাজতে গুৱাহাটীত সাংবাদিকৰ দুভৰিৰ যাদু
- Agriculture Minister Pijush Hazarika visits Khumtai constituency in Golaghat and takes stock of projects, interacts with farmers
- অসম চৰকাৰ শিল্প, বাণিজ্য আৰু ৰাজহুৱা উদ্যোগ বিভাগ উদ্যোগত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান
- ২০ জুলাইৰ পৰা লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ নতুন টার্মিনেলত আৰম্ভ হ’ব ইণ্ডিগ’ৰ বিমান সেৱা
- NSE signs strategic collaboration with Augmont to strengthen India’s Electronic Gold Receipts (EGR) ecosystem
- অসম পশুধন নিগমৰ উদ্যোগত প্ৰশিক্ষণ কাৰ্যসূচী