শিৱসাগৰ জিলাৰ উপায়ুক্ত ডাঃ এম এছ লক্ষ্মীপ্ৰিয়াই কালি শিৱসাগৰ জিলা ভ্ৰমণলৈ অহা হাঙ্গাৰিৰ ৰাষ্ট্ৰদূত গীয়োলা পেথ’ (Gyula Pethő) আৰু তেওঁৰ সহধৰ্মিণীক স্থানীয় আৱৰ্ত ভৱনত উষ্ম আদৰণি জনায়। আৰক্ষী অধীক্ষক অমিতাভ সিনহায়ো দুয়ো গৰাকী অতিথিক সম্ভাষণ জনায়।সপত্নীক ৰাষ্ট্ৰদূত গৰাকীয়ে জিলাখনৰ বিভিন্ন ঐতিহাসিক কীৰ্তিচিহ আৰু পৰ্যটক থলী ভ্ৰমণ কৰে। উপায়ুক্ত গৰাকীয়েও এই ভ্ৰমণকালত তেওঁলোকক সংগ প্ৰদান কৰে। তেওঁলোকে ভ্ৰমণকালত ৰংঘৰ, তলাতল ঘৰ, ন-পুখুৰী স্থিত শিৱদ’ল আদি পৰিদৰ্শন কৰে।পৰিদৰ্শন কালত উপায়ুক্ত গৰাকীয়ে জিলাখনৰ পৰ্যটন ক্ষেত্ৰৰ উন্নয়নৰ বাবে গ্ৰহণ কৰা “Soulful Sivasagar” অভিযান আৰু ভৱিষ্যত পৰিকল্পনা সমূহৰ বিষয়ে অৱগত কৰে। ৰাষ্ট্ৰদূত গৰাকীয়েও এই সন্দৰ্ভত বিভিন্ন পৰামৰ্শ আগবঢ়ায়। তেওঁলোকে জিলাখনৰ ঐতিহ্য আৰু সংস্কৃতিৰ বিষয়ে উৎসুকতাৰে আৰু সবিস্তাৰে বুজ লয়।দুপৰীয়া ৰাষ্ট্ৰদূত গৰাকীয়ে তেওঁৰ পত্নীৰ সৈতে থলুৱা পাৰম্পৰিক খাদ্যসম্ভাৰৰ জুতি লয়। দুয়োগৰাকী অতিথিয়ে থলুৱা পিঠা-পনা আৰু খাদ্য গ্ৰহণ কৰি আপ্লুত হৈ পৰে।ৰাষ্ট্ৰদূত আৰু তেওঁৰ পত্নী দুয়োগৰাকীয়ে জিলা প্ৰশাসনৰ পৰা লাভ কৰা আতিথ্যৰ বাবে জিলা উপায়ুক্তক আন্তৰিকতাৰে ধন্যবাদ জনায়। তেওঁলোকে জিলাখনৰ সৰ্বাংগীন উন্নয়নৰ লগতে “Soulful Sivasagar” অভিযানৰ পূৰ্ণ সফলতা কামনা কৰে।খবৰ যুগুতালে শিৱসাগৰৰ পৰা দিলিস্তান খানে..
Trending
- গৃহৰ পৰা ভোটাধিকাৰ সাব্যস্ত কৰিব পৰাকৈ নিৰ্বাচনী আয়োগৰ পদক্ষেপ
- নগঞা ঢুলীয়া, চিত্ৰশিল্পী, খনিকৰ মহেন্দ্ৰ বৰালৈ “বৰ্হমথুৰি শিল্পী বঁটা সাংস্কৃতিক মঞ্চ অসমৰ
- দেশ – বিদেশৰ বহু গৱেষকৰ উপস্থিতিত শ্বিলঙত জুবিন গাৰ্গৰ সোঁৱৰণত দুদিনীয়াকৈ প্ৰথম ৰাষ্ট্ৰীয় আলোচনা চক্ৰ সম্পন্ন
- নেৰানেপেৰা বৰষুণ, ফিৰফিৰিয়া বতাহৰ বাবে অসমত আবতৰীয়া শীত
- কামৰূপ মহানগৰত ই ভি এম আৰু ভিভিপিএটিৰ ৰেণ্ডমাইজেশ্যন সম্পন্ন
- ড° তপন দাসৰ সমৰ্থনত পিযুষ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ
- এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন
- ৰাজ্যজুৰি ভোটাৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা