এক চূড়ান্ত,সৰ্বগ্ৰাসী প্ৰেম সকলোৱে বিচাৰে।কিন্তু কি হ’ব যেতিয়া এই সন্ধানত আপুনি আপোনাৰ গভীৰ আন্ধাৰ আকাংক্ষা বোৰৰ সন্মুখীন হয়?ভাস্কৰ হাজৰিকা দ্বাৰা পৰিচালিত এই চলচ্চিত্ৰ খনে আৱেগ, আকাংক্ষা আৰু নৈতিকতা অন্বেষণ কৰে,যেতিয়া লৈকে এই সকলোবোৰ এক বিপদ জনক,ৰোমাঞ্চকৰ ককতেলত মিহলি নহয়।নিউয়ৰ্কৰ ট্ৰিবেকা চলচ্চিত্ৰ মহোৎসৱ আৰু চিংগাপুৰত অনুষ্ঠিত দক্ষিণ এছিয়াৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভ কৰি এমিছে অক্টোবৰ ১ তাৰিখে SonyLIV ত মুক্তি পাবলৈ সাজু হৈছে।গুৱাহাটীত পটভূমি থকা আমিষে নির্মালী(লিমা দাস) নামৰ এগৰাকী বিবাহিত চিকিৎসকৰ কাহিনী বৰ্ণনা কৰিছে,যি উত্তৰ পূব ভাৰতৰ খাদ্য খাদ্যভ্যাসৰ ওপৰত গৱেষণা কৰি থকা পিএইচডিৰ এজন যুৱ ছাত্ৰ সুমনক লগ পায়।লাহে লাহে বন্ধুত্ব গঢ়ি উঠে আৰু সুমনে নির্মালীক ইয়াৰ বিষয়ে শিকিবলৈ আৰম্ভ কৰে।নিষিদ্ধ প্ৰেমৰ বিষয়বস্তু আৰু এজনৰ ভোকৰ সীমাৰ চাৰিওফালে ঘূৰি থকা নির্মালী আৰু সুমনৰ সম্পৰ্কৰ আন্ধাৰ আকাংক্ষাবোৰ সন্মুখলৈ আহে।কিন্ত তেওঁলোকৰ জলন্ত আকাংক্ষা কঢ়িয়াবলৈ কিমান দূৰ যাব পাৰিব?আপুনি ৰেখাডাল ক’ত আঁকিব? নে আপুনি একেবাৰে নাকে?পুনম দেউল আৰু শ্যাম বৰাৰ দ্বাৰা প্ৰযোজিত আমিষৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে নৱাগত লিমা দাস আৰু অৰ্ঘদীপ বৰুৱা, নীতালী দাস,সাগৰ সৌৰভ আৰু মানস কে দাসে মুখ্য চৰিত্ৰত অভিনয় কৰিছে।
Trending
- Emergency Flood Preparedness Meeting Held in Kamrup
- ৰাজ্যৰ পাঁচ জিলাৰ স্বাস্থ্য ব্যৱস্থাৰ বিস্তৃত পৰ্যালোচনা : গুণগত আৰু সুলভ স্বাস্থ্যসেৱা নিশ্চিতকৰণত গুৰুত্ব মন্ত্ৰী অশোক সিংহলৰ
- এয়াৰটেল হটস্পট সেৱাৰ গতি অব্যাহত
- Agriculture Minister Pijush Hazarika distributes MMUA cheques to 22,818 beneficiaries in Dhing
- ধুবুৰী, কোকৰাঝাৰকে ধৰি পাঁচখন জিলাৰ স্বাস্থ্য ব্যৱস্থাৰ পৰ্যালোচনা
- বিশ্বকাপৰ উন্মাদনাৰ মাজতে গুৱাহাটীত সাংবাদিকৰ দুভৰিৰ যাদু
- Agriculture Minister Pijush Hazarika visits Khumtai constituency in Golaghat and takes stock of projects, interacts with farmers
- অসম চৰকাৰ শিল্প, বাণিজ্য আৰু ৰাজহুৱা উদ্যোগ বিভাগ উদ্যোগত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান
- ২০ জুলাইৰ পৰা লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ নতুন টার্মিনেলত আৰম্ভ হ’ব ইণ্ডিগ’ৰ বিমান সেৱা
- NSE signs strategic collaboration with Augmont to strengthen India’s Electronic Gold Receipts (EGR) ecosystem