আগ্ৰাৰ তাজমহল সকলোৰে পৰিচিত।ছাহজাহানে মমতাজৰ স্মৃতিত গঢ়া তাজমহলৰ সৌন্দর্য্য চালে চকুৰুৱা।সেয়া এক প্ৰেমৰ আৰ্হি।এতিয়া গুৱাহাটী মহানগৰীৰ হাতীগাঁৱ সিজুগুৰিতো এটা সৰু তাজমহল গঢ়ি তুলিলে তিনিজন ভাতৃয়ে।এয়া অৱশ্যে কোনো ছাহজাহান মমতাজৰ প্ৰেমৰ নিদৰ্শন নহয়,এয়া তিনি পুত্ৰৰ পিতৃ মাতৃৰ প্ৰতি থকা মৰমৰ নিদৰ্শন ।হজৰত মুৰ্ত্তাজা আলি শ্বাহ ছফবীৰ স্মৰণত তাজমহলৰ আৰ্হিত নিৰ্মাণ কৰা এই মাঝাৰ এতিয়া সৰ্বত্ৰ চৰ্চিত।পচন্দৰ আৰ্হিত বনাবলৈ এই তাজমহলটো তিনিবাৰকৈ ভঙা হৈছিল।ডা: জাকিৰ হুছেইনৰ নেতৃত্বত আৰ্থিক দান বৰঙণিৰে নিৰ্মাণ কৰি থকা তাজমহলটোত বৰ্তমানলৈকে ৪০ লাখৰো অধিক টকা খৰচ হৈছে।স্থানীয় লোকৰ সহযোগিতাত প্ৰায় তিনিবছৰ ধৰি গঢ়ি তোলা এই মাঝাৰৰ কাম এতিয়াও সম্পূৰ্ণ হৈ উঠা নাই।২০১৮ বৰ্ষৰ ২৫ নৱেম্বৰত মুকলি কৰা এই সুউচ্চ তাজমহলটো এতিয়া আকৰ্ষণৰ কেন্দ্ৰ।তাজমহলটোৰ চোৱা চিতা কৰিবলৈ মানুহো ৰখা হৈছে।২৪ঘণ্টাই খোলা থকা এই মিনি তাজমহল চাবলৈ আপোনালোকো আহিব পাৰে।পৰ্যটকৰ সুবিধাৰ্থে শৌচালয়ো নিৰ্মাণ কৰা হৈছে।অনাগত দিনত পাৰ্কো হোৱাৰ সম্ভাৱনা আছে বুলি জানিবলৈ দিয়ে মিনি তাজমহলত কৰ্মৰত ব্যক্তিয়ে।খবৰ যুগুতালে গীতাঞ্জলি গগৈয়ে।
Trending
- দেশ – বিদেশৰ বহু গৱেষকৰ উপস্থিতিত শ্বিলঙত জুবিন গাৰ্গৰ সোঁৱৰণত দুদিনীয়াকৈ প্ৰথম ৰাষ্ট্ৰীয় আলোচনা চক্ৰ সম্পন্ন
- নেৰানেপেৰা বৰষুণ, ফিৰফিৰিয়া বতাহৰ বাবে অসমত আবতৰীয়া শীত
- কামৰূপ মহানগৰত ই ভি এম আৰু ভিভিপিএটিৰ ৰেণ্ডমাইজেশ্যন সম্পন্ন
- ড° তপন দাসৰ সমৰ্থনত পিযুষ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ
- এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন
- ৰাজ্যজুৰি ভোটাৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি