আজি ৮ মাৰ্চ আন্তৰ্জাতিক নাৰী দিৱস। সমগ্ৰ দেশৰ লগতে আজিৰ দিনতো অসমতো নাৰী দিৱস উদযাপিত হয়। বিশেষকৈ নাৰী স্বাধীনতা, সুৰক্ষা তথা অধিকাৰৰ সন্দৰ্ভত বিভিন্ন অনুষ্ঠান- প্ৰতিষ্ঠানে নাৰী দিৱস উদযাপন কৰে। আজি দিছপুৰ প্ৰেছ ক্লাৱত সাংবাদিক সুৰক্ষা মঞ্চ অসমৰ উদ্যোগত সাংবাদিক সকলক সম্বৰ্দ্ধনা জনোৱা হয়। বিশেষকৈ সংবাদ ক্ষেত্ৰৰ লগত জড়িত অসমৰ বিভিন্ন অঞ্চলৰ ১০ গৰাকী মহিলা সাংবাদিকক সুৰক্ষা মঞ্চৰ পৰা উৎসাহিত তথা সন্মান প্ৰদৰ্শনৰ অৰ্থে গামোচা, জাপি, মানপত্ৰই সন্মান প্ৰদান কৰে। এই অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি আধিবক্তা, সমাজকৰ্মী জোনমণি দেৱী খাউণ্ডে নাৰীৰ সুৰক্ষা, অধিকাৰ, তথা ৮ মাৰ্চৰ নাৰী দিৱসৰ প্ৰাসাংগিকতাৰ ওপৰত আলোকপাত কৰে। স্মতৰ্ব্য যে এই অনুষ্ঠানটোত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা সাংবাদিক সকলে অংশগ্ৰহণ কৰে।
2 Comments


Thnx Sangita
good job