আজি ৮ মাৰ্চ আন্তৰ্জাতিক নাৰী দিৱস। সমগ্ৰ দেশৰ লগতে আজিৰ দিনতো অসমতো নাৰী দিৱস উদযাপিত হয়। বিশেষকৈ নাৰী স্বাধীনতা, সুৰক্ষা তথা অধিকাৰৰ সন্দৰ্ভত বিভিন্ন অনুষ্ঠান- প্ৰতিষ্ঠানে নাৰী দিৱস উদযাপন কৰে। আজি দিছপুৰ প্ৰেছ ক্লাৱত সাংবাদিক সুৰক্ষা মঞ্চ অসমৰ উদ্যোগত সাংবাদিক সকলক সম্বৰ্দ্ধনা জনোৱা হয়। বিশেষকৈ সংবাদ ক্ষেত্ৰৰ লগত জড়িত অসমৰ বিভিন্ন অঞ্চলৰ ১০ গৰাকী মহিলা সাংবাদিকক সুৰক্ষা মঞ্চৰ পৰা উৎসাহিত তথা সন্মান প্ৰদৰ্শনৰ অৰ্থে গামোচা, জাপি, মানপত্ৰই সন্মান প্ৰদান কৰে। এই অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি আধিবক্তা, সমাজকৰ্মী জোনমণি দেৱী খাউণ্ডে নাৰীৰ সুৰক্ষা, অধিকাৰ, তথা ৮ মাৰ্চৰ নাৰী দিৱসৰ প্ৰাসাংগিকতাৰ ওপৰত আলোকপাত কৰে। স্মতৰ্ব্য যে এই অনুষ্ঠানটোত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা সাংবাদিক সকলে অংশগ্ৰহণ কৰে।
Trending
- বাৰিষাৰ প্ৰতিকূল পৰিস্থিতিত যান-বাহন ব্যৱহাৰকাৰীলৈ সতৰ্কবাণী পৰিবহণ বিভাগৰ
- সাংস্কৃতিক বিভাগৰ অধীনৰ বিভিন্ন বিষয়ৰ সন্দৰ্ভত সাংস্কৃতিক মন্ত্রী বিমল বড়াৰ অধ্যক্ষতাত বৈঠক
- Northeast’s Maritime Future Brightens: Union Minister Announces ₹1,500 Crore Investment in Waterway Projects
- খানামুখত পৰীক্ষিত হালৈৰ প্ৰবন্ধ সংকলন ভিন্নসুৰী উন্মোচন
- Celebration of National Technology Day 2025 at DRL-DRDO, Tezpur
- ৰাজ্যৰ বান ব্যৱস্থাপনা প্ৰস্তুতি সম্পৰ্কত পৰ্যালোচনা কৰিলে অসমৰ মুখ্য সচিবে
- ভাৰতীয় সেনা-পৰিয়ালৰ অসামান্য সেৱাৰ প্ৰতি সন্মান জনাই পৰিবহণৰ বিশেষ জনসেৱা কাৰ্যসূচী আৰম্ভ
- এয়াৰটেলে বিশ্বৰ জালিয়াতি ধৰা পেলোৱা সমাধান মুকলি কৰে
- Minister Jayanta Mallabaruah Inspects Desiltation Works Across Guwahati
- ২৯ মে’ৰ পৰা অসম সহ দেশজুৰি বিকশিত কৃষি সংকল্প অভিযান সভা
2 Comments
Reply To chandan bora
Cancel Reply
Thnx Sangita
good job