আজি শুভাৰম্ভ হ’ল এখন বিশেষ চিনেমা “ৰাফ এণ্ড টাফ”। উল্লেখযোগ্য যে দিনৰ ১১:৩০ বজাত মহানগৰীৰ “গ্ৰেণ্ড চিনে” হলত এই চিনেমাখনৰ বিশেষ প্ৰদৰ্শনী হয়। কালিলৈ সমগ্ৰ অসমতে ৪৬ টা হলত বিভিন্ন সময়তে দৰ্শকে চিনেমাখন উপভোগ কৰিবলৈ পাব। স্মৰ্তব্য যে গতানুগতিক কাহিনীৰ বিপৰীতে সম্পূৰ্ণ নতুনত্ব সোৱাদ ল’ব পৰা “ৰাফ এণ্ড টাফ” এখন বাণিজ্যিক চিনেমা। নীতি, আদৰ্শ, আবেগ আৰু নতুন ধৰণৰ প্ৰেম কাহিনীয়ে চিনেমাখনৰ মুল উপজীব্য। মনকৰিবলগীয়া যে nefocus.com য়ে এইক্ষেত্ৰত সহযোগী হিচাপে সহযোগীতা আগবঢ়াই আহিছে। ইনস্পেকটৰ ৰবিন চৌধুৰী আৰু ডাক্তৰ কাশ্মিৰীৰ প্ৰেম কাহিনীয়ে চিনেমাখনক সোণত সুৱগা চৰাইছে। ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে গুঞ্জন আৰু নবাগতা গাৰ্গীয়ে। স্মতৰ্ব্য যে চিনেমাখনৰ কাহিনী আৰু পৰিচালক মণি সিনহা আৰু প্ৰযোজক নৰেন্দ্ৰ এম সিনহা। ইচ্ছুক চিনেমা প্ৰেমীয়ে কালিলৈ চিনেমাখন সকলো হলতে উপভোগ কৰিব পাৰিব।
Trending
- ড° তপন দাসৰ সমৰ্থনত পিযুষ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ
- এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন
- ৰাজ্যজুৰি ভোটাৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন

