বিশ্বৰ লগতে গুৱাহাটীতো পথ দুৰ্ঘটনাত নিহত সকলক স্মৰণ কৰাৰ উদ্দেশ্যে কনজিউমাৰছ লিগেল প্রটেক্টছন ফৰাম অসমৰ উদ্যোগত আৰু কনজিউমাৰ ভয়েছ, নতুন দিল্লী তথা চাকছু, গুৱাহাটীৰ সহযোগত দেওবাৰে পুৱা এক শান্তি সমদল উলিয়াই । গুৱাহাটী চিকিৎসা মহাবিদ্যালয় পথৰ পৰা পুৱা ৭ বজাত আৰম্ভ হোৱা এই শান্তি সমদলত সমাজৰ বিভিন্ন স্তৰৰ নাগৰিক, ছাত্ৰ সমাজ, পথ দুৰ্ঘটনাত আহত লোক, নিহত লোকৰ পৰিয়াল, সংবাদ কৰ্মী অংশ লৈ ৰাজ্যৰ পথ সুৰক্ষা ব্যৱস্থা অধিক শক্তিশালী কৰিবলৈ দাবী জনায়।শান্তি সমদল উদ্বোধন কৰি এন.ই.এফ আইন মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ডঃ কৰবী বৰ্মণে কয়- পথ সুৰক্ষাৰ কঠোৰ আইনৰ দ্বাৰাহে দুৰ্ঘটনাত হতাহঁতৰ সংখ্যা হ্ৰাস কৰাটো সম্ভৱ। প্ৰতি বছৰে আমাৰ দেশত প্ৰায় ডেৰ লাখ লোকে দুৰ্ঘটনাত প্ৰাণ হেৰুৱায়। তথ্য অনুসৰি প্ৰতিদিনে গড় হিচাপত দেশত ১,২৭৩ টা পথ দুৰ্ঘটনা সংঘটিত হয় যত ৪০৫ জনকৈ লোক নিহত হয়।শান্তি সমদলৰ আৰম্ভনিত কনজিউমাৰছ লিগেল প্রটেক্টছন ফৰাম, অসমৰ সচিব অধিবক্তা অজয় হাজৰিকাই কয় যে চলিত বৰ্ষৰ জানুৱাৰী মাহৰ পৰা মাৰ্চ মাহলৈ অসমত ২৪০০ টা পথ দুৰ্ঘটনা সংঘটিত হয় যত ২০০০ লোক আহত আৰু ৯২৮ গৰাকী লোক নিহত হয়। বিশ্বত ১৫-২৯ বছৰ বয়সৰ লোক পথ দুর্ঘটনাত অধিক নিহত হয়। চলিত বৰ্ষৰ প্ৰথম তিনি মাহত দেশত ১১৮১৭৫ টা পথ দুৰ্ঘটনা সংঘটিত হয় যত ১১৯২৬০ লোক আহত আৰু ৩৯২৬৮ লোক নিহত হয়।সমদলত অংশ লৈ চাকছু, গুৱাহাটীৰ মুৰব্বী জুলী কাকতিয়ে কয় যে, শক্তিশালী পৰিবহন আইনৰ জৰিয়তেহে পথ দুৰ্ঘটনাৰ সংখ্যা হ্ৰাস কৰাটো সম্ভৱ। ২০২০ চনৰ ভিতৰত পথ দুৰ্ঘটনাৰ সংখ্যা বৰ্তমানৰ তুলনাত ৫০% হ্ৰাস কৰিবলৈ ভাৰত ৰাষ্ট্ৰসংঘৰ ওচৰত প্ৰতিশ্ৰুতিবদ্ধ। পৰিসংখ্যা অনুসৰি পথ দুৰ্ঘটনাত আহত বা নিহত সকলৰ ভিতৰত অধিকাংশই খাটি খোৱা শ্রেণীৰ লোক হয়। এনে লোক পথ দুৰ্ঘটনাত নিহত হলে তেওঁলোকৰ পৰিয়াল কিদৰে আৰ্থিক আৰু মানসিক ভাৱে বিধস্ত হবলগীয়া হয় সেই বিষয়ে বিস্তৃত ভাবে বৰ্ণনা কৰে।পথ দুৰ্ঘটনাত নিহত সকলক শ্ৰদ্ধাঞ্জলি জনাই অসম চৰকাৰৰ কৰ পৰিদৰ্শক ৰাতুল মহন্তই যানবাহন আইন- ২০১৯ ৰ নিয়ম সমূহ পলম কৰি পথ দুৰ্ঘটনা ৰোধ কৰাত সহায় কৰিবলৈ প্ৰতিগৰাকী লোকক আহ্বান জনাই কয় – বিশ্বৰ বিভিন্ন প্ৰান্তত পথ দুৰ্ঘটনাত নিহত সকলক স্মৰণ কৰাৰ জৰিয়তে পথ দুৰ্ঘটনাত সন্দৰ্ভত ৰাইজৰ মাজত সজাগতা বৃদ্ধিৰ লক্ষ্যৰে সমগ্ৰ বিশ্বতে নৱেম্বৰ মাহৰ তৃতীয় দেওবাৰে এই বিশেষে দিনটো পালন কৰা হয়।প্ৰতিগৰাকী লোকে পথ সুৰক্ষা ব্যৱস্থাৰ দ্বাৰা সৰ্বসাধাৰন লোকৰ জীৱন ৰক্ষা কৰাৰ বাবে চৰকাৰক আহ্বান জনায়। শান্তি সমদলৰ শেষত উপস্থিত লোক সকলে বন্তি প্ৰজ্বলন কৰি পথ দুৰ্ঘটনাত নিহত সকলো লোকলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
Trending
- দেশ – বিদেশৰ বহু গৱেষকৰ উপস্থিতিত শ্বিলঙত জুবিন গাৰ্গৰ সোঁৱৰণত দুদিনীয়াকৈ প্ৰথম ৰাষ্ট্ৰীয় আলোচনা চক্ৰ সম্পন্ন
- নেৰানেপেৰা বৰষুণ, ফিৰফিৰিয়া বতাহৰ বাবে অসমত আবতৰীয়া শীত
- কামৰূপ মহানগৰত ই ভি এম আৰু ভিভিপিএটিৰ ৰেণ্ডমাইজেশ্যন সম্পন্ন
- ড° তপন দাসৰ সমৰ্থনত পিযুষ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ
- এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন
- ৰাজ্যজুৰি ভোটাৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি