এজন সাধাৰণ ব্যক্তি ।কিন্তু তেখেতৰ অসাধাৰণ কৰ্মৰ বাবে সৰ্বত্ৰে চৰ্চা লাভ কৰিছে ।ব্যক্তিজনৰ নাম দিপেন শৰ্মা।পেছাত এজন এম্বুলেঞ্চ চালক ।মহানগৰীৰ দিপেন শৰ্মাই আজৰি সময়ত সাজি উলিয়াইছে বিভিন্ন সা সামগ্ৰী ।নাৰিকলৰ খোলা, কাঠ বাঁহত তেখেতে সাজি উলিয়াইছে ৫০ বিধ চৰাই,৬বিধ মাছ, বিভিন্ন ফলমূলৰ লগতে বহুতো সা সামগ্ৰী ।জানি সুখী হ’ব যে দিপেন শৰ্মাই বিভিন্ন সময়ত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সমূহক প্ৰদৰ্শন কৰি আহিছে ।কোনো ধৰণৰ আনুষ্ঠানিক শিক্ষা গ্ৰহণ নকৰাকৈ তেখেতে নিখুতৰুপে সামগ্ৰী সমূহ প্ৰস্তুত কৰিছে।ছাত্ৰ ছাত্ৰীৰ বৌদ্ধিক বিকাশৰ প্ৰতি লক্ষ্য ৰাখি সমূহ সামগ্ৰী বিদ্যালয়ে বিদ্যালয়ে প্ৰদৰ্শন কৰিছে।সৃষ্টিশীল কৰ্ম আৰু সমাজ সেৱা মনোভাৱৰ বাবে আজি দিপেন শৰ্মা সকলোৰে মাজত বিশেষ হৈ পৰিছে ।
Trending
- কটন বিশ্ববিদ্যালয়ত সবল গণতন্ত্ৰৰ হকে ভোটদানৰ বাবে সজাগতা অনুষ্ঠান
- ধুবুৰী জিলাত মুখ্য নিৰ্বাচনী বিষয়া উপস্থিত
- দীনজ্যোতি ফাউণ্ডেশ্যনৰ উদ্যোগত শ্ৰমিক দিৱস উদযাপন
- পাটাছাৰকুছি প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠা দিৱস উদযাপন
- শ্ৰমিক দিৱসত ব্যতিক্ৰমী কৰ্মেৰে উদ্ভাসিত ঢকুৱাখনাৰ পাপু দত্ত
- Experience Trial voting through Virtual Reality in Kamrup election district
- গুৱাহাটী লোকসভা নিৰ্বাচনৰ সাধাৰণ পৰ্যবেক্ষকৰ পৰ্যালোচনা সভা
- আজাৰা সাহিত্য সভাৰ ফেচবুক পৃষ্ঠা উন্মোচন
- অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ পদক্ষেপ
- ভোটদানৰ সজাগতাৰ লক্ষ্যৰে মহানগৰীত চাইকেল ৰেলী