ৰেড বুল পেপাৰ উইঙচ প্ৰতিযোগিতা সম্পন্ন

0 245

ভাৰতলৈ প্ৰত্যাবৰ্তন ঘটা সৰ্ববৃহৎ পেপাৰ প্লেন  প্ৰতিযোগিতাৰ পঞ্চম সংস্কৰণ ৰেড্ বুল পেপাৰ উইঙ্গচ্ – ২০১৯ প্ৰতিযোগিতাখনি এইবাৰ গুৱাহাটীৰ পশ্চিম প্ৰান্তত  আজাৰাৰ ডনবস্কো ইউনিভাৰ্চিটিত কালি বিয়লিৰ পৰা আৰম্ভ হৈ নিশা প্ৰায় ৯ বজাত অন্ত পৰে। দুটা বিভাগত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনিত বিশ্ববিদ্যালয়খনৰ ৮৩ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰি কাগজৰ উৰাজাহাজ উৰুৱাই এক সুকীয়া পৰিবেশ সৃষ্টি কৰে। নিজৰ কলা সূলভ মনৰে নিজে তৈয়াৰ কৰা কাগজৰ উৰাজাহাজ প্ৰতিযোগী সকলে আৰ্হি প্ৰদৰ্শন কৰি দুটা শাখা ক্ৰমে দীৰ্ঘতম দূৰত্ব আৰু দীৰ্ঘকালীন উৰণ সময়ত  ভাগ লৈ কাগজৰ উৰাজাহাজ উৰুৱাই। এই প্ৰতিযোগিতাত ডনবস্কো বিশ্ববিদ্যালয়ৰ ছাত্র জেডিয়েল চামাৰ আৰু বিকাশ কুমাৰ প্ৰধানে ক্ৰমে দীৰ্ঘতম্ দূৰত্ব ২৩.৯০ মিটাৰ আৰু দীৰ্ঘকালীন উৰণ ৮. ৬০ চেকেণ্ড সময় চমকপ্ৰদ প্ৰদৰ্শন দাঙি ধৰি তেওঁলোকে আগন্তুক এপ্ৰিল মাহত অনুষ্ঠিত হ’ব লগীয়া ৰাষ্ট্ৰীয় চূড়ান্ত প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰাৰ সুযোগ লাভ কৰে। উল্লেখ্য যে ৰাষ্ট্ৰীয় এই প্ৰতযোগিতাত বিজয়ী সকলে অষ্ট্ৰিয়াত অনুষ্ঠিত হব লগীয়া আইকনিক হেঙ্গাৰ – ৭ বিশ্ব চূড়ান্ত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰিব।ৰেড্ বুল পেপাৰ ইউঙ্গচ্ বিশ্ব চেম্পিয়ন প্ৰতিযোগিতা লৈ সমগ্ৰ বিশ্বৰ ছাত্র ছাত্ৰীয়ে অংশগ্ৰহণ কৰিব। খবৰ যুগুতালে মিৰ্জাৰ পৰা জীতুমণী দাসে..

Leave A Reply

Your email address will not be published.