ৰেলৱেৰ সময়সূচী সলনি সম্পৰ্কত

0 250

গুৱাহাটী আৰু নতুনদিল্লীৰ আনন্দ বিহাৰ টাৰ্মিনাছৰ মাজত দীৰ্ঘদিন ধৰি চলাচল কৰি থকা গুৱাহাটী আনন্দ বিহাৰ নৰ্থ ইষ্ট এক্সপ্ৰেছ খন অহা ১৭মাৰ্চৰ পৰা গুৱাহাটী ৰেল ষ্টেচনৰ সলনি কামাখ্যা ষ্টেচনৰ পৰা চলাচল কৰিব।এন এফ ৰেলৱেৰ জনসম্পৰ্কৰক্ষী বিষয়া নৰেন্দ্ৰ ভট্টাচাৰ্যই জানিবলৈ দিয়া মতে ৰেলৱে কৰ্তৃপক্ষই গতি বৃদ্ধি আৰু গুৱাহাটী ৰেলৱে ষ্টেছনৰ অতিৰিক্ত বোজা লাঘৱ কৰাৰ অংশ হিচাপে ১৭মাৰ্চৰ পৰা নৰ্থ ইষ্ট এক্সপ্ৰেছ খন গুৱাহাটীৰ সলনি কামাখ্যা ষ্টেচনৰ পৰা চলাচল কৰোৱাৰ বাবে এন এফ ৰেলৱেই সিদ্ধান্ত গ্ৰহণ কৰিছে।তেনেদৰে যাত্ৰাৰ সময়সূচী অনুসৰি ১৭মাৰ্চৰ পৰা বিয়লি ৪.২৫বজাৰ কামাখ্যা ষ্টেচনত ৰেলখনে যাত্ৰা আৰম্ভ কৰিব আৰু ১৯মাৰ্চৰ পুৱা ১০বজাত গৈ আনন্দ বিহাৰ পাব।তেনেদৰে ১৯মাৰ্চত ৰেলখনে আনন্দ বিহাৰৰ পৰা সন্ধিয়া ৭.২০ বজাত কামাখ্যা ষ্টেচনৰ অভিমুখে যাত্ৰা কৰি ২১মাৰ্চৰ ৬.৪৫ বজাত আহি কামাখ্যা ষ্টেচন পাব।

Leave A Reply

Your email address will not be published.