মানৱীয়তাৰ কেতিয়াও অপমৃত্যু নহয়।যুগে যুগে ৰৈ যায় তাৰেই নিচান।আপ্তবাক্য শাৰীক আখৰে আখৰে প্ৰতিপন্ন কৰি তুলিছে এগৰাকী মহিলাই ।তেজপুৰৰ মাজগাঁৱৰ পল্লৱী বৰা নামৰ মহিলাগৰাকীয়ে তেখেতৰ প্ৰয়াত স্বামীৰ স্মৃতি যুগমীয়া কৰাৰ বাবে বিভিন্ন পন্থা হাতত লৈছে।জানি সুখী হ’ব যে তেখেতে গ্ৰহণ প্ৰতিটো পন্থাৰ অন্তৰালত সমাজ কল্যাণমূলক কামৰ প্ৰসংগ অন্তনিহিত হৈ আছে ।উল্লেখযোগ্য যে যোৱা ৫ ডিচেম্বৰত কৰ্তব্যৰত অৱস্থাত এক দুৰ্ঘটনাত তেখেতৰ স্বামী সঞ্জীৱ বৰাৰ মৃত্যু হৈছিল ।সমগ্ৰ শিক্ষা অভিযানৰ জিলা আঁচনি বিষয়া হিচাপে কৰ্মৰত সঞ্জীৱ বৰাই জীৱিত কালত বিভিন্ন সামাজিক কামৰ লগত জৰিত আছিল।তেখেতৰ কাম আৰু আদৰ্শক শ্ৰদ্ধা জনাই পল্লৱী বৰাই অলপতে প্ৰয়াত সঞ্জীৱ বৰা সোঁৱৰণী জন কল্যাণমূলক প্ৰতিষ্ঠান শীৰ্ষক এক অনুষ্ঠানৰ জন্ম দিয়ে।স্মতব্য যে কালি এই অনুষ্ঠানটোৰ উদ্যোগত অসমৰ বিভিন্ন জিলা যেনে শিৱসাগৰ, চৰাইদেউ, বিশ্বনাথ চাৰিআলি, দৰং, লক্ষিমপুৰ আৰু কামৰূপ মহানগৰত বিভিন্ন জনসজাগতামূলক অনুষ্ঠান অনুষ্ঠিত কৰে।চিত্ৰাংকন প্ৰতিযোগিতা, বাটৰ নাটৰ প্ৰদৰ্শন, পোষ্টাৰ প্ৰতিযোগিতা,বৃক্ষৰোপন ,সজাগতা সভা আদিবোৰ অনুষ্ঠিত হয় ।জানিব পৰা মতে প্ৰয়াত সঞ্জীৱ বৰা সোঁৱৰণী জনকল্যাণ প্ৰতিষ্ঠানে আগন্তুক দিনটোও সামাজিক জনকল্যাণমূলক বিভিন্ন কাম কৰি যাব ।এটা মহৎ উদ্দেশ্যেৰে জন্ম লাভ কৰা প্ৰতিষ্ঠানটোৰ উত্তৰণ কামনা কৰিলো।
Trending
- প্ৰকৃতিপ্ৰেমী মঞ্চ অসমৰ জহামাল উদ্ধাৰ
- প্ৰতিকূল বতৰকো নেওচি সৰ্বানন্দ সোণোৱালৰ সমৰ্থনত ওলাই আহিল হাজাৰ হাজাৰ লোক-ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিজেপি নেতৃত্বাধীন এনডিএ-ৰ প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে
- পল্টন বজাৰত বহুভাষিক কাব্য সন্ধ্যা অনুষ্ঠিত
- Dr. Buljit Buragohain at the Annual Lecture Program of the Department of Education B Borooah College
- কাহিলীপাৰাত প্ৰসিদ্ধ সাহিত্যিক, সমালোচক ড০ গোবিন্দ প্ৰসাদ শৰ্মাক পৰাগজ্যোতি প্ৰকাশনৰ সম্বৰ্দ্ধনা
- এইচ ডি এফ চি বেংকে সমগ্ৰ ভাৰতত ৬০ টা বেংকিং আউটলেট উদ্বোধন
- কামৰূপ মহানগৰ জিলা নেহেৰু যুৱ কেন্দ্ৰৰ উন্নয়ন খণ্ড ভিত্তিত ক্ৰীড়া উৎসৱ
- বিশ্ব কবিতা দিৱসত কবিতাৰ বৰষুণ
- গুৱহাটীত দুখন আই পি এল মেচ খেলিব ৰাজস্থান ৰয়েলছে- নিশ্চিত কৰিলে দলৰ অধ্যক্ষ অসমৰ ৰঞ্জিত বৰঠাকুৰে
- জিএন আৰ চি হাস্পাতালত বিশ্ব মগজুৰ আঘাত সংক্ৰান্তীয় সজাগতা দিৱস পালন