আজি দিনৰ ১১ বজাত অসম সাহিত্য সভাৰ নেহা আগৰৱালা সোঁৱৰণী সভাকক্ষ গৃহত উদয়ীমান লেখিকা ডঃ নিশিগন্ধা তালুকদাৰৰ সম্পাদনাত প্ৰকাশিত জনপ্ৰিয় নাট্যকাৰ হিমেন্দ্ৰ বৰঠাকুৰৰ নাট্যসম্ভাৰ আৰু আলোচনা শীৰ্ষক গ্ৰন্থ খন আনুষ্ঠানিক ভাৱে উন্মোচন কৰা হয়। বিশিষ্ট লেখক সমালোচক তথা কটন কলেজৰ প্ৰাক্তন অধ্যক্ষ ডঃ সীতানাথ লহকৰৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম সাহিত্য সভাৰ সভাপতি ডঃ পৰমানন্দ ৰাজবংশী আনহাতে নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে ডিব্ৰুগড় বিশ্ববিদ্যালয় ইংৰাজী বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক ডঃ পোনা মহন্ত আৰু গুৱাহাটী বিশ্ববিদ্যালয় অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক ডঃ প্ৰাঞ্জল শৰ্মা বশিষ্ঠ।উল্লেখযোগ্য যে গ্ৰন্থ খন আনুষ্ঠানিক ভাৱে শুভ উন্মোচন কৰে অসম বাণী কাকতৰ মুখ্য সম্পাদক দিলীপ চন্দনে। উল্লেখযোগ্য যে ডিমৰীয়া মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপিকা ডঃ নিশিগন্ধা তালুকদাৰ ইতিমধ্যে গল্পকাৰ, নাট্য গৱেষক হিচাপে প্ৰতিষ্ঠা লাভ কৰিছে । ইয়াৰ পূৰ্বে তেওঁ তিনিখন গ্ৰন্থ প্ৰকাশ কৰি সমাদৰ লাভ কৰিব সক্ষম হৈছে।খবৰ যুগুতালে হীৰক জ্যোতিয়ে..
Trending
- কামৰূপ মহানগৰত নিৰ্বাচনী প্ৰস্তুতি চূড়ান্ত পৰ্যায়ত-জিলা নিৰ্বাচন বিষয়াৰ বিশেষ পৰ্যালোচনা সভা
- Medical conference by Indian Army on high altitude illness
- চাৰি সহস্ৰাধিকৰ উপস্থিতিত গুৱাহাটীত যুৱ মৰ্চাৰ যুৱ সমাৰোহ
- পৰাগজ্যোতি প্ৰকাশনৰ প্ৰশংসনীয় পদক্ষেপ প্ৰসিদ্ধ ভাষাবিদ, সাহিত্যিক,গৱেষক ড০ নাৰায়ণ দাসক সম্বৰ্দ্ধনা
- এয়াৰটেল ফাউণ্ডেচনে স্কুল এক্সেলেন্স প্ৰগ্ৰেমৰ অধীনত ১১০০ৰো অধিক চৰকাৰী বিদ্যালয়ৰ শিক্ষক আৰু প্রধান শিক্ষকৰ সক্ষমতা কাৰ্য্যসূচী ৰূপায়ন
- কটন বিশ্ববিদ্যালয়ত সবল গণতন্ত্ৰৰ হকে ভোটদানৰ বাবে সজাগতা অনুষ্ঠান
- ধুবুৰী জিলাত মুখ্য নিৰ্বাচনী বিষয়া উপস্থিত
- দীনজ্যোতি ফাউণ্ডেশ্যনৰ উদ্যোগত শ্ৰমিক দিৱস উদযাপন
- পাটাছাৰকুছি প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠা দিৱস উদযাপন
- শ্ৰমিক দিৱসত ব্যতিক্ৰমী কৰ্মেৰে উদ্ভাসিত ঢকুৱাখনাৰ পাপু দত্ত