চ’চিয়েল মেডিয়াত আজিৰ দিনটোত ভাইৰেল হোৱা এখন বিশেষ ছবি। ছবি খন কিন্তু কোনো চেলেবিটি অথবা ৰাজনৈতিক নেতাৰ নহয়।ছবিখন এটা সাধাৰণ শিশুৰহে।ছবিখনে কেৱল শিশু এটাৰ পবিত্ৰ মনৰ পৰিচয় দাঙি ধৰা নাই ,ই নিদৰ্শন দেখুৱাইছে মানৱীয়তাৰ এখন প্ৰতিছবিও।আচলতে সমাজত নায়ক বা খলনায়ক হ’বলৈ বেছি সময়ৰ প্ৰয়োজন নালাগে।আজি দিনটোত এই বিশেষ ছবিখনে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিবলৈ সক্ষম হৈছে ।মিজোৰামৰ চাইৰাঙৰ এটা শিশুৱে চাইকেল চলাই খেলি থাকোতে চুবুৰীয়াৰ ঘৰত পোহা কুকুৰা এটা চাইকেলৰ চকাত সোমাই আঘাতপ্ৰাপ্ত হয়।তাৰ পিছত শিশুটোৱে থকা হাতত যি টকা আছিল তাকেলৈ হস্পিতাল পায়গৈ।এহাতে আঘাতপ্ৰাপ্ত কুকুৰা আৰু আনহাতে দহটকীয়া নোট দেখি হস্পিতালৰ কৰ্তৃপক্ষই শিশুটিৰ ছবি ম’বাইলৰ কেমেৰাই বন্দী কৰে।আৰু ছবিখন চ’চিয়েল মেডিয়াত এৰি দিয়ে,ইয়াৰ পিছতেই ছবিখন ভাইৰেল হৈ পৰে।ছবিখন ইতিমধ্যে ৫০হাজাৰো অধিক চেয়াৰ হয় ।বিভিন্ন জনে শিশুটোৰ বিনম্ৰতাক শ্ৰদ্ধা জনাই মন্তব্য আগবঢ়ায়।
Trending
- দীনজ্যোতি ফাউণ্ডেশ্যনৰ উদ্যোগত শ্ৰমিক দিৱস উদযাপন
- পাটাছাৰকুছি প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠা দিৱস উদযাপন
- শ্ৰমিক দিৱসত ব্যতিক্ৰমী কৰ্মেৰে উদ্ভাসিত ঢকুৱাখনাৰ পাপু দত্ত
- Experience Trial voting through Virtual Reality in Kamrup election district
- গুৱাহাটী লোকসভা নিৰ্বাচনৰ সাধাৰণ পৰ্যবেক্ষকৰ পৰ্যালোচনা সভা
- আজাৰা সাহিত্য সভাৰ ফেচবুক পৃষ্ঠা উন্মোচন
- অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ পদক্ষেপ
- ভোটদানৰ সজাগতাৰ লক্ষ্যৰে মহানগৰীত চাইকেল ৰেলী
- নগাঁৱৰ ভিজন একাডেমী চিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ত “ব’হাগৰ এদিন” শীর্ষক উৎসৱ
- ঢকুৱাখনা চেইণ্ট থমাছ স্কুলত ব’হাগৰ এদিন