অসমৰ দুটা প্ৰধান সমস্যাকলৈ ৰাজধানী চহৰ নতুন দিল্লীত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব অসমৰ এজন যুৱকে।অৰ্বীণ কুমাৰ বৰুৱা নামৰ যোৰহাটৰ পুলিবৰৰ যুৱকজনে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে কালিলৈ মনোনয়ন পত্ৰ দাখিল কৰিব।সমৰকলাৰ খেলুৱৈ তথা অভিনেতা অৰ্বীণ কুমাৰ বৰুৱাই মনোনয়ন পত্ৰ দাখিল কৰাৰ প্ৰাক মূহুত্বত এন ই ফ’কাচ ডট কমৰ আগত মনৰ ভাৱ এনেদৰে ব্যক্ত কৰে-নাগৰিকত্ব সংশোধনী বিধেয়ক আৰু ৰাইট টু ৰিকল বিধেয়কক প্ৰধান বিষয় হিচাপে লৈ মই প্ৰতিদ্বন্দ্বিতাৰ বাবে আগবাঢ়িছো।এই ক্ষেত্ৰত মই কও এজন খেলুৱৈয়ে যিদৰে জিকিম বুলিয়েই খেল পথাৰত নামে, মইও জিকিম বুলিয়েই অগ্ৰসৰ হ’ম ।মোৰ সন্মুখত যথেষ্ট প্ৰত্যাহ্বান আছে যদিও মই আশাবাদী ।উল্লেখযোগ্য যে অৰ্বীণ কুমাৰ বৰুৱাই নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিব।ইতিপূৰ্বেও যোৱা ১১এপ্ৰিলত অনুষ্ঠিত হৈ যোৱা যোৰহাট লোকসভা সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছিল।স্মতৰ্ব্য যে বৰুৱা দিল্লীৰ লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাৰ বাবে সাজু হোৱা প্ৰথমজন অসমীয়া ।
Trending
- চাৰি সহস্ৰাধিকৰ উপস্থিতিত গুৱাহাটীত যুৱ মৰ্চাৰ যুৱ সমাৰোহ
- পৰাগজ্যোতি প্ৰকাশনৰ প্ৰশংসনীয় পদক্ষেপ প্ৰসিদ্ধ ভাষাবিদ, সাহিত্যিক,গৱেষক ড০ নাৰায়ণ দাসক সম্বৰ্দ্ধনা
- এয়াৰটেল ফাউণ্ডেচনে স্কুল এক্সেলেন্স প্ৰগ্ৰেমৰ অধীনত ১১০০ৰো অধিক চৰকাৰী বিদ্যালয়ৰ শিক্ষক আৰু প্রধান শিক্ষকৰ সক্ষমতা কাৰ্য্যসূচী ৰূপায়ন
- কটন বিশ্ববিদ্যালয়ত সবল গণতন্ত্ৰৰ হকে ভোটদানৰ বাবে সজাগতা অনুষ্ঠান
- ধুবুৰী জিলাত মুখ্য নিৰ্বাচনী বিষয়া উপস্থিত
- দীনজ্যোতি ফাউণ্ডেশ্যনৰ উদ্যোগত শ্ৰমিক দিৱস উদযাপন
- পাটাছাৰকুছি প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠা দিৱস উদযাপন
- শ্ৰমিক দিৱসত ব্যতিক্ৰমী কৰ্মেৰে উদ্ভাসিত ঢকুৱাখনাৰ পাপু দত্ত
- Experience Trial voting through Virtual Reality in Kamrup election district
- গুৱাহাটী লোকসভা নিৰ্বাচনৰ সাধাৰণ পৰ্যবেক্ষকৰ পৰ্যালোচনা সভা