তেজপুৰ ডেকাৰগাঁওস্থিত গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ মেনেজমেণ্ট এণ্ড টেকন’লজী চমুকৈ জি আই এম টি, তেজপুৰত ১৯ মে’ তাৰিখ ৰবিবাৰে এখনি কেৰিয়াৰ সজাগতা সভা অনুষ্ঠিত কৰা হয় । উল্লেখযোগ্য, উক্ত দিনা মহাবিদ্যালয়খনত অনুষ্ঠিত হোৱা Polytechnic Admission Test (PAT) পৰীক্ষাৰ সময়ছোৱাত পৰীক্ষাৰ্থীসকলৰ সৈতে উপস্থিত থকা অভিভাৱক সকল লগতে অন্যান্য আগ্ৰহী ছাত্ৰ-ছাত্ৰী, অভিভাৱক সকলৰ সহায়ক হোৱাকৈ উক্ত কেৰিয়াৰ সজাগতা সভাখন আয়োজন কৰা হৈছিল। ইয়াৰ পূৰ্বেও যোৱা ৫ মে’ তাৰিখে অনুষ্ঠিত NEET ( National Eligibility cum Entrance Test)পৰীক্ষাৰ সময়ছোৱাতো মহাবিদ্যালয় কৰ্তৃপক্ষৰ তৰফৰ পৰা অনুৰূপ অনুষ্ঠানৰ আয়োজন কৰা হৈছিল । ১৯ মে’ তাৰিখে দিনৰ ১০:৩০ বজাৰ পৰা মহাবিদ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা উক্ত সভাখনত কেৰিয়াৰ সম্পৰ্কীয় বিভিন্ন দিহা-পৰামৰ্শ আগবঢ়ায় মহাবিদ্যালয়খনৰ অধ্যক্ষ তথা ৰাজ্যখনৰ আগশাৰীৰ কেৰিয়াৰ পৰামৰ্শদাতা ড° বুলজিৎ বুঢ়াগোহাঁয়ে । অনুষ্ঠানটোত কেৰিয়াৰ পৰামৰ্শদাতা গৰাকীয়ে ছাত্ৰ-ছাত্ৰী তথা অভিভাৱক সকলৰ বিভিন্ন প্ৰশ্নৰ সমিধান আগবঢ়ায়, লগতে প্ৰতি শনিবাৰে বিয়লি ৬বজাৰৰ পৰা ৯বজালৈ ফোনযোগে আগবঢ়োৱা তেওঁৰ কেৰিয়াৰ পৰামৰ্শৰ বিষয়েও অৱগত কৰে । হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত ছাত্র-ছাত্রীসকলে উচ্চতৰ মাধ্যমিকৰ কলা, বিজ্ঞান , বাণিজ্য শাখা বা বৃত্তিমুখী (vocational) যিকোনো শাখাতে শিক্ষা গ্ৰহণ কৰি নিজৰ দক্ষতা প্রকাশ কৰিব পাৰিলে ছাত্র বা ছাত্রীগৰাকীয়ে সুন্দৰ কেৰিয়াৰ গঢ়াৰ সুবিধা লাভ কৰিব পাৰে সেই বিষয়েও তেওঁ বিশদ বাখ্যা আগবঢ়ায়।
Trending
- পাটাছাৰকুছি প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠা দিৱস উদযাপন
- শ্ৰমিক দিৱসত ব্যতিক্ৰমী কৰ্মেৰে উদ্ভাসিত ঢকুৱাখনাৰ পাপু দত্ত
- Experience Trial voting through Virtual Reality in Kamrup election district
- গুৱাহাটী লোকসভা নিৰ্বাচনৰ সাধাৰণ পৰ্যবেক্ষকৰ পৰ্যালোচনা সভা
- আজাৰা সাহিত্য সভাৰ ফেচবুক পৃষ্ঠা উন্মোচন
- অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ পদক্ষেপ
- ভোটদানৰ সজাগতাৰ লক্ষ্যৰে মহানগৰীত চাইকেল ৰেলী
- নগাঁৱৰ ভিজন একাডেমী চিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ত “ব’হাগৰ এদিন” শীর্ষক উৎসৱ
- ঢকুৱাখনা চেইণ্ট থমাছ স্কুলত ব’হাগৰ এদিন
- দ্বিতীয় পৰ্য্যায়ৰ ভোটগ্রহণ সম্পন্ন