লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ সম্পৰ্কত কামৰূপ মহানগৰ জিলা উপায়ুক্ত কাৰ্য্যালয়ত আজি এখন সংবাদ মেল অনুষ্ঠিত হয়।সংবাদমেলত জিলা উপায়ুক্ত গৰাকীয়ে কয় যে যথেষ্ট কটকটীয়া নিৰাপত্তাৰ মাজত এইবাৰ ভোটগণনা প্ৰক্ৰিয়া হ’ব ।ভোটগণনাৰ সময়চোৱাত মূল কক্ষৰ ভিতৰত ম’বাইল ফোন ব্যৱহাৰ নিষিদ্ধ কৰা হৈছে ।৪টা বিধান সভাৰ সমষ্টিত ৫৬খন কাউণ্টিং টেবুল থাকিব।প্ৰত্যেক জন প্ৰাৰ্থীৰ বিপৰীতে এজন সমৰ্থক প্ৰতিনিধি হিচাপে থাকিব পাৰিব।ই ভি এমত গণনা কৰাৰ পিছতো ভি ভি পেডৰ জৰিয়তে সঠিকতা নিৰূপন কৰা যাব।সৰ্বমুঠ ২০০জন বিষয়া কৰ্মচাৰীয়ে ভোটগণনাৰ প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিব।লগতে তেখেতে কয় যে ফলাফল ঘোষণা সময় ২২ঘণ্টা পৰ্য্যন্ত হ’ব পাৰে কিয়নো বিভিন্ন প্ৰক্ৰিয়াৰ মাজেৰে ফলাফল নিৰূপন কৰা হ’ব।সুবিধা নামৰ এপৰ জৰিয়তে ফলাফলৰ সবিশেষ জানিব পাৰিব।উল্লেখযোগ্য যে অহা ২৩মে’ৰ পুৱা ৯বজাৰপৰা মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত ভোটগণনাৰ প্ৰক্ৰিয়া আৰম্ভ হ’ব ।আজিৰ সংবাদ মেলখনত জিলা প্ৰশাসনৰ বহু কেইগৰাকী ব্যক্তি উপস্থিত থাকে ।
Trending
- এয়াৰটেল ফাউণ্ডেচনে স্কুল এক্সেলেন্স প্ৰগ্ৰেমৰ অধীনত ১১০০ৰো অধিক চৰকাৰী বিদ্যালয়ৰ শিক্ষক আৰু প্রধান শিক্ষকৰ সক্ষমতা কাৰ্য্যসূচী ৰূপায়ন
- কটন বিশ্ববিদ্যালয়ত সবল গণতন্ত্ৰৰ হকে ভোটদানৰ বাবে সজাগতা অনুষ্ঠান
- ধুবুৰী জিলাত মুখ্য নিৰ্বাচনী বিষয়া উপস্থিত
- দীনজ্যোতি ফাউণ্ডেশ্যনৰ উদ্যোগত শ্ৰমিক দিৱস উদযাপন
- পাটাছাৰকুছি প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠা দিৱস উদযাপন
- শ্ৰমিক দিৱসত ব্যতিক্ৰমী কৰ্মেৰে উদ্ভাসিত ঢকুৱাখনাৰ পাপু দত্ত
- Experience Trial voting through Virtual Reality in Kamrup election district
- গুৱাহাটী লোকসভা নিৰ্বাচনৰ সাধাৰণ পৰ্যবেক্ষকৰ পৰ্যালোচনা সভা
- আজাৰা সাহিত্য সভাৰ ফেচবুক পৃষ্ঠা উন্মোচন
- অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ পদক্ষেপ