সেউজ পৰিবেশ, সুস্বাস্থ্য গঢ়াৰ বাৰ্তা বিলাই সমগ্ৰ দেশ পৰিভ্ৰমণ কৰিছে তামিলনাডু অন্নামালাই বিশ্ববিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ প্ৰৱক্তা এচ চেলভাকুমাৰ নামৰ ব্যক্তিজনে।তামিলনাডুৰ এই ব্যক্তিজনে যোৱা ৩মে’ৰ পৰা চেন্নাইৰ অন্নামালাই বিশ্ববিদ্যালয়ৰ পৰা যাত্ৰা আৰম্ভ কৰি সম্প্ৰতি ৬৫৮৬কি মিটাৰ ১৫ দিনত সম্পূৰ্ণ কৰিছে।চিকিম, অৰুণাচল প্ৰদেশ, নগালেণ্ড, ত্ৰিপুৰা, মিজোৰাম,মণিপুৰ,মেঘালয় স্কুটিৰে পৰিভ্ৰমণ আজি গুৱাহাটী প্ৰেছ ক্লাবত উপস্থিত হোৱাৰ পিছত মনৰ অনুভৱ এনেদৰে ব্যক্ত কৰে- আগন্তুক ২০০দিনত সমগ্ৰ দেশ পৰিভ্ৰমণ কৰিম।হয়তো অক্টোবৰ মাহত এই যাত্ৰা সম্পূৰ্ণ হ’ব।উত্তৰ পূব ভ্ৰমণৰ কৰি পোৱা অনুভৱ ব্যক্ত কৰি কয় যে উত্তৰ পূবত আহি খুব ভাল লাগিছে।মণিপুৰত অলপমান অসুবিধাৰ সন্মুখীন হৈছিলো যদিও সমস্যাৰ লগত মোকাবিলা কৰিবলৈ সক্ষম হ’লো।আগন্তুক দিনত বিহাৰ, উত্তৰ প্ৰদেশ, হিমাচল প্ৰদেশ, ঝাৰখণ্ড, হাৰিয়ানা পৰিভ্ৰমণ কৰিম।দেশৰ অৰঙে দৰঙে ঘুৰি সেউজ ধৰণী বাৰ্তা বিলাই যোৱা এই বিশেষ ব্যক্তিজনক এন ই ফ’কাচ ডট কমৰ ফালৰ পৰা অলেখ অভিনন্দন জনালো ।
Trending
- কটন বিশ্ববিদ্যালয়ত সবল গণতন্ত্ৰৰ হকে ভোটদানৰ বাবে সজাগতা অনুষ্ঠান
- ধুবুৰী জিলাত মুখ্য নিৰ্বাচনী বিষয়া উপস্থিত
- দীনজ্যোতি ফাউণ্ডেশ্যনৰ উদ্যোগত শ্ৰমিক দিৱস উদযাপন
- পাটাছাৰকুছি প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠা দিৱস উদযাপন
- শ্ৰমিক দিৱসত ব্যতিক্ৰমী কৰ্মেৰে উদ্ভাসিত ঢকুৱাখনাৰ পাপু দত্ত
- Experience Trial voting through Virtual Reality in Kamrup election district
- গুৱাহাটী লোকসভা নিৰ্বাচনৰ সাধাৰণ পৰ্যবেক্ষকৰ পৰ্যালোচনা সভা
- আজাৰা সাহিত্য সভাৰ ফেচবুক পৃষ্ঠা উন্মোচন
- অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ পদক্ষেপ
- ভোটদানৰ সজাগতাৰ লক্ষ্যৰে মহানগৰীত চাইকেল ৰেলী