বাণিজ্য শাখাত শীৰ্ষ প্ৰথম ১০টা স্থানৰ তৃতীয়, চতুৰ্থ আৰু পঞ্চম স্থান লাভ কৰে গুৱাহাটী কৰ্মাচ কলেজৰ ৩গৰাকী শিক্ষাৰ্থীয়ে।এই ৩গৰাকী শিক্ষাৰ্থীৰ ভিতৰত তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হ’ল নিশা আগৰৱালা, অৰুণাভ নাথ আৰু ৰাহুল ৰায়ে। উল্লেখযোগ্য যে ২০১৯ বৰ্ষত শিক্ষানুষ্ঠান খনৰ উত্তীৰ্ণৰ হাৰ ১০০শতাংশ।নেহাৰ সৈতে হোৱা এক কথোপকথনত নেহাই সফলতাৰ সম্পৰ্কে এনেদৰে ব্যক্ত কৰে-নিয়মিত ভাৱে অধ্যয়ন কৰিছিলো।অধ্যয়নৰ বাবে তেনে কোনো নিৰ্দিষ্ট সময়সূচী নাছিল।কলেজৰ শিক্ষাগুৰু আৰু মা দেউতাই অনুপ্ৰেৰণা যোগাইছিল ।মই ভাবো লক্ষ্য যদি স্থিৰ হয়, নিশ্চয়কে ইপ্সিত স্থানত পাব পাৰি।অনাগত দিনত চাৰটাৰ একাউণ্ট অধ্যয়ন কৰিম।আন এগৰাকী শিক্ষাৰ্থী অৰুণাভ নাথে সফলতাৰ কথা এনেদৰে ব্যক্ত কৰে-বিষয়বস্তু সম্পৰ্কে ধাৰণা স্পষ্ট হ’লে মনত ৰখাৰ বাবে উজু হয়।দৈনিক ৬ঘণ্টাকে অধ্যয়ন কৰিছিলো।ভৱিষ্যতে অসামৰিক সেৱাৰ লগত জড়িত হোৱা মানসিকতা পোষণ কৰে।পঞ্চম স্থান লাভ কৰা আন এগৰাকী শিক্ষাৰ্থী ৰাহুল ৰায়ে সফলতাৰ বিষয়ে এনেদৰে কয়-এটা ভাল ৰিজাল্ট কৰাৰ বাবে একাদশ শ্ৰেণী পৰাই চেষ্টা চলাইছিলো।বিগত বৰ্ষৰ কলেজৰ অগ্ৰজ সকলে কৰা ৰিজাল্টে মোক অনুপ্ৰেৰণা যোগাইছিল।ভৱিষ্যতে কোম্পানী চেক্ৰেটাৰী অধ্যয়ন কৰিব বিচাৰো।কলেজৰ সফলতাৰ সম্পৰ্কত অধ্যক্ষ ডক্টৰ হোমেশ্বৰ কলিতাই এনেদৰে কয়-ছাত্ৰ ছাত্ৰী,শিক্ষাগুৰু সকলৰ প্ৰচেষ্টা, অনুপ্ৰেৰণা সফলতাৰ অন্যতম কাৰক।শৃংখলাবদ্ধতাৰে আৰু নিয়মানুবৰ্তিতা কলেজখন পৰিচালনা হোৱাৰ কথা জানিবলৈ দি কয় যে সময়ে সময়ে অনুষ্ঠিত কৰা অভিভাৱক সভাই এইক্ষেত্ৰত যথেষ্ট অৰিহণা যোগালে।স্বচ্ছতাৰ ক্ষেত্ৰত কলেজৰ কৰ্তৃপক্ষই বিশেষ ব্যৱস্থা গ্ৰহণ কৰাৰ কথা জানিবলৈ দিয়ে ।স্মতব্য যে ২০১৯ বৰ্ষত কমাৰ্চ কলেজৰ উত্তীৰ্ণ হাৰ ১০০ শতাংশ ।
Trending
- এয়াৰটেল ফাউণ্ডেচনে স্কুল এক্সেলেন্স প্ৰগ্ৰেমৰ অধীনত ১১০০ৰো অধিক চৰকাৰী বিদ্যালয়ৰ শিক্ষক আৰু প্রধান শিক্ষকৰ সক্ষমতা কাৰ্য্যসূচী ৰূপায়ন
- কটন বিশ্ববিদ্যালয়ত সবল গণতন্ত্ৰৰ হকে ভোটদানৰ বাবে সজাগতা অনুষ্ঠান
- ধুবুৰী জিলাত মুখ্য নিৰ্বাচনী বিষয়া উপস্থিত
- দীনজ্যোতি ফাউণ্ডেশ্যনৰ উদ্যোগত শ্ৰমিক দিৱস উদযাপন
- পাটাছাৰকুছি প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠা দিৱস উদযাপন
- শ্ৰমিক দিৱসত ব্যতিক্ৰমী কৰ্মেৰে উদ্ভাসিত ঢকুৱাখনাৰ পাপু দত্ত
- Experience Trial voting through Virtual Reality in Kamrup election district
- গুৱাহাটী লোকসভা নিৰ্বাচনৰ সাধাৰণ পৰ্যবেক্ষকৰ পৰ্যালোচনা সভা
- আজাৰা সাহিত্য সভাৰ ফেচবুক পৃষ্ঠা উন্মোচন
- অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ পদক্ষেপ