গৰম বন্ধৰ দিনত শ্বিলঙলৈ যোৱাটো আজি কালি এক প্ৰকাৰৰ ফেশ্বন হৈ পৰিছে ।চুবুৰীয়া ঠাইখনৰ জলবায়ু আৰু প্ৰাকৃতিক পৰিবেশে সকলোবোৰ হাত বাউলি দি মাতে।সচৰাচৰ শ্বিলঙলৈ গ’লে খানাপাৰাৰ হৈ ন মাইল হৈ যাব লাগে ।কিন্তু আজি আপোনালোকক এনে এটা পথৰ সন্ধান দিব বিচাৰিছো ৰাণী হৈ পাথৰখামা হৈ শ্বিলঙলৈ যাব পাৰি।উল্লেখযোগ্য যে এই পথৰ দূৰত্ব মাত্ৰ ১৩০কি. মিটাৰ।যান যটৰ সমস্যা বিহীন প্ৰদুষণ মুুুুক্ত আৰু ৰাস্তা ঘাট অতি সুচল এই পথটো ।উল্লেখযোগ্য যে গুৱাহাটীৰ পৰা শ্বিলং সংযোগী পথচোৱাত দেওবাৰৰ বাহিৰে সপ্তাহটোৰ সকলো দিনতে ভীষণ যান যটৰ সৃষ্টি হোৱা পৰিলক্ষিত হয় ।এই সম্পৰ্কে ৰংমন টুৰিজিম চ’চাইটিৰ বলেশ্বৰ ৰংপিয়ে কয় যে প্ৰচাৰ আৰু প্ৰসাৰৰ অভাৱৰ বাবে এই পথটোৰ বিষয়ে পৰ্যটকে জ্ঞাত নহয়।চৰকাৰে যদি গুৰুত্ব আৰোপ কৰে নিশ্চয়কে পৰ্যটনে প্ৰসাৰ লাভ কৰাৰ থল আছে ।
Trending
- ভোটদানৰ সজাগতাৰ লক্ষ্যৰে মহানগৰীত চাইকেল ৰেলী
- নগাঁৱৰ ভিজন একাডেমী চিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ত “ব’হাগৰ এদিন” শীর্ষক উৎসৱ
- ঢকুৱাখনা চেইণ্ট থমাছ স্কুলত ব’হাগৰ এদিন
- দ্বিতীয় পৰ্য্যায়ৰ ভোটগ্রহণ সম্পন্ন
- ঢকুৱাখনা চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শ্ৰেণীকোঠা উদ্বোধন
- দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে মুছলপুৰত নিৰ্বাচনী সামগ্ৰী বিতৰণ
- কামৰূপ (ম)ৰ প’লিং বিষয়া আৰু ই ভি এমৰ দ্বিতীয় পৰ্যায়ৰ ৰেণ্ডমাইজেশ্বন সম্পন্ন
- জৱাহৰ নবোদয় বিদ্যালয়ত কুইজিন-দ্য ব্ৰেইন বুফে
- ঘিলামৰাত ৬৫ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু শুভাৰম্ভ
- পৰ্যবেক্ষক, প্ৰাৰ্থী-প্ৰতিনিধিৰ সৈতে কামৰূপ মহানগৰ জিলা নিৰ্বাচন বিষয়াৰ গুৰুত্বপূৰ্ণ সভা