বিগত বছৰৰ দৰে এইবাৰো উলহে মালহে উদযাপিত হ’ব অম্বুবাচী মেলা ।এইবাৰ ২২জুনৰ পৰা ২৫ জুনলৈ কামাখ্যাত অম্বুবাচী মেলা অনুষ্ঠিত হ’ব ।অম্বুবাচী মেলাৰ প্ৰস্তুতিৰ সম্পৰ্কত আজি অসম পৰ্যটন নিগমৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা এক সংবাদ মেলত অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাই এনেদৰে কয়-২২ জুনৰ বিয়লি ৪বজাৰ পৰা অম্বুবাচী মেলাৰ শুভাৰম্ভ হ’ব ।শুভাৰম্ভ অনুষ্ঠানত কেন্দ্ৰীয় চৰকাৰৰ পৰ্যটন মন্ত্ৰী উপস্থিত থাকিব ।ভক্ত সকলৰ বাবে গুৱাহাটীৰ ৪ঠাইত কেম্পৰ ব্যৱস্থা কৰাৰ কথা জানিবলৈ দি কয় যে সৰ্ববৃহৎ কেম্প ফাঁচী বজাৰত হ’ব।সৰ্বোচ্চ প্ৰায় ২৫হাজাৰ মানুহে কেম্পত থাকিব পাৰিব।আন ৩টা কেম্পৰ ব্যৱস্থা পাণ্ডু, বৰিপাৰা, নাহেৰবাৰীত হ’ব ।ভক্তসকলে এক সংগীতময় পৰিবেশৰ মাজেৰে খোজ কাঢ়ি যোৱা ব্যৱস্থা কৰা হৈছে ।উমানন্দ দৰ্শনৰ অৰ্থে যোৱাৰ বাবে বিশেষ ফেৰীৰ ব্যৱস্থা থাকিব ।এইবাৰ বিশেষকৈ জোতা চেণ্ডেল ৰখাৰ বাবে সুবিধা কৰা হৈছে ।চাফচিকুণতা আৰু খাদ্যৰ পৰিস্কাৰতাক বিশেষভাৱে প্ৰাধান্য দিয়া হৈছে ।ভক্তসকলৰ যাতায়তৰ বাবে বাংগালোৰ আৰু বেনাৰচ হৈ দুখন ট্ৰেইনৰ ব্যৱস্থা কৰা হৈছে ।দিল্লী, কলিকতা বিমান বন্দৰত প্ৰচাৰ কাৰ্য্য কৰাৰ কথা জানিবলৈ দিয়ে ।পূৰ্বৰ দৰে লেজাৰ পদ্ধতিৰে ভক্তৰ সমাগম গণনা কৰা হৈছে ।দিবাংগ আৰু বৃদ্ধ সকলৰ বাবে বিশেষ গাড়ীৰ ব্যৱস্থা থকাৰ কথা জানিবলৈ দিয়ে ।উল্লেখযোগ্য যে এইবাৰ দেৱী ভাগৱত কথা অনুষ্ঠিত হোৱাৰ কথা জানিবলৈ দিয়ে ।স্মতব্য যে ২৬জুনৰ পুৱা অম্বুবাচী মেলাৰ নিবৃত্তি হ’ব।
Trending
- Experience Trial voting through Virtual Reality in Kamrup election district
- গুৱাহাটী লোকসভা নিৰ্বাচনৰ সাধাৰণ পৰ্যবেক্ষকৰ পৰ্যালোচনা সভা
- আজাৰা সাহিত্য সভাৰ ফেচবুক পৃষ্ঠা উন্মোচন
- অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ পদক্ষেপ
- ভোটদানৰ সজাগতাৰ লক্ষ্যৰে মহানগৰীত চাইকেল ৰেলী
- নগাঁৱৰ ভিজন একাডেমী চিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ত “ব’হাগৰ এদিন” শীর্ষক উৎসৱ
- ঢকুৱাখনা চেইণ্ট থমাছ স্কুলত ব’হাগৰ এদিন
- দ্বিতীয় পৰ্য্যায়ৰ ভোটগ্রহণ সম্পন্ন
- ঢকুৱাখনা চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শ্ৰেণীকোঠা উদ্বোধন
- দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে মুছলপুৰত নিৰ্বাচনী সামগ্ৰী বিতৰণ