দৈনিক অসমৰ সাংবাদিক ভৱেশ মেধি আৰু নৰ্থ ইষ্ট নিউজ নাওৰ সাংবাদিক মহেশ ডেকালৈ ২০১৯-২০ বৰ্ষৰ ৰীচ্চৰ (Reach) যক্ষ্মা ৰোগ বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ সন্মানজনক মিডিয়া ফেলোশ্বিপ আগবঢ়োৱা হৈছে। সমগ্ৰ দেশৰ পৰা লাভ কৰা আবেদনৰ ভিত্তিতে ১২জন সাংবাদিকক এই ফেলোশ্বিপৰ বাবে নিৰ্বাচন কৰা হৈছে। অহা ১০ আৰু ১১ জুলাইত দিল্লীত অনুষ্ঠিত হ’বলগীয়া ৰীচ্চৰ ফেলোশ্বিপ সম্পৰ্কীয় কৰ্মশালাত তেওঁলোকে অংশগ্ৰহণ কৰিব। সাংবাদিক মেধিয়ে অসমৰ গাঁও আৰু নগৰাঞ্চলৰ শিক্ষিত লোকসকলৰ মাজত বিশেষকৈ চিকিৎসা সেৱাৰ লগত জড়িত লোকসকলৰ মাজত যক্ষ্মা সম্পৰ্কে থকা সংশয় আৰু ভ্ৰান্ত ধাৰণা সম্পৰ্কে অধ্যয়ন কৰিব ।আনহাতে মহেশ ডেকাই যক্ষ্মা ৰোগৰ আৰ্থিক খৰছ বিষয়ত অধ্যয়ন কৰিব।
Trending
- নগাঁৱৰ ভিজন একাডেমী চিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ত “ব’হাগৰ এদিন” শীর্ষক উৎসৱ
- ঢকুৱাখনা চেইণ্ট থমাছ স্কুলত ব’হাগৰ এদিন
- দ্বিতীয় পৰ্য্যায়ৰ ভোটগ্রহণ সম্পন্ন
- ঢকুৱাখনা চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শ্ৰেণীকোঠা উদ্বোধন
- দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে মুছলপুৰত নিৰ্বাচনী সামগ্ৰী বিতৰণ
- কামৰূপ (ম)ৰ প’লিং বিষয়া আৰু ই ভি এমৰ দ্বিতীয় পৰ্যায়ৰ ৰেণ্ডমাইজেশ্বন সম্পন্ন
- জৱাহৰ নবোদয় বিদ্যালয়ত কুইজিন-দ্য ব্ৰেইন বুফে
- ঘিলামৰাত ৬৫ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু শুভাৰম্ভ
- পৰ্যবেক্ষক, প্ৰাৰ্থী-প্ৰতিনিধিৰ সৈতে কামৰূপ মহানগৰ জিলা নিৰ্বাচন বিষয়াৰ গুৰুত্বপূৰ্ণ সভা
- মিচিং জাতীয় সংগঠনৰ বিশ্ব ধৰিত্ৰী দিৱস পালন