শোণিতপুৰ জিলাৰ অন্তৰ্গত টেট উত্তীৰ্ণ শিক্ষকসকলৰদ্বাৰা গঠিত সামাজিক ,সাংস্কৃতিক মঞ্চ এনাজৰী সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত আৰু বোকাগাঁও গাঁও উন্নয়ন সমিতিৰ সহযোগত বালিপৰা ৰঙাপৰা সদাব্যস্ত পথৰ এলিট একাডেমীৰ সমীপৰ পৰা বোকাগাঁও পৰ্যন্ত পথৰ দুয়োকাষে নাহৰ, কাঞ্চন, কৃষ্ঞচূড়া ৰাধাচূড়া, আদি কৰি সৰ্বমুঠ এশজোপা মূল্যৱান গছপুলি ৰোপন কৰি সেউজীকৰণৰ মহান আদৰ্শ দাঙি ধৰে ।অনুষ্ঠানটোত শুভ উদ্বোধন কৰে বোকাগাঁৱৰ বয়োজ্যেষ্ঠ সমাজকৰ্মী পুষ্প বৰাই । শিক্ষকতা জীৱনৰ পৰা আজৰি সময় উলিয়াই অনাগত দিনটোও বালিপৰাৰ লগতে জিলাখনৰ ব্যস্ত পথৰ দুয়োকাষ, ৰাজহুৱা স্থান, বিদ্যালয় চৌহদত বহুসংখ্যক গছপুলি ৰোপণ কৰাৰ বাবে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰা বুলি তেখেতে অৱগত কৰে ।
Trending
- বালিপাৰা ফাউণ্ডেশ্যনৰ দ্বাদশ পূব হিমালয়ান প্ৰকৃতিবিজ্ঞান মঞ্চ-গুৱাহাটীত উপস্থিত কংগো গণৰাজ্যৰ ৰাণী ডায়াম্বি কাবাটুছুইলা
- ৰেডিঅ’ক জনপ্ৰিয় কৰাৰ অনন্য প্ৰয়াস মধ্য অসম ৰেডিঅ’ শ্ৰোতা সংঘ
- নৰ্থ ইষ্ট সংস্থাৰ উদ্যোগত দিল্লীত উদযাপিত হ’ল লাচিত দিৱস
- পান্ডু মহাবিদ্যালয়ত গুৱাহাটীৰ নগৰীয়া বানপানীৰ সমস্যা সমাধান বিষয়ক সপ্তাহজোৰা কৰ্মশালাৰ সামৰণি
- কেন্দ্রীয় চৰকাৰৰ গ্ৰামোন্নয়নৰ বিভাগৰ প্ৰতিনিধিৰ মৰিগাঁও জিলা ভ্ৰমণ, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ পৰিদৰ্শন
- মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ত বজ্ৰপাত ধৰা পেলোৱা যন্ত্ৰ প্ৰতিষ্ঠাপন
- ৰত্না দত্ত সোঁৱৰণী অনুষ্ঠানত উপন্যাস “দ্বিতীয়া” উন্মোচন
- বন্যহস্তীৰ দেহত ৰেডিঅ’ ক’লাৰ স্থাপন
- চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্য ক্ষেত্ৰত বিশ্ব ঐতিহ্য সপ্তাহৰ উদ্বোধনী অনুষ্ঠান
- বেলতলা বহাগী উৎসৱ উদযাপন সমিতিৰ ঘোষণা-২০২৫ বৰ্ষৰ বাবে জুবিন গাৰ্গলৈ ড০ ভূপেন হাজৰিকা বঁটা