অসম আৰু উৰিষ্যাৰ সাংস্কৃতিক ক্ষেত্ৰত সমন্বয় ঘটিছে ।দুয়োখন ৰাজ্যই চম্বলপুৰত থকা ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ বাস গৃহ সংৰক্ষণৰ বাবে আগবাঢ়িছে।এই মন্তব্য উৰিষ্যাৰ পৰ্যটন মন্ত্ৰী জ্যোতি প্ৰসাদ পানিগ্ৰাহীৰ।কালি ৰেডিচন ব্লুত আয়োজিত উৰিষ্যা পৰ্যটনৰ এক অনুষ্ঠানত উৰিষ্যাৰ পৰ্যটন ক্ষেত্ৰখনৰ সম্ভাৱনীয়তা বিষয়ে আলোকপাত কৰি ইক’ টুৰিজিম, আধ্যাত্মিক পৰ্যটন, পৰম্পৰাগত পৰ্যটনৰ সম্পৰ্কে প্ৰচাৰ চলায় ।জানিব পৰা মতে উৰিষ্যাৰ পৰ্যটনক প্ৰসাৰ কৰিবলৈ উৰিষ্যাৰ পৰ্যটন বিভাগে ইতিমধ্যে দিল্লী, কলিকতা, মুম্বাই,কোচিত বিভিন্ন কাৰ্য্যসূচী গ্ৰহণ কৰিছে ।দুলৰ্ভ প্ৰজাতিৰ ক’লা বাঘ আৰু বিভিন্ন প্ৰজাতিৰ পৰিভ্ৰমী চৰাইৰ চাবলৈ প্ৰতিবছৰে উৰিষ্যাত অসংখ্য পৰ্যটকে ভিৰ কৰাৰ কথা মন্তব্য কৰে।কালি অনুষ্ঠিত অনুষ্ঠানত পৰ্যটন বিভাগৰ বহুকেইজন ব্যক্তি উপস্থিত থাকে ।
Trending
- দীনজ্যোতি ফাউণ্ডেশ্যনৰ উদ্যোগত শ্ৰমিক দিৱস উদযাপন
- পাটাছাৰকুছি প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠা দিৱস উদযাপন
- শ্ৰমিক দিৱসত ব্যতিক্ৰমী কৰ্মেৰে উদ্ভাসিত ঢকুৱাখনাৰ পাপু দত্ত
- Experience Trial voting through Virtual Reality in Kamrup election district
- গুৱাহাটী লোকসভা নিৰ্বাচনৰ সাধাৰণ পৰ্যবেক্ষকৰ পৰ্যালোচনা সভা
- আজাৰা সাহিত্য সভাৰ ফেচবুক পৃষ্ঠা উন্মোচন
- অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ পদক্ষেপ
- ভোটদানৰ সজাগতাৰ লক্ষ্যৰে মহানগৰীত চাইকেল ৰেলী
- নগাঁৱৰ ভিজন একাডেমী চিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ত “ব’হাগৰ এদিন” শীর্ষক উৎসৱ
- ঢকুৱাখনা চেইণ্ট থমাছ স্কুলত ব’হাগৰ এদিন