প্ৰকৃতিৰ ৰম্যভূমি শ্বিলং

0 417

প্ৰকৃতিয়ে আমাৰ প্ৰাণ । প্ৰকৃতিৰ বুকুত থাকে সৌন্দৰ্যৰ আকৰ, যিয়ে প্ৰেৰণা যোগাই আমাক এটা সজীৱ, সুন্দৰ জীৱনশৈলীৰে আগবাঢ়ি যাবলৈ| জীৱনৰ কঠিন বাটত পোৱা ঘাট প্ৰতিঘাটবোৰ সহজে ল’বলৈ, সহনশীল হ’বলৈ । সদাব্যস্ত দৈনন্দিন জীৱনৰ পৰা কিছু সময়ৰ অব্যাহতি লৈ প্ৰকৃতিৰ বুকুত বিলীন হ’বলৈ কাৰ মন নাযায় ! সেয়ে বৰ্ত্তমান যুগৰ যান্ত্ৰিকতাই মানুহক যন্ত্ৰ কৰি তোলাৰ উপক্ৰম ঘটাৰ মুহূৰ্ততে বহুতে কিছুদিনৰ বিৰতিৰে জীৱনৰ গতি নিয়ন্ত্ৰণ কৰিব বিচাৰে । প্ৰকৃতিৰ লগত মিতিৰালি কৰি পোৱা কেইদিনমানৰ আনন্দই তেঁওলোকক অসীম উৎসাহ যোগাই । নতুন প্ৰজন্মৰ মাজত বৰ্ত্তমান এই ফৰ্মুলাটো বেছ জনপ্ৰিয় । ময়ো ঠিক সেইকাৰণতেই এটা সৰু বিৰতিৰ বাবে কম খৰছতে যাব পৰা এখন সৰু অথচ সৌন্দৰ্যৰ আকৰেৰে ভৰপুৰ, এখন বহু জনপ্ৰিয় ঠাইৰ বিষয়ে অলপ আভাস দিবলৈ লৈছো।

2

আমি ভাৰতৰ এনে এটা কোণত বাস কৰো যি প্ৰকৃতিৰ শ্ৰেষ্ঠ অৱদানৰ অন্যতম বুলি কলেও হয়তো মিছা কোৱা নহ’ব । আমাৰ উঃপূঃৰ প্ৰত্যেকখন ৰাজ্যয়ে প্ৰকৃতিৰ সৌন্দৰ্যৰ আকৰেৰে সমৃদ্ধিশালী । মেঘে লুকা ভাকু খেলা মেঘৰ আলয় মেঘালয়ো তেনে এখন ৰাজ্য । মেঘালয়ৰ ৰাজধানী এখন সৰু চহৰ শ্বিলং। পাহাৰ ভৈয়ামৰ সংমিশ্ৰণৰ প্ৰকৃতিৰ অৰ্পূব সৌন্দৰ্যৰ ৰম্যভুমি শ্বিলং। দেশী বিদেশী সকলো পৰ্যটকৰে প্ৰায়েই ভৰি থাকে এই সৰু পাহাৰীয়া চহৰখন ।

6972314-Shillong-View-from-Shillong-Peak-0

গুৱাহাটীৰ পৰা প্ৰায় ১০৪কিঃমিঃ দুৰত্বত নদীপৃষ্ঠৰ প্ৰায় ১৪৯৬ ফুট উচ্চতাত অৱস্থিত শ্বিলং । গুৱাহাটীৰ পৰা শ্বিলং লৈ যাতায়াত ব্যৱস্থাও সুচল । মেঘালয় পৰিবহন বিভাগৰ বাছৰ সুবিধা থকাৰ উপৰিও ব্যক্তিগত টেস্কি আদিৰও সুবিধা আছে । ইয়াৰ জলবায়ু সেমেকা আৰু প্ৰদুষনমুক্ত । সেয়ে বছৰৰ প্ৰায় সময় ঠাণ্ডা যদিও আজিকালি গৰমকালি দিনৰভাগত অলপ গৰম পৰে । ২১জানুৱাৰী ১৯৭২ ৰ পৰাহে শ্বিলং মেঘালয়ৰ ৰাজধানী হয়। তাৰ আগলৈকে ই অসমৰ ৰাজধানী আছিল। শ্বিলংৰ পাহাৰবোৰৰ শিলৰ গঠনশৈলী Scotland ৰ পাহাৰৰ লগত মিল থকাৰ বাবে পৰ্যটক সকলে শ্বিলং ক Scotland of East ও আখ্যা দিছে।

এলিফেণ্ট ফ’লছ

1

মেঘালয় পৰ্যটনে শ্বিলংৰ নৈৰ্সগিক দৃৰ্শ্য ক পৰ্যটকৰ আগত দাঙি ধৰিবলৈ চেষ্টাৰ ক্ৰুটি ৰখা নাই। পাহাৰৰ মাজেৰে শিলৰ ফাকে ফাকে বৈ যোৱা জলপ্ৰপাত সমূহ যেনে ক্ৰিন’লিনা, গুনাৰচ, স্প্ৰেদ ইগল বা চালি, বেদান, বিচপ, এলিফেণ্ট, চুইট  আদিবোৰ  পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ । ইয়াৰ ভিতৰত এলিফেণ্ট ফ’ল আৰু চুইট ফ’ল বেচ জনপ্ৰিয় । এলিফেণ্ট ফ’ল শ্বিলং চহৰৰ পৰা ১০কিঃমিঃ দূৰত্বত অৱস্থিত । তিনিতৰপীয়া এই জলপ্ৰপাতটোৰ ওচৰত এটা হাতীৰ গঠনৰ শিল আছিল সেয়ে ব্ৰিটিছ সকলে ইয়াক এলিফেণ্ট ফ’ল নামেৰে নামাকৰণ কৰিলে । এই জলপ্ৰপাততোত যথেষ্ঠ পৰ্যটকৰ ভিৰ দেখা য়ায় । আনহাতে শ্বিলংৰ পৰা ৫ কিঃমিঃ দূৰত্বৰ চুইট ফ’ল নিৰ্জন নিৰিবিলি ঠাইত অৱস্থিত । প্ৰায় ৯৫ মিঃ উচ্চতাৰ ওখ পাহাৰৰ বুকুৰে বৈ অহা জলপ্ৰপাততো চালে চকুৰোৱা । এনে সুন্দৰ দৃশ্য ক উপভোগৰ বাবে মেঘালয় পৰ্যটণে সুন্দৰ ব্যৱস্থা কৰি দিছে ।

চুইট ফ’ল

         

শ্বিলংৰ কথা আধৰুৱা হৈ ৰ’ব যদিহে শ্বিলং পিকৰ কথা কোৱা নহয় । ই প্ৰায় ৬৪৪৩ ফুট উচ্চতাত অস্থিত । ইয়াৰ পৰা গোটেই চহৰ খনৰ নৈসৰ্গিক শোভা উপভোগ কৰিব পাৰি ।

Shillong-peak

শ্বিলংলৈ যাওতে বৰাপানীত পোৱা যায় ২২০ বৰ্গ কিঃমিঃ বিস্তৃত উমিয়াম হ্ৰদ। ১৯৬০ চনত উমিয়াম নদীত বান্ধ দিয়াত এই হ্ৰদৰ সৃষ্টি হয় । আনহাতে চহৰৰ মাজমজিয়াত আছে ৱৰ্ডছ লেক। ই পৰ্য্টকৰ লগতে স্থানীয় লোকসকলৰ বাবেও অবসৰ বিনোদনৰ উৎস। শাৰী শাৰী ছেৰীগছবোৰ, ৰংবিৰঙী মাছবোৰ, মাজে মাজে থকা সৰু সৰু কাঠৰ দলং কেইখন সঁচাকৈ নান্দনিক দৃশ্য সৃষ্টি কৰে ।

7644935112_37af92c0e7_b

শ্বিলং চহৰৰ এখন উদ্যান য’ত ৰঙ বিৰঙৰ নানা ফুলে হালি জালি দৃষ্টি আকৰ্ষণ কৰে নাম লেডী হাইড্ৰী উদ্যান । ফুলৰ বাগান, এখন সৰু চিৰিয়াখানা, শিশু উমলা উদ্যান আদি নানা বস্তুৰ সমাহাৰ দেখা পোৱা য়ায় ইয়াত। জাপানিজ আৰ্হিৰ এই উদ্যlনখন অসমৰ প্ৰথম ৰাজ্যপালৰ পত্নী লেডী হাইড্ৰী নামেৰে নামাকৰণ কৰা হয়।

ৱৰ্ডছ লেক

গ’লফ ফিল্ড, শ্বিলংৰ অন্য এক আকৰ্ষন । ১৮ টা বিন্ধাৰ এই ফিল্ডখন এচিয়াৰ ভিতৰতে দীঘল গ’লফ ফিল্ডবোৰৰ অন্যতম । শাৰী শাৰী পাইন গছৰ লগতে সেউজীয়া ঘাঁহনিৰে ভৰা ফিল্ডখন সচাই মনোমোহা ।

gallery-img1

শ্বিলংৰ অন্য এক জনপ্ৰিয় ঠাই যাৰ বিষয়ে নক’লে এই লেখা সমফূৰ্ণ নহব সেয়া হ’ল বিখ্যাত কেথলিক গীৰ্জাঘৰ। শ্বিলংৰ অন্য গীৰ্জাবোৰৰ ভিতৰত প্ৰায় ৫০বছৰৰ পুৰনি এই গীৰ্জাটো সকলোতকৈ মনোমোহা।

wooden-bridge-wards-lake-shillong

এই সকলোবোৰৰ উপৰিও কেইবাটাও সংগ্ৰহালয় ও আছে য’ত তেওলোকৰ বুৰঞ্জী, সংষ্কৃতিৰ আভাস পোৱা যায় । এয়া মাত্ৰ শ্বিলংৰ বিষয়ে এক চমু আভাস । যি সকলে শ্বিলংৰ বিষয়ে জ্ঞাত তেওঁলোকে হয়তো সেয়া অনুভৱ কৰিব পাৰিছে আৰু যিকলে শ্বিলং ভ্ৰমণৰ কথা ভাবিছে আশা কৰো তেওঁলোকক এই লেখাই সহায় কৰিব। মেঘালয়ৰ পৰ্যটনৰ আৰু কিছু থলিৰ বিষয়ে আভাস লবলৈ চাই থাকিব www.nefocus.com

লেখক: জুপিতৰা দত্ত

Leave A Reply

Your email address will not be published.