সমগ্ৰ পৃথিৱীৰ মুখ্যধাৰাৰ সংবাদ মাধ্যমক প্ৰত্যাহ্বান জনাই অনলাইন মাধ্যমে কৌটি কৌটি পাঠকক তথ্যৰ যোগান ধৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে।বিকল্প সংবাদ ৰূপেও পৰিচিত এই মাধ্যমে ইণ্টাৰনেটৰ সহায়ত পৃথিৱীৰ চুকে কোণো পাঠক আৰু দৰ্শকক সংযোজিত কৰিছে।সেয়ে মানৱ জাতিৰ বাবে ই পৰিণত হৈছে ভৱিষ্যতৰ সংবাদ মাধ্যমৰূপে ।গুৱাহাটী প্ৰেছ ক্লাবৰ মিট দ্যা প্ৰেছ অনুষ্ঠানত নতুন দিল্লীৰ পৰা ভিডিও কনফাৰেন্স যোগে সাংবাদিকৰে বার্তালাপ কৰি জ্যেষ্ঠ সাংবাদিক যশৱন্ত সিঙে শুক্ৰবাৰে এই মন্তব্য কৰে । অনলাইন সংবাদিক ৰূপে খ্যাতি লাভ কৰা সিঙে ভাৰতৰ সংবাদ পত্ৰ আৰু নিউজ চেনেল সমূহৰ বেছিভাগেই ৰাইজৰ হিতৰ কথা বাদ দি নিজৰ মূনাফাৰ বাবে কাম কৰা বুলি অভিযোগ কৰে ।একপক্ষীয় আৰু বহুসময়ত পক্ষপাতদুষ্ট বাতৰি যোগানৰ জৰিয়তে মূল সূতিৰ সংবাদ মাধ্যমে প্ৰায়ে সমাজৰ অনিষ্ট সাধন কৰি আহিছে। সাধাৰণ পাঠকে সেইবাবে সামাজিক মাধ্যমৰ জৰিয়তে নিজৰ মত প্ৰকাশৰ স্বাধীনতা উপভোগ কৰিবলৈ আৰম্ভ কৰিছে।এতিয়া এনে এক পৰিৱেশৰ সৃষ্টি হৈছে যে মূল সূতিৰ সংবাদ মাধ্যমে অনলাইন মাধ্যমৰ পৰা তথ্য আহৰণ কৰিব লগা হৈছে। তদুপৰি একপক্ষীয় বাতৰিৰ বিৰুদ্ধে চ’চিয়েল মিডিয়াত ক্ষোভৰ উমান পাই বহুসময়ত নিউজ চেনেলে ক্ষমা খুজিব লগা পৰিস্হিতিৰো সৃষ্টি হৈছে। ইণ্টাৰনেটৰ বহুল প্ৰচাৰ আৰু প্ৰসাৰৰ ফলত বাতৰি কাকত আৰু নিউজ চেনেলে এই মাধ্যমৰ ওচৰত নিৰ্ভৰশীল হ’ব লগা হৈছে।ভাৰতৰ দৰে দেশত এতিয়াও বহু সংবেদনশীল বাতৰি কাকতৰ পাঠক আছে।কিন্তু তেওঁলোকৰ চাহিদা পূৰণৰ বাবে বাতৰি কাকতে নিজক সমৃদ্ধ নকৰিলে ভৱিষ্যত সংকট পূৰ্ণ হ’ব পাৰে। অনলাইন মাধ্যমত এতিয়া যিহেতু প্ৰায় সকলো ধৰণৰ সংবাদ পোৱা যায় ,বাতৰি কাকত নিউজ চেনেলে তাৰ নিৰপেক্ষ পৰ্য্যালোচনা গুৰুত্ব দিব পাৰে।নতুন প্ৰজন্মৰ সাংবাদিক সকলক উদ্দেশ্যি তেওঁ কয় যে সাংবাদিকতাৰ ধাৰা সলনি হ’লেও ই সদায় জীয়াই থাকিব। সাংবাদিক সকলে যি মাধ্যমতে কাম নকৰক কিয় নিজক প্ৰতিষ্ঠা কৰিবলৈ অধ্যাৱসায় কৰিবই লাগিব।অনলাইন মাধ্যমৰ সুবিধা লৈ পৃথিৱীৰ ইমূৰৰ পৰা সিমূৰলৈ নিজৰ তথ্য আৰু ধ্যান ধাৰণা প্ৰচাৰেৰে উদীয়মান সকলে নিজৰ পৰিচয় নিশ্চিত কৰিব বুলিও সিঙে আশা প্ৰকাশ কৰে।
Trending
- গুৱাহাটী বিশ্ববিদ্যালয়ত ৮০ অধিক ছাত্ৰীক মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ চেক বিতৰণ
- এয়াৰটেলৰ সৈতে ইউটিউবৰ অংশীদাৰিত্ব: প্ৰিপেইড গ্ৰাহকৰ বাবে ইউটিউব প্ৰিমিয়ামৰ সুবিধা
- পৰিৱেশ সংৰক্ষণৰ লক্ষ্যৰে উত্তৰ-পূব সীমান্ত ৰেলৱেৰ ১২ খনতকৈ অধিক যাত্ৰীবাহী ৰে’ল বৈদ্যুতিক ট্রেকচনলৈ পৰিবৰ্তন
- সতৰ্কতা সজাগতা অভিযানত পথিকৰ উদ্যোগত চি আৰ পি এফৰ গুৱাহাটী গ্ৰুপ চেণ্টাৰত বাটৰ নাট প্ৰদৰ্শন
- দিহানামক বিশ্বৰ দৰবাৰলৈ নিয়াৰ লক্ষ্যৰে সমন্বয়ৰ বার্তা বিলাইছে জালুকবাৰীৰ খানামুখৰ জ্ঞানমালিনী বিকশিত নামতি দলে
- Sainik school Goalpara crowned Assam State champion of WWFs wild wisdom Global challenge
- একক খেতিৰ পৰিৱৰ্তে বছৰত ২-৩ টা খেতি কৰাৰ লগতে উদ্যান শস্যত বিশেষ গুৰুত্ব প্ৰদান কৰিবলৈ কৃষকসকলক আহ্বান মন্ত্ৰী হাজৰীকাৰ
- সুৰক্ষিত আৰু শক্তিশালী অসমৰ সংকল্পৰে গুৱাহাটীত অগপৰ প্ৰতিষ্ঠা দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচী
- মন্ত্রী বিশ্বজিৎ দৈমাৰীৰ পৌৰোহিত্যত খেল মহাৰণ ৩.০ – শিশু ক্ৰীড়া সমাৰোহৰ প্ৰস্তুতি পৰ্যালোচনা
- শ্ৰীমন্ত শংকৰ একাডেমীৰ উদ্যোগত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ঐতিহ্য মহোৎসৱ উদযাপন