আজি মহানগৰীৰ জালুকবাৰীস্থিত হোটেল ৰেডিচন ব্লু’ত অনুষ্ঠিত হয় উত্তৰ-পূৱ বৈদ্যুতিক মোবিলিটি সমাৰোহ । প্ৰদূষণ মুক্ত অসম গঢ়াৰ লক্ষ্যৰে অসম ৰাজ্যিক পৰিবহন নিগমে এই সমাৰোহ অনুষ্ঠিত কৰিছে । উত্তৰ-পূৱৰ বিভিন্ন প্ৰান্তৰ প্ৰতিনিধিয়ে এই সমাৰোহত অংশগ্ৰহণ কৰি যানবাহন বৈদ্যুতিকৰণৰ ক্ষেত্ৰত বিশ্লেষণ আগবঢ়ায় । তাৰোপৰি বৈদ্যুতিক যানবাহন ব্যৱহাৰৰ ফলত কি কি সুবিধা হ’ব তাৰ বিষয়েও সমাৰোহত আলোচনা কৰা হয় । এই সমাৰোহতে বিভিন্ন কোম্পানীয়ে বৈদ্যুতিক বাছ, বৈদ্যুতিক ৰিক্সা, বৈদ্যুতিক মটৰ চাইকেল প্ৰদৰ্শন কৰে । উল্লেখ্য যে এই অনুষ্ঠানত নীতি আয়োগৰ মিছন ডাইৰেক্ট অনিল শ্ৰীবাস্তৱ, অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধ্যক্ষ অশোক কুমাৰ ভট্টৰায়, উপাধ্যক্ষ হৰিচৰণ বড়ো, পৰিচালন সঞ্চালক আনন্দ প্ৰকাশ তিৱাৰীকে প্ৰমুখ্য কৰি বহুতো বিশিষ্ট ব্যক্তি উপস্থিত থাকে । জানিব পৰা মতে অহা ৪ তাৰিখৰ পৰা মহানগৰীৰ ৰাজপথত বৈদ্যুতিক বাছ সেৱা আৰম্ভ হ’ব । প্ৰথমে পৰীক্ষামূলকভাৱে ১৫ খন বাছ অসম ৰাজ্যিক পৰিবহণ নিগমে চলোৱাৰ ব্যৱস্থা কৰিছে ।
Trending
- বি বৰুৱা কলেজ (স্বশাসিত)ৰ ৮৪সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন
- মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু ক্ৰিকেটৰ তাৰকা সুনীল গাভাস্কাৰে মুকলি কৰিলে গুৱাহাটী আন্ত:ৰাষ্ট্ৰীয় মাৰাথন
- ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠিত
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud