গুৱাহাটী এপ’ল হাস্পিতালে চি টি ভি এছ চেণ্টাৰ মুকলি কৰিছে।যাৰ জৰিয়তে ৰোগীয়ে ৰাজ্যৰ বাহিৰত নোযোৱাকৈ কাৰ্ডিয়াক অস্ত্ৰোপচাৰৰ সেৱা লাভ কৰিব পৰিব ।আজি এই সম্পৰ্কে হোটেল প্ৰগতি মেনৰত অনুষ্ঠিত কৰা এক সংবাদমেলত বিশিষ্ট কাৰ্ডিঅ চিকিৎসক ডক্তৰ জে পি কলিতাই কয় যে হৃদয়ৰ অন্তভাগত ছিদ্ৰ থকা ৰোগীক কী হোল প্ৰক্ৰিয়াৰে অস্ত্ৰোপচাৰ সম্পন্ন কৰিছে।এই প্ৰক্ৰিয়াৰে অস্ত্ৰোপচাৰ কৰাৰ ফলত ৰোগীৰ বিষৰ পৰিমাণ যথেষ্ট কম হয় আৰু ৰক্তক্ষণৰ মাত্ৰাও কম হয়।যোৱা ৭মাৰ্চৰ পৰা হস্পিতালখনত এই সুবিধা উপলব্ধ হৈছে।উল্লেখযোগ্য যে চৰকাৰে গ্ৰহণ কৰা বিভিন্ন স্বাস্থ্য সম্পৰ্কীয় আঁচনিৰ জৰিয়তে বহু ৰোগী লাভাম্বিত হৈছে।আজিৰ সংবাদমেলত ডক্তৰ মৃনাল দাস উপস্থিত থাকি মন্তব্য আগবঢ়ায়।
Trending
- আউনীআটি সত্ৰৰ সত্ৰাধিকাৰ তথা আউনীআটি আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ আচাৰ্য ড° পীতাম্বৰ গোস্বামীলৈ বিশেষ সম্বৰ্দ্ধনা জ্ঞাপন
- ধাৰাপুৰত দীক্ষা যোগ কেন্দ্ৰৰ উদ্যোগত আন্তৰ্জাতিক যোগ দিৱস উদযাপন
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- কামাখ্যাত অম্বুবাচী মহাযোগ ২০২৬ মেলাৰ শুভ উদ্বোধন কৰিলে পৰ্যটন মন্ত্ৰী অজন্তা নেওগে
- উত্তৰ পূব সীমান্ত ৰেলৱেৰ মহা প্ৰৱন্ধকে পৰিদৰ্শন কৰিলে কামাখ্যা ৰেল ষ্টেচনৰ অম্বুবাচী মহাযোগৰ শিবিৰ
- আজাৰা কাঁহিকুছিৰ কৃষি বিজ্ঞান কেন্দ্ৰত পিএম-কিষাণৰ ২৩ সংখ্যক কিস্তি মুকলি
- ৰাভা দিৱসৰ পবিত্ৰ ক্ষণত অসম যুৱ পৰিষদৰ সন্মান- দুটা দশক ধৰি লোকসংগীতৰ সাধনাত ব্ৰতী শিল্পীগৰাকীক ৰাজহুৱা স্বীকৃতি
- প্ৰসাৰ তথা আধুনিকীকৰণে পশুপালন খণ্ডক অধিক জনমুখী কৰিব- মন্ত্ৰী নীলিমা দেৱী
- অৰুণাচল প্ৰদেশত ভাৰতীয় সেনাৰ বাবে এয়াৰটেলে সম্প্ৰসাৰণ কৰিছে মোবাইল সংযোগ ব্যৱস্থা