চৰকাৰ আৰু প্ৰশাসনক ৰাইজৰ কাষলৈ লৈ যোৱাৰ এক প্ৰচেষ্টা হাতত লৈছে শিৱসাগৰ জিলাৰ উপায়ুক্ত ডাঃ এম এছ লক্ষ্মীপ্ৰিয়াই। চৰকাৰী আঁচনি সমূহৰ বিষয়ে সচেতনতা বৃদ্ধিৰ লগতে এই সমূহৰ সুফল যাতে ৰাইজে থিতাতে লাভ কৰিব পাৰে তাৰ উদ্দেশ্যে যোৱা ৯ নৱেম্বৰত শিৱসাগৰ জিলাৰ দেৱালয় গায়ন গাঁৱত কৃষি, সমাজ কল্যাণ, হস্ততাঁত আৰু বস্ত্ৰশিল্প, ৰেচম, পশুপালন আৰু পশু চিকিৎসা, সামাজিক বনানিকৰণ আদি বিভাগৰ বিষয়-ববীয়াৰ উপস্থিতিত গাঁওখনৰ নামঘৰ প্ৰাঙ্গনত এখন সভা অনুষ্ঠিত হয়।উল্লেখযোগ্য যে স্বচ্ছ ভাৰত মিছনৰ দ্বাৰা দেৱালয় গায়ন গাঁৱক জিলাখনৰ প্ৰথমখন স্বচ্ছ গাঁও হিচাপে ঘোষণা কৰা হৈছিল।উপায়ুক্ত গৰাকীয়ে গাঁও খনক এখন আদর্শ গাঁও ৰূপে গঢ়ি তুলিবলৈ গ্ৰহণ কৰিব লগীয়া উন্নয়ন মূলক আঁচনি সমূহৰ সুবিধা গাঁওবাসীক প্ৰদান কৰিবলৈ উপস্থিত বিভাগ সমূহক আহ্বান জনায়।উপায়ুক্ত গৰাকীৰ নিৰ্দেশমৰ্মে উপস্থিত বিভাগ সমূহৰ বিষয়-ববীয়া সকলে গাঁওবাসীৰ লগত বিভাগীয় আঁচনি সমূহৰ বিষয়ে বিস্তৃতভাৱে আলোচনা কৰে।সভাত জিলা কৃষি বিষয়া ভীমকান্ত গগৈয়ে ৮ গৰাকী কৃষকক চেইদ নেট (Shade Net) প্ৰদান কৰিব বুলি কোৱাৰ লগতে ১০ গৰাকীক ছইল হেল্থ কাৰ্ড, ৫ গৰাকীক কলপুলি আৰু ৫ গৰাকীক কপৌফুলৰ পুলি প্ৰদান কৰা হয়। লগতে আগ্ৰহী কৃষকক ৮৫ শতাংশ ৰাজ সাহায্যত সৌৰ শক্তি চালিত পাম্পছেট যোগান ধৰা হ’ব বুলিও জানিবলৈ দিয়া হয়।জিলা বন সংগমণ্ডল বিষয়া (সামাজিক বনানিকৰণ) বিদ্যুৎ বৰঠাকুৰে বিভাগৰ তৰফৰ পৰা সাঁচি গছ আৰু চোম গছৰ পুলিও যোগান ধৰাৰ কথা কয়।পশুপালন বিষয়া ডঃ বিমান দাসে গাঁওখনৰ ছাগলী সমূহক ৰোগ প্ৰতিষেধক বেজী প্ৰদান কৰা হ’ব বুলি জনায়।ৰেচম বিভাগৰ সহকাৰী সঞ্চালক প্ৰতীম ভূঞাই এড়া সঁচ যোগান ধৰাৰ লগতে এড়ী-মুগা পালক সকলৰ বাবে প্ৰয়োজনীয় সা-সঁজুলিৰ যোগান ধৰিব বুলি উল্লেখ কৰে।হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ সহকাৰী সঞ্চালক ৰামকৃষ্ণ শৰ্মাই বিভাগৰ ফালৰ পৰা গামোছা উৎপাদনত সহায়ক হোৱাকৈ শিপিনী সকলক ৰেহাই মূল্যত সূতা যোগান ধৰিব বুলি জনায়।সমাজ কল্যাণ বিষয়া দীপালি দেৱীয়ে বিভাগৰ ফালৰ পৰা কেঁচুৱা আৰু প্ৰসূতিৰ বাবে ল’বলগীয়া যত্নৰ বিষয়ে সভাত ৰাইজৰ মাজত সজাগতা বৃদ্ধি কৰে।সভাত কৃষি বিজ্ঞান কেন্দ্ৰৰ বিষয়বস্তু বিশেষজ্ঞ ডঃ অৰুন্ধতী বৰদলৈয়ে কাঠফুলা খেতিৰ বাবে প্ৰশিক্ষণৰ ব্যৱস্থা কৰাৰ লগতে কাঠফুলাৰ সঁচ যোগান ধৰিব বুলি জনায়। লগতে আগ্ৰহী ৰাইজক জাম, জেলী, আচাৰ আদি বনোৱাৰ প্ৰশিক্ষণো প্ৰদান কৰিব বুলি উল্লেখ কৰে।উপায়ুক্ত গৰাকীয়ে গাঁওখনৰ উন্নয়নৰ বাবে গঠন কৰা উন্নয়ন সমিতিৰ সম্পাদক দিগন্ত দত্তক এই কাম সমূহ আগুৱাই লৈ যাবলৈ দায়িত্ব প্ৰদান কৰে। উপায়ুক্ত গৰাকীয়ে গাঁওখনৰ উন্নয়নৰ বাবে গ্ৰহণ কৰা সিদ্ধান্ত সমূহ কাৰ্যকৰী হৈছেনে নাই সেয়া পৰ্যবেক্ষণ কৰাৰ বাবে সহকাৰী আয়ুক্ত গৌৰীপ্ৰিয়া দেউৰীক দায়িত্ব অৰ্পণ কৰে। লগতে তেওঁ কাম-কাজ সমূহ সুচাৰুভাৱে হৈছে নে নাই সেয়া পৰ্য্যালোচনা কৰিবলৈ এমাহৰ পিছত পুনৰ গাঁওখনত উপস্থিত হ’ব বুলিও জানিবলৈ দিয়ে।দেৱালয় গায়ন গাঁৱৰ লগতে সমীপৱৰ্তী প্ৰায় ৪খন গাঁৱৰ ভালেসংখ্যক ৰাইজে এই সভাত অংশগ্ৰহণ কৰে।
Trending
- গুৱাহাটী বিশ্ববিদ্যালয়ত ৮০ অধিক ছাত্ৰীক মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ চেক বিতৰণ
- এয়াৰটেলৰ সৈতে ইউটিউবৰ অংশীদাৰিত্ব: প্ৰিপেইড গ্ৰাহকৰ বাবে ইউটিউব প্ৰিমিয়ামৰ সুবিধা
- পৰিৱেশ সংৰক্ষণৰ লক্ষ্যৰে উত্তৰ-পূব সীমান্ত ৰেলৱেৰ ১২ খনতকৈ অধিক যাত্ৰীবাহী ৰে’ল বৈদ্যুতিক ট্রেকচনলৈ পৰিবৰ্তন
- সতৰ্কতা সজাগতা অভিযানত পথিকৰ উদ্যোগত চি আৰ পি এফৰ গুৱাহাটী গ্ৰুপ চেণ্টাৰত বাটৰ নাট প্ৰদৰ্শন
- দিহানামক বিশ্বৰ দৰবাৰলৈ নিয়াৰ লক্ষ্যৰে সমন্বয়ৰ বার্তা বিলাইছে জালুকবাৰীৰ খানামুখৰ জ্ঞানমালিনী বিকশিত নামতি দলে
- Sainik school Goalpara crowned Assam State champion of WWFs wild wisdom Global challenge
- একক খেতিৰ পৰিৱৰ্তে বছৰত ২-৩ টা খেতি কৰাৰ লগতে উদ্যান শস্যত বিশেষ গুৰুত্ব প্ৰদান কৰিবলৈ কৃষকসকলক আহ্বান মন্ত্ৰী হাজৰীকাৰ
- সুৰক্ষিত আৰু শক্তিশালী অসমৰ সংকল্পৰে গুৱাহাটীত অগপৰ প্ৰতিষ্ঠা দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচী
- মন্ত্রী বিশ্বজিৎ দৈমাৰীৰ পৌৰোহিত্যত খেল মহাৰণ ৩.০ – শিশু ক্ৰীড়া সমাৰোহৰ প্ৰস্তুতি পৰ্যালোচনা
- শ্ৰীমন্ত শংকৰ একাডেমীৰ উদ্যোগত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ঐতিহ্য মহোৎসৱ উদযাপন