ভাৰতীয় বিশ্ববিদ্যালয়ৰ সংস্থাৰ অধীনত গুৱাহাটী স্থিত ৰ’য়েল গ্ল’বেল বিশ্ববিদ্যালয়ত অনুষ্ঠিত হোৱা পূৱ মাণ্ডলিক আন্তঃবিশ্ববিদ্যালয় যুৱ মহোৎসৱত শ্ৰেষ্ঠ বিশ্ববিদ্যালয়ৰ সন্মান অৰ্জন কৰিবলৈ সক্ষম হয়।গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণ সঞ্চালক ড° ৰঞ্জন কুমাৰ কাকতি আৰু কুলদ্বীপ পাটগিৰিৰ দল পৰিচালনাত যোৱা দলটোৱে বিভিন্ন শিতানত পোন্ধৰটা পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয়। পূব মাণ্ডলিক যুৱ মহোৎসৱত অংশগ্ৰহণ কৰা মুঠ ২৭ খন বিশ্ববিশ্ববিদ্যালয়ৰ ভিতৰত গুৱাহাটী বিশ্ববিদ্যালয়ে সাংস্কৃতিক শোভাযাত্ৰা, সমবেত সংগীত,ব্যংগ নাটক, লোক বাদ্যযন্ত্ৰ, ইনষ্টলেচন, ন’ন পাৰ্কাচন, লঘু শাস্ত্ৰীয় সংগীত, শাস্ত্ৰীয় নৃত্য,কুইজ,পোষ্টাৰ মেকিং,ক’লাজ,কাৰ্টুনিং,থিতাতে অকা ছবি,মৃৎ শিল্প,পাশ্চাত্য বাদ্যযন্ত্ৰৰ প্ৰতিযোগিতাত পুৰস্কাৰ পাবলৈ সক্ষম হৈছে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ অংশ গ্ৰহণ কাৰী ছাত্ৰ-ছাত্ৰী সকল হৈছে, গুৱাহাটী বিশ্ববিদ্যালয়ৰ সংগীত সম্পাদক শিল্পীকা মধুকল্য,সাংকৃতিক সম্পাদক সৌৰভ চাহা,সভাপতি অনুৰাগ কল্যাণ বৰগোঁহাঞী,জ্ঞান প্ৰতীম দেৱ শৰ্মা সূৰ্য কুমাৰ শইকীয়া,পাপৰি দেৱী,ৰুবুল কলিতা,ভূপাল শৰ্মা,নিপু ভূঞা,দেৱাৰ্থী চাহা,কৰিশ্মা দেৱী, জ্ঞান প্ৰতীম দেৱশৰ্মা , প্ৰিয়াংকু প্ৰতীম বৰা, অনুণিমা চৌধুৰী,প্ৰতীম শইকীয়া, নীপা মণি ডেকা ,হিমাংশু তালুকদাৰ,জ্যোতিষ্মান দেওৰজা,কংকণ তালুকদাৰ,ৰিংকু বৰা,কস্তুৰী চুতীয়া,বৈশ্যালী চমুৱা,অন্তৰিকা লহকৰ,নিলাংগণা বৰা,অৰুণাভ জ্যোতি মালাকাৰ,আকাশ বৰঠাকুৰ,অঞ্জু হাজৰিকা,চুইটি কোঁৱৰ,মেঘালী ৰাংৰা, অলিম্পিকা শইকীয়া ।গুৱাহাটী বিশ্ববিদ্যালয়লৈ অভূতপূৰ্ব সন্মান কঢ়িয়াই অনাৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ৰ সন্মানীয় উপাচাৰ্য্য অধ্যাপক প্ৰতাপ জ্যোতি সন্দিকৈ ,বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ননী গোপাল মহন্ত,বিশ্ববিদ্যাল শ্ৰেণী সমূহৰ সচিব হেমন্ত কুমাৰ নাথ, স্নাতকত্তোৰ ছাত্ৰ সন্থা সাংস্কৃতিক বিভাগৰ তত্বাৱধায়ক ভাস্কৰ জ্যোতি বৰা, সাধাৰণ সম্পাদক মুন তালুকদাৰৰ লগতে অন্যান্য বিভাগীয় সম্পাদক সমূহে দলটিক উষ্ম অভিনন্দন জ্ঞাপন কৰে।
Trending
- অসম খনিজ উন্নয়ন নিগম পৰিসীমিতৰ তৰফৰ পৰা মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ ১ কোটি টকাৰ চেক প্ৰদান
- বিশ্ব পৰিৱেশ দিৱসত প্লাষ্টিক ব্যৱহাৰৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ বাবে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত সাংস্কৃতিক অনুষ্ঠান
- গুৱাহাটী বিশ্ববিদ্যালয়ত ভাৰতীয় জ্ঞান পৰম্পৰাৰ দৃষ্টিভংগীৰে বৌদ্ধ দৰ্শন শীৰ্ষক বক্তৃতানুষ্ঠান সম্পন্ন
- গুৱাহাটী প্ৰেছ ক্লাবত যোগ বিষয়ক আকস্মিক বক্তৃতা আৰু যোগাসন প্ৰতিযোগিতা অনুষ্ঠিত
- সুধাকণ্ঠ ড০ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী-মুখ্যমন্ত্রী ড০হিমন্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত ৪জুনত মূল সমিতিৰ প্ৰথম খন সভা অনুষ্ঠিত
- DoHUA Minister Jayanta Mallabaruah Inspects Flood-Affected Areas in Guwahati
- বি এ আই চিৰ উদ্যোগত প্ৰদৰ্শনীমূলক মেলা আয়োজন
- Assam Skill University Signs Landmark MoU with Directorate of Sainik Welfare
- Minister Pijush Hazarika Visits Second Bereaved Family in Gujarat Affected by the Pahalgam Terror Attack
- Minister Ashok Singhal Visits Family of Pehelgam Terror Attack Victim in Balasore, Odisha