তেজপুৰ ডেকাৰগাঁওস্থিত গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ মেনেজমেণ্ট এণ্ড টেকন’লজী চমুকৈ জি আই এম টি তেজপুৰত ১৯ নৱেম্বৰৰ পৰা ২৩ নৱেম্বৰলৈ এখনি পাচদিনীয়া ‘শিক্ষক বিকাশ কৰ্মশালা’ অনুষ্ঠিত হৈ যায়। ‘নৱীকৰণযোগ্য শক্তিৰ ব্যৱহাৰ আৰু সম্ভাৱনীয়তা’ শীৰ্ষক মনোগ্ৰাহী কৰ্মশালা অসম বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়ৰ সহযোগত তথা কাৰিকৰী শিক্ষাৰ মানদণ্ড উন্নয়ন আঁচনিৰ অধীনত অনুষ্ঠিত হয়। কৰ্মশালাৰ আৰম্ভণিতে সহকাৰী অধ্যাপিকা প্লাৱিতা বৰুৱাই আঁত ধৰা অনুষ্ঠানটোৰ বন্তি প্ৰজ্বলনেৰে শুভাম্ভণি কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ড° বুলজিৎ বুঢ়াগোহাঁয়ে। উক্ত দিনা কৰ্মশালাখনিৰ প্ৰথমগৰাকী সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে তেজপুৰ বিশ্ববিদ্যালয়ৰ শক্তি বিভাগৰ অধ্যাপক ড° ধনপতি ডেকায়ে। দ্বিতীয় দিনটোত সমল ব্যক্তি হিচাপে উপস্থিত থাকে ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, গুৱাহাটীৰ দেৱৰ্ষি বৰুৱা। সেইদৰে কৰ্মশালাৰ তৃতীয়, চতুৰ্থ, পঞ্চম দিনটোত তেজপুৰ বিশ্ববিদ্যালয়ৰ ড° বিৰাজ কুমাৰ কাকতি, ড° সাধন মহাপাত্ৰ আৰু ড° নৱীন শৰ্মায়ে সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে। জি আই এম টি, তেজপুৰৰ লগতে ৰাজ্যখনৰ বহুকেইখন শিক্ষানুষ্ঠানৰ শিক্ষক শিক্ষয়িত্ৰীয়ে অংশগ্ৰহণ কৰা কৰ্মশালাখনত সমল ব্যক্তিসকলে নৱীকৰণযোগ্য শক্তিৰ ন ন প্ৰযুক্তিগত ব্যৱহাৰ, সংৰক্ষণ সম্পৰ্কত সাৰগৰ্ভ ভাষণ আগবঢ়ায়।শেষৰ দিনটোত কৰ্মশালাখনত আহ্বায়ক তথা জি আই এম টি, তেজপুৰৰ যান্ত্ৰিক অভিযান্ত্ৰিক বিভাগৰ সহকাৰী অধ্যাপক সৌৰভ নাথে সকলোকে ধন্যবাদ জনাই অনুষ্ঠানৰ সামৰণি ঘোষণা কৰে।
Trending
- বি বৰুৱা কলেজ (স্বশাসিত)ৰ ৮৪সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন
- মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু ক্ৰিকেটৰ তাৰকা সুনীল গাভাস্কাৰে মুকলি কৰিলে গুৱাহাটী আন্ত:ৰাষ্ট্ৰীয় মাৰাথন
- ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠিত
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud