বিভিন্ন সামাজিক কাম কৰি অহা কেইজনমান পূৱ কামৰূপ মহাবিদ্যালয়ৰ প্ৰাক্তন তথা অধ্যয়নৰত ছাত্র-ছাত্রীসকলৰ শিক্ষাৰ্থীয়ে “মিছন স্মাইল” শীৰ্ষক এক অভিযানৰ জৰিয়তে দেওবাৰে দৰিদ্ৰসকলৰ মাজত গৰম কাপোৰ বিতৰণ কৰে ।উল্লেখ কৰিব পাৰি যে বিভিন্ন সময়ত বিভিন্ন জনক পুৰণি কিন্তু ব্যৱহাৰৰ যোগ্য কাপোৰৰ বাবে আহ্বান জনাই আহিছিল ছাত্ৰ-ছাত্ৰীসকলে। বিভিন্নজনৰ সংগ্ৰহ হোৱা এই কাপোৰসমূহ আঠগাঁও ৰে’ললাইনৰ দুয়োপাৰে থকা বস্তিঅঞ্চলৰ লগতে শুক্ৰেশ্বৰ ঘাটত থকা আৰ্তসকলৰ মাজত দেওবাৰে বিতৰণ কৰে।এই অভিযানত ভাগ লয় পূৱ কামৰূপ মহাবিদ্যালয়ৰ অধ্যাপক ক্ৰমে ড° কমল শৰ্মা আৰু মঃ আয়েজ আলীৰ লগতে মহাবিদ্যালয় ছপাশালৰ কম্পিউটাৰ অপাৰেটৰ নিপজ্যোতি ডেকাৰ লগতে শিক্ষাৰ্থী ক্ৰমে জোনাক প্ৰিয়ম কাশ্যপ, দীপশিখা ডেকা,নয়নমনি ডেকা,আমিনুল হক,জ্ঞানপ্ৰতিম দেৱ শৰ্মা,তৃষ্ণাবড়ো,মধুস্মিতা ডেকা,বৰষা ডেকা,চানচুমা বড়ো,প্ৰিয়ম ডেকাই।
Trending
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- কামাখ্যাত অম্বুবাচী মহাযোগ ২০২৬ মেলাৰ শুভ উদ্বোধন কৰিলে পৰ্যটন মন্ত্ৰী অজন্তা নেওগে
- উত্তৰ পূব সীমান্ত ৰেলৱেৰ মহা প্ৰৱন্ধকে পৰিদৰ্শন কৰিলে কামাখ্যা ৰেল ষ্টেচনৰ অম্বুবাচী মহাযোগৰ শিবিৰ
- আজাৰা কাঁহিকুছিৰ কৃষি বিজ্ঞান কেন্দ্ৰত পিএম-কিষাণৰ ২৩ সংখ্যক কিস্তি মুকলি
- ৰাভা দিৱসৰ পবিত্ৰ ক্ষণত অসম যুৱ পৰিষদৰ সন্মান- দুটা দশক ধৰি লোকসংগীতৰ সাধনাত ব্ৰতী শিল্পীগৰাকীক ৰাজহুৱা স্বীকৃতি
- প্ৰসাৰ তথা আধুনিকীকৰণে পশুপালন খণ্ডক অধিক জনমুখী কৰিব- মন্ত্ৰী নীলিমা দেৱী
- অৰুণাচল প্ৰদেশত ভাৰতীয় সেনাৰ বাবে এয়াৰটেলে সম্প্ৰসাৰণ কৰিছে মোবাইল সংযোগ ব্যৱস্থা
- নয়দা শাখা অসম সাহিত্য সভাৰ এক ব্যতিক্ৰমী অনুষ্ঠান
- বৰঝাৰ বিমান বন্দৰত জাপানৰ প্ৰধানমন্ত্ৰীক আদৰিবলৈ সাজু অসম চৰকাৰ