যি সময়ত পেলনীয়া প্লাষ্টিকৰ বাবে পৰিবেশ প্ৰদূষণে ভয়াবহ ৰূপ ধাৰণ কৰিছে,সমগ্ৰ দেশতে প্লাষ্টিকৰ কেৰী বেগ, বটল নিষিদ্ধ কৰিব লগীয়া হৈছে, তেনে সময়তে পেলনীয়া প্লাষ্টিকক সদব্যৱহাৰ কৰি শোভাবৰ্ধন কৰিছে এখন বিদ্যালয়ে । বিশেষকৈ বৰ্তমান সময়ত প্লাষ্টিকৰ পেলনীয়া বটল আৰু কেৰী বেগ, কাৰ্টুনৰ থাৰ্মকল আদি জধেমধে পেলাই দিয়া ফলত ভূমি প্ৰদূষণৰ লগতে পানীৰ নলা সমূহ বন্ধ হৈ কৃত্ৰিম বান সৃষ্টিৰ মূল কাৰণ হৈ পৰিছে। আনহাতে প্লাষ্টিকৰ এই ভয়াবহ প্ৰদূষণক অন্য মাত্ৰা প্ৰদান কৰিলে মৰিয়নীৰ জংগল ব্লক উচ্চ মাধ্যমিক বিদ্যালয়ে।জানি সুখী হ’ব যে বিদ্যালয়খনে প্লাষ্টিকৰ বটল, থাৰ্মকল, পলিথিনৰ কেৰীবেগৰ সদব্যৱহাৰ কৰি পৰিবেশ সচেতনতাৰ নিদৰ্শন দেখুৱাবলৈ সক্ষম হৈছে। অসম নগালেণ্ড সীমান্তৱৰ্ত্তী জংঘলব্লক হাইস্কুলৰ শিক্ষক শিক্ষয়ত্ৰী আৰু ছাত্ৰ ছাত্ৰী মিলি পেলনীয়া প্লাষ্টিক সমূহ সংগ্ৰহ কৰি সেই প্লাষ্টিকৰ সদ ব্যৱহাৰ কৰি বিদ্যালয়ৰ চৌপাশৰ সৌন্দৰ্য বৰ্ধনত ব্যৱহাৰ কৰিছে। উল্লেখ্য যে বিদ্যালয়ৰ শিক্ষক সকলে প্ৰত্যেক দেওবাৰে “দেওবৰীয়া চ’ৰা” নামৰ এটা অনুষ্ঠান আয়োজন কৰি ছাত্ৰ ছাত্ৰী সকলক পৰিবেশৰ প্ৰতি সচেতন কৰা লগতে এনেদৰে পেলনীয়া প্লাষ্টিকৰ বটলে জেওৰা দিয়া লগতে অৰ্কিড আৰু ফুলৰ টাব,পলিথিনৰ কেৰীবেগে ফুল তৈয়াৰ কৰিবলৈ হাতে কামে শিক্ষা দি আহিছে। আনহাতে বিদ্যালয়খনে পেলনীয়া টায়াৰ আৰু থাৰ্মকলৰ কাৰ্টুনৰো সদ ব্যৱহাৰ কৰি বিদ্যালয়ৰ সৌন্দৰ্য বৰ্ধনত ব্যৱহাৰ কৰিছে। বিদ্যালয় কৰ্তৃপক্ষই বিদ্যালয় চৌহদত দুটা প্লাষ্টিক বেংক গঢ়ি প্লাষ্টিক বোৰ গোটাই ৰাখি পিছত মৰিয়নী নগৰ সমিতিক প্ৰদান কৰি আহিছে। আনহাতে বিদ্যালয়খনৰ এই প্ৰচেষ্টাই সমগ্ৰ অঞ্চলটোতে প্লাষ্টিক প্ৰদূষণৰ প্ৰতি স্থানীয় ৰাইজকো সজাগ কৰি তুলিছে। জংঘলব্লক উচ্চ মাধ্যমিক বিদ্যালয়ে পেলনীয়া প্লাষ্টিকৰ সদ ব্যৱহাৰ কৰি বিদ্যালয় চৌহদৰ সৌন্দৰ্য্য বৰ্ধন কৰা লগতে প্লাষ্টিকৰ বাবে হোৱা ভয়াবহ পৰিবেশ প্ৰদূষণৰ প্ৰতি ছাত্ৰ ছাত্ৰীসকলক সচেতন কৰি তোলা কাৰ্য নিশ্চয়কৈ অন্য বিদ্যালয়ৰ বাবেও অনুকৰণীয়।খবৰ যুগুতালে মৰিয়নিৰ পৰা জ্যোতি প্ৰসাদ গগৈয়ে ।
Trending
- Organic Festival cum Exhibition by NECTAR under PM-DevINE Scheme
- Assam Govt Launches Key Initiatives to Boost Livestock Sector
- পূব ধাৰাপুৰত অংগনাৱাড়ী কেন্দ্ৰৰ মেৰামতি কাৰ্যৰ শুভাৰম্ভ
- ২০২৫-২৬বিত্তীয় বৰ্ষৰ অন্তিম মাহ! মাৰ্চত আশীৰ্বাদ মাহৰ কাৰ্যসূচী পৰিবহণ বিভাগৰ
- গুৱাহাটী কপাঁলে অগপই, সংকল্প সমাৰোহত কেইবা সহস্ৰাধিকৰ উপস্থিতি সুৰক্ষিত আৰু বিকশিত অসমৰ দায়বদ্ধতা প্ৰকাশ অগপ সভাপতি অতুল বৰাৰ
- কাঁহিকুছিত তিনিদিনীয়া কৃষি পাম প্ৰশিক্ষণ শিবিৰৰ সামৰণি
- কামৰূপ মহানগৰ জিলাত ভূমি পট্টা বিতৰণ
- উত্তৰ পূব ভাৰত স্বচ্ছ শক্তি সন্মিলন অনুষ্ঠিত
- টপচেম চিমেণ্টৰ নৱম সংখ্যক বিনামূলীয়া চকু পৰীক্ষা শিবিৰ আৰম্ভ
- অসম পশুধন নিগমৰ উদ্যোগ খানাপাৰত বানিজ্যিক কেন্দ্ৰ মুকলি