আগ্ৰাৰ তাজমহল সকলোৰে পৰিচিত।ছাহজাহানে মমতাজৰ স্মৃতিত গঢ়া তাজমহলৰ সৌন্দর্য্য চালে চকুৰুৱা।সেয়া এক প্ৰেমৰ আৰ্হি।এতিয়া গুৱাহাটী মহানগৰীৰ হাতীগাঁৱ সিজুগুৰিতো এটা সৰু তাজমহল গঢ়ি তুলিলে তিনিজন ভাতৃয়ে।এয়া অৱশ্যে কোনো ছাহজাহান মমতাজৰ প্ৰেমৰ নিদৰ্শন নহয়,এয়া তিনি পুত্ৰৰ পিতৃ মাতৃৰ প্ৰতি থকা মৰমৰ নিদৰ্শন ।হজৰত মুৰ্ত্তাজা আলি শ্বাহ ছফবীৰ স্মৰণত তাজমহলৰ আৰ্হিত নিৰ্মাণ কৰা এই মাঝাৰ এতিয়া সৰ্বত্ৰ চৰ্চিত।পচন্দৰ আৰ্হিত বনাবলৈ এই তাজমহলটো তিনিবাৰকৈ ভঙা হৈছিল।ডা: জাকিৰ হুছেইনৰ নেতৃত্বত আৰ্থিক দান বৰঙণিৰে নিৰ্মাণ কৰি থকা তাজমহলটোত বৰ্তমানলৈকে ৪০ লাখৰো অধিক টকা খৰচ হৈছে।স্থানীয় লোকৰ সহযোগিতাত প্ৰায় তিনিবছৰ ধৰি গঢ়ি তোলা এই মাঝাৰৰ কাম এতিয়াও সম্পূৰ্ণ হৈ উঠা নাই।২০১৮ বৰ্ষৰ ২৫ নৱেম্বৰত মুকলি কৰা এই সুউচ্চ তাজমহলটো এতিয়া আকৰ্ষণৰ কেন্দ্ৰ।তাজমহলটোৰ চোৱা চিতা কৰিবলৈ মানুহো ৰখা হৈছে।২৪ঘণ্টাই খোলা থকা এই মিনি তাজমহল চাবলৈ আপোনালোকো আহিব পাৰে।পৰ্যটকৰ সুবিধাৰ্থে শৌচালয়ো নিৰ্মাণ কৰা হৈছে।অনাগত দিনত পাৰ্কো হোৱাৰ সম্ভাৱনা আছে বুলি জানিবলৈ দিয়ে মিনি তাজমহলত কৰ্মৰত ব্যক্তিয়ে।খবৰ যুগুতালে গীতাঞ্জলি গগৈয়ে।
Trending
- পৰিৱেশ কৰ্মী, জেষ্ঠ সাংবাদিক উত্তম শইকীয়ালৈ অসম চৰকাৰৰ পৰিৱেশ মিত্ৰ সন্মান
- বিশ্ব পৰিবেশ দিবসত আই এ এছ এছ টিত চাৰিগৰাকী বিশিষ্ট পৰিবেশকৰ্মীক পৰিবেশ মিত্ৰ বঁটা প্ৰদান
- অসম খনিজ উন্নয়ন নিগম পৰিসীমিতৰ তৰফৰ পৰা মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ ১ কোটি টকাৰ চেক প্ৰদান
- বিশ্ব পৰিৱেশ দিৱসত প্লাষ্টিক ব্যৱহাৰৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ বাবে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত সাংস্কৃতিক অনুষ্ঠান
- গুৱাহাটী বিশ্ববিদ্যালয়ত ভাৰতীয় জ্ঞান পৰম্পৰাৰ দৃষ্টিভংগীৰে বৌদ্ধ দৰ্শন শীৰ্ষক বক্তৃতানুষ্ঠান সম্পন্ন
- গুৱাহাটী প্ৰেছ ক্লাবত যোগ বিষয়ক আকস্মিক বক্তৃতা আৰু যোগাসন প্ৰতিযোগিতা অনুষ্ঠিত
- সুধাকণ্ঠ ড০ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী-মুখ্যমন্ত্রী ড০হিমন্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত ৪জুনত মূল সমিতিৰ প্ৰথম খন সভা অনুষ্ঠিত
- DoHUA Minister Jayanta Mallabaruah Inspects Flood-Affected Areas in Guwahati
- বি এ আই চিৰ উদ্যোগত প্ৰদৰ্শনীমূলক মেলা আয়োজন
- Assam Skill University Signs Landmark MoU with Directorate of Sainik Welfare