মহানগৰীত মাজুলী! কথাষাৰ শুনি হয়তো আপোনাৰ আচহুৱা লাগিছে। এই অবাস্তৱ যেন লগা কথাষাৰ বাস্তৱত ৰূপ দিবলৈ এদল শ্ৰমিকে প্ৰস্তুতি অব্যাহত ৰাখিছে। অহা ১২ ডিচেম্বৰত জাপানৰ প্ৰধানমন্ত্ৰী অসমলৈ আহিব তাৰ বাবে সমগ্ৰ মহানগৰীতে প্ৰস্তুতি অব্যাহত আছে। বিশেষকৈ বিমান বন্দৰৰ পৰা আৰম্ভ কৰি লাচিত ঘাটলৈকে সৌন্দৰ্য বৰ্দ্ধনৰ বাবে ফুল ৰুইছে, ৰং কৰিছে আৰু আদৰ্শ গাঁও স্থাপন কৰিছে। উল্লেখযোগ্য যে মহানগৰীৰ লাচিত ঘাটৰ সমীপত প্ৰায় ১০০০ জন শ্ৰমিকে আদৰ্শ গাঁও সজোৱাত ব্যস্ত আছে। জানিব পৰা মতে আদৰ্শ গাঁৱত থাকিব ভড়াল, নামঘৰকে আদি কৰি অসমীয়া পৰম্পৰাগত সংস্কৃতিৰ বহু সমল।আনহাতে মিচিং, তিৱা, জনগোষ্ঠীৰ ঘৰ সমূহ সুন্দৰকৈ নিৰ্মাণ কৰাৰ প্ৰয়াস কৰিছে। জাহাজৰ সমীপত চাহৰ বাগান সাজি উলিয়াইছে। জানিব পৰা মতে অহা ১১ ডিচেম্বৰত এই সমূহ কাম সম্পূৰ্ণ হৈ উঠিব। লাচিত ঘাটৰ সমীপত গঢ়ি উঠা এই গাঁওখনে নিসন্দেহে সকলোকে আকৰ্ষিত কৰিব।
Trending
- আজিৰ পৰা ৰাজাপানীচান্দাত ৰঙালী বিহুৰ সোণালী জয়ন্তী বৰ্ষ আৰম্ভ
- ফিফা বিশ্বকাপ ২০২৬টিএম লৈ ভিছা আৰু এইচডিএফচি বেংকে ওচৰ চপাই আনিছে ভাৰতীয় অনুৰাগীসকলক
- পৰম্পৰাগত নৃত্য গীতৰ মাজেৰে মেঘালয়ৰ নংপোৰ সমীপৰ মাৰঙাত বিলত অসমীয়া সমাজৰ মাছ ধৰা উৎসৱ
- Assam Governor extends greetings on Rongali Bihu and Assamese New Year
- আন্তঃবিশ্ববিদ্যালয় থাং-টা প্ৰতিযোগিতাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ সোণৰ পদক লাভ
- পাণ্ডু বিহু সন্মিলনীৰ স্থায়ী ঠিকনা হ’ব জুবিন গাৰ্গ ৰেলৱে বিহুতলী মালিগাওঁ
- NSE Enables Instant Order Acknowledgement in Nanoseconds Across All Segments
- অসম বিধান সভাৰ সাধাৰণ নিৰ্বাচন- ভোটদানৰ হাৰ: ৮৪.৪২শতাংশ
- আম্বেদকাৰ জয়ন্তী উদযাপন
- অসম সহ উত্তৰ পূৱত ভূমিকম্পৰ জোকাৰণি