২০০৭ চনৰ কথা।প্ৰায় ১৩ বছৰ মালয়েছিয়ান কোম্পানীত কাম কৰি এজন যুৱক অসমলৈ আহিল।যুৱক জনৰ নাম কি জানেনে!তেখেতৰ নাম হ’ল টেনজিং বডোছা।ওদালগুৰি জিলাৰ চামৰাং ২ নং খৈৰানী গাঁৱৰ এই যুৱকজনে জৈৱিক পদ্ধতিৰে চাহ খেতি কৰি সমগ্ৰ বিশ্বতে সমাদৰ লাভ কৰিছে।জানি সুখী হ’ব যে এই যুৱকজনে জৈৱিক পদ্ধতিৰে বৰ্তমানলৈকে ৩২ বিধ চাহৰ খেতি কৰিছে। তেখেতে কৰা চাহৰ বাগিছা সমূহ চাবলৈ দেশ বিদেশী বহুতো পৰ্যটক আহে।এন ই ফ’কাচ ডট কমৰ প্ৰতিনিধি গীতাঞ্জলি গগৈৰ সৈতে হোৱা এক সাক্ষাৎকাৰত তেখেতে জৈৱিক চাহ খেতি কৰাৰ সম্পৰ্কে এনেদৰে কয়- একাপ চাহেৰে আমাৰ দিনটো আৰম্ভ কৰো।আৰু এই চাহকাপ সম্পূর্ণ বিশুদ্ধ হোৱা উচিত।কিন্তু আমি সততে ব্যৱহাৰ কৰি থকা চাহৰ পেকেটবোৰ ৰাসায়নিক সাৰযুক্ত।যিবোৰ সেৱন কৰিলে আমাৰ স্বাস্থ্যৰ অৱনতি ঘটে।তাৰে চিন্তাৰ আলমত মই এনেধৰণৰ জৈৱিক চাহ খেতি কৰাৰ কথা ভাবিলো।উল্লেখযোগ্য যে উদ্যমীজনে জৈৱিক চাহ খেতি কৰাৰ বাবে মাদাৰ টী ইণ্ডাষ্ট্ৰীত গৈ জৈৱিক চাহ প্ৰস্তুতকৰণৰ বাবে বিভিন্ন তথ্য আহৰণ কৰিছিল।বৰ্তমান তেখেতে প্ৰস্তুত কৰা চাহ জাৰ্মান,কানাডা,ইউ এছ এ,ফ্ৰাণ্স ধৰি ১৫ খন ঠাইলৈ পঠায়।সমান্তৰালকৈ তেখেতে ফল-মূলৰ বাগিছাও পাতিছে।য’ত আম,কঁঠাল,লিচু,মধুৰি খাবলৈ বিভিন্ন চৰাইৰ আগমন হয়।লগতে বাগিছালৈ বাঘ,হাতী,হৰিণ,মিথুন,বান্দৰৰ আগমনো ঘটে।তেখেতে পৰ্যটকৰ সুবিধাৰ্থে প্ৰাকৃতিক সৌন্দর্য্য উপভোগ কৰিবলৈ দুটা ট্ৰী হাউচ আৰু সৰুকৈ ৰেষ্টুৰেণ্ট সাজি উলিয়াইছে।উল্লেখ্য যে,বডোছাৰ এলিফেন্ট ফ্ৰেণ্ডলি টী ইক’ টুৰিজম এখন স্বীকৃতিপ্রাপ্ত জৈৱিক ফাৰ্ম।এই বাগিছাৰ জৰিয়তে ৪৫ জন ব্যক্তিৰ জীৱন জীৱিকাৰ পথো মুকলি হৈছে।আচলতে কেতিয়াও খেতিয়ক হ’ব নিবিচৰা টেনজিং বডোছা আজি চাহ খেতিয়ক হিচাপে অসমৰ লগতে সমগ্ৰ বিশ্বতে পৰিচিত।প্ৰকৃতিৰ প্ৰতি থকা আকুলতাৰ বাবেই এই কাম সম্ভৱপৰ হৈ উঠা বুলিও জানিবলৈ দিয়ে ।এনেধৰণৰ ইতিবাচক খবৰৰ বাবে চাবলৈ নাপাহৰিব এন ই ফ’কাচ ডট কমক।
Trending
- বি বৰুৱা কলেজ (স্বশাসিত)ৰ ৮৪সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন
- মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু ক্ৰিকেটৰ তাৰকা সুনীল গাভাস্কাৰে মুকলি কৰিলে গুৱাহাটী আন্ত:ৰাষ্ট্ৰীয় মাৰাথন
- ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠিত
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud