কংক্রিটৰ মহানগৰীত তাঁতৰ খিটখিটনী শুনিয়ে অনুভৱ হয় গাঁও গাঁও লগা এটা পৰিবেশৰ।ইয়াৰ উমানত আমি সন্ধান পাইছিলো চিল্ক পইণ্টৰ।আহকচোন জানো এই চিল্ক পইণ্টনো কি?চিল্ক পইণ্ট হ’ল অসমৰ বিভিন্ন শিল্প কৰ্মৰ লগত জড়িত উদ্যমী সকলক সকাহ যোগোৱা এটা প্ৰতিষ্ঠান।২০১১ চনত গুৱাহাটী মহানগৰীৰ হেঙেৰাবাৰী বিনোদ কলিতাৰ উদ্যোগত এই প্ৰতিষ্ঠানটোৱে প্ৰতিষ্ঠা লাভ কৰিছে । জানিব পৰা মতে সম্প্ৰতি পাঁচটা পৰিয়াল ইয়াৰ দ্বাৰা জীৱিকা অৰ্জনৰ পথ বিচাৰি পাইছে ।উল্লেখযোগ্য যে চিল্ক পইণ্টৰ পৰা হাতে বোৱা কাপোৰ অসমৰ বিভিন্ন বুটিকলৈ যায়।বিশেষকৈ পাট,মুগা,নুনী আৰু কপাহী চাদৰ মেখেলাক প্ৰাধান্য দিয়া বুটিকখনে জন মানসত বিশেষ গুৰুত্ব লাভ কৰিবলৈ সক্ষম হৈছে।
Trending
- কটন বিশ্ববিদ্যালয়ত সবল গণতন্ত্ৰৰ হকে ভোটদানৰ বাবে সজাগতা অনুষ্ঠান
- ধুবুৰী জিলাত মুখ্য নিৰ্বাচনী বিষয়া উপস্থিত
- দীনজ্যোতি ফাউণ্ডেশ্যনৰ উদ্যোগত শ্ৰমিক দিৱস উদযাপন
- পাটাছাৰকুছি প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠা দিৱস উদযাপন
- শ্ৰমিক দিৱসত ব্যতিক্ৰমী কৰ্মেৰে উদ্ভাসিত ঢকুৱাখনাৰ পাপু দত্ত
- Experience Trial voting through Virtual Reality in Kamrup election district
- গুৱাহাটী লোকসভা নিৰ্বাচনৰ সাধাৰণ পৰ্যবেক্ষকৰ পৰ্যালোচনা সভা
- আজাৰা সাহিত্য সভাৰ ফেচবুক পৃষ্ঠা উন্মোচন
- অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ পদক্ষেপ
- ভোটদানৰ সজাগতাৰ লক্ষ্যৰে মহানগৰীত চাইকেল ৰেলী