পখিলা প্ৰকৃতিৰ এক অনুপম সৃষ্টি।প্ৰকৃতিৰ এই বিনন্দীয়া সৃষ্টিক ওচৰৰ পৰা চাবলৈ আৰু অধিক জানিবলৈ ২০০৪ চনতে খানাপাৰাস্থিত বিজ্ঞান সংগ্ৰহালয়ত স্থাপন কৰে এখন পখিলা উদ্যান।এই উদ্যানত অসমত উপলব্ধ বিভিন্ন প্ৰজাতিৰ পখিলা যেনে কমন মৰ্মন,লাইম,ব্লু টাইগাৰ,কমন গ্ৰাছ য়েল্ল’,কমন ৰ’জ,চাইকী,এঞ্জেল কেষ্টৰ,কমন এমিনেণ্ট,লেচৱিং,প্লেয়িং টাইগাৰ আৰু টুইনী কেষ্টৰ সংৰক্ষণ কৰি ৰখা হৈছে।জানিব পৰা মতে, বিভিন্ন প্ৰজাতিৰ পখিলাৰ লেটাই ভিন্ন প্ৰজাতিৰ খাদ্য গছ যেনে নৰসিংহ,নেমু,বেল,কমলা,সোনাৰু,খৰ,এৰা,বনৰীয়া সৰিয়হ,আকন,জুমকালতা,,টাইন’ফৰা ইণ্ডিকা ইত্যাদি ভক্ষণ কৰে আৰু পখিলাৰ খাদ্যৰ বাবে চেনীৰ পানী ৰখা হৈছে।এই পখিলা উদ্যান সন্দৰ্ভত সংগ্ৰহালয়ৰ শিক্ষা বিষয়া প্ৰেমধৰ দাসে কয় যে পখিলাই হাবিত থকা বিভিন্ন প্ৰজাতিৰ গছৰ সংকেত দিব পাৰে।লগতে খাদ্য শৃংখল আৰু ফুলৰ পৰাগ যোগোৱাত সহায় কৰে।এই পখিলা উদ্যান বিভিন্ন স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰী,গৱেষকসকলক অধ্যয়নৰ ক্ষেত্রত সহায়ক হৈছে বুলিও বিষয়া গৰাকীয়ে জানিবলৈ দিয়ে।লগতে তেওঁ কয় যে উদ্যানখনত গ্ৰীষ্ম কালত কুলাৰ আৰু শীত কালত হিটাৰ দি ৰখা হয়।আৰু পখিলা খুব বেছি ৩৫ দিনলৈকে জীয়াই থাকে।লগতে ২০২০ ৰ পৰিকল্পনা সন্দৰ্ভত সংগ্ৰহালয়ৰ প্ৰকল্প সমন্বয়ক বসুদেৱ মণ্ডলে জনায় যে অহা মাৰ্চ মাহৰ ভিতৰত সংগ্ৰহালয় চৌহদত এখন অৰ্কিড আৰু কেকটাচ গাৰ্ডেন,শিশু গেলাৰী আৰু গ্ৰেনাইট ৰিং ফাউণ্টেইন হোৱাৰ সম্ভাৱনা আছে।খবৰ যুগুতালে গীতাঞ্জলি গগৈয়ে..
Trending
- একক খেতিৰ পৰিৱৰ্তে বছৰত ২-৩ টা খেতি কৰাৰ লগতে উদ্যান শস্যত বিশেষ গুৰুত্ব প্ৰদান কৰিবলৈ কৃষকসকলক আহ্বান মন্ত্ৰী হাজৰীকাৰ
- সুৰক্ষিত আৰু শক্তিশালী অসমৰ সংকল্পৰে গুৱাহাটীত অগপৰ প্ৰতিষ্ঠা দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচী
- মন্ত্রী বিশ্বজিৎ দৈমাৰীৰ পৌৰোহিত্যত খেল মহাৰণ ৩.০ – শিশু ক্ৰীড়া সমাৰোহৰ প্ৰস্তুতি পৰ্যালোচনা
- শ্ৰীমন্ত শংকৰ একাডেমীৰ উদ্যোগত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ঐতিহ্য মহোৎসৱ উদযাপন
- পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰয়াত ৩৪ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়াললৈ ১.৭০ কোটি টকাৰ এককালীন আৰ্থিক সাহায্য
- ভাৰতী এয়াৰটেলে নতুন পোষ্ট পেইড প্লেন মুকলি কৰিছে
- Health & Wellness Camps Held in Kamrup Metro under Seva Sankalp Abhiyan
- বন্যপ্ৰাণী সংৰক্ষণত দক্ষতা প্ৰদৰ্শনৰ বাবে মহিলা খণ্ড বন বিষয়া পাপৰি কছাৰীক বঁটা প্ৰদান
- অত্যাৱশ্যকীয় ঔষধৰ প্ৰাপ্যতাত দেশৰ ভিতৰতে দ্বিতীয় স্থানত অসম
- Health and Wellness Camps Held in Kamrup Metro District under Seva Sankalp Abhiyan