বিৰুবালালৈ স্বীকৃতি

0 427

ডাইনী হত্যা ৰোধ কৰা, সমাজত প্ৰচলিত হৈ অহা অন্ধবিশ্বাস নিৰ্মুল কৰা হকে সমাজত জাগৰণ অনা লোক সকলৰ ভিতৰত অন্যতম পৰিচিত নাম হ’ল বিৰুবালা ৰাভা । বিৰুবালা ৰাভাৰ বীৰত্বই বীৰুবালা ৰাভাৰ পৰিচয়। নকৈ বীৰুবালা ৰাভা কোন তেখেতৰ সংগ্ৰাম কি এই বিষয়ে দোহৰাৰ নিশ্চয়কে প্ৰয়োজন নাই। শেহতীয়াকে যোৱা ২৩ নবেম্বৰত বীৰুবালা ৰাভাই লাভ কৰিবলৈ সক্ষম হৈছে O.N.E India award 2016 । উল্লেখযোগ্য যে মুম্বাইস্থিত My Home India নামৰ শীৰ্ষক এটা স্বেচ্ছাসেৱী সংগঠনে এটা বটা প্ৰদান কৰে। স্মৰ্তব্য যে My Home India নামৰ সংগঠনটোৱে প্ৰতিবছৰে উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ক্ষেত্ৰত বিশেষভাবে পাৰৰ্দশিতা দেখুওৱা সকলক সন্মান প্ৰদৰ্শন কৰে। এইবাৰৰ দৰে যোৱা বছৰো বক্সাৰ মেৰী কমক সন্মানীত কৰিছিল। O.N.E India award লগত আছিল ৰাভা জনজাতীয় পোচাকত ভাৰত মাতাৰ প্ৰতিছবি, ট্ৰফীৰ লগতে এক লাখ টকা । তেওঁ লাভ কৰা ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ স্বীকৃতিয়ে সমূহ দেশবাসীক গৌৰবাম্বিত কৰি তুলিছে।

2

IMG-20161129-WA0004

IMG-20161129-WA0012

প্ৰিয় পাঠক, আপোনাৰ অঞ্চলৰ যদি এনে কোনো সুখবৰ জানে আমালৈ লিখিব পাৰে, আমাৰ email – nefocus5@gmail.com.

Leave A Reply

Your email address will not be published.