উত্তৰ পূবৰ প্ৰথমটো আন্তজাৰ্তিক পৰ্যায়ৰ বিমান বন্দৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান বন্দৰত সদ্য সমাপ্ত ২০১৯ বৰ্ষত অভিলেখ পৰিমাণৰ ২৫ শতাংশ যাত্ৰী বৃদ্ধি পাইছে।এই বৃদ্ধিৰ পৰিমাণ বিগত বৰ্ষত কেৱল ভাৰততে নহয় বিশ্বৰ ভিতৰতে এক অভিলেখ বুলি চৰ্চিত হৈছে।এই মন্তব্য ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত উত্তৰ পূব মণ্ডলৰ কেন্দ্রীয় কাৰ্যবাহী সঞ্চালক সঞ্জীৱ জিন্দালৰ।সোমবাৰে বিয়লি প্ৰাধিকৰণৰ বৰঝাৰস্থিত উত্তৰ পূব মণ্ডল কাৰ্যালয়ৰ ড০ ভূপেন হাজৰিকা সভাগৃহত আয়োজিত এক সংবাদমেলত এই কথা সদৰি কৰে সঞ্জীৱ জিন্দালে।সংবাদ মেলত জিন্দালে কয় গুৱাহাটীকে ধৰি উত্তৰ পূবৰ মুঠ ১৬ টা বিমান বন্দৰ আছে আৰু ইয়াৰে ১২ টা বিমান বন্দৰ কাৰ্যক্ষম হৈছে।কাৰ্যক্ষম হৈ থকা বিমান বন্দৰ সমূহৰ আন্ত:গাঠনি উন্নয়ন আৰু যাত্ৰীক অধিক সা সুবিধা দিয়াৰ লক্ষ্যৰে ৪৫৭ কোটি টকা ব্যয়ৰে উন্নীতকৰণ কৰা কাৰ্য চলি আছে।তেনেদৰে অসমকে ধৰি উত্তৰ পূবৰ কৃষক সকলৰ উৎপাদিত সামগ্ৰী বিদেশলৈ ৰপ্তানি কৰাৰ লক্ষ্যৰে গুৱাহাটীকে ধৰি কেবাটাও বিমান বন্দৰত মালবাহী বিমানৰ বৃদ্ধি কৰা হৈছে।বিগত ২০১৯ বৰ্ষত মালবাহী বিমানেৰে প্ৰায় ১২ শতাংশ কৃষিজাত সামগ্রী বিভিন্ন দেশ বিদেশলৈ ৰপ্তানি হৈছে।তেনেদৰে সামাজিক দায়বদ্ধতা আঁচনিৰ অধীনত নিবনুৱা যুৱক-যুৱতীৰ দক্ষতা বৃদ্ধিৰে স্বাৱলম্বী হোৱাৰ বাবে প্ৰশিক্ষণ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে।কাৰ্যালয়ৰ কাম কাজত কাগজৰ ব্যৱহাৰ কম কৰাৰ লক্ষ্যৰে প্ৰাধিকৰণৰ উত্তৰ পূব মণ্ডলত কাম কাজ ই অফিচলৈ উন্নীতকৰণ কৰিছে।ইয়াৰ ফলত কামৰ স্বচ্ছতা গতি বৃদ্ধি পাইছে।সম্প্ৰতি প্ৰাধিকৰণৰ অধীনৰ উত্তৰ পূবৰ বিমান বন্দৰত দুৰ্ঘটনা ৰোধ কৰা হৈছে আৰু এনে সুৰক্ষাৰ দিশত মুখ্য সহনশীলতা তথা এশ শতাংশ সফল হোৱা দেখা গৈছে।দেশৰ ভিতৰতে প্ৰথমবাৰৰ বাবে উত্তৰ পূব বিমান বন্দৰ সুৰক্ষা প্ৰতিষ্ঠান,এ এন এছ প্ৰশিক্ষণ কেন্দ্র স্থাপন কৰা হৈছে।চৰকাৰী ভাষা ব্যৱহাৰ আৰু ৰূপায়নত প্ৰথম পুৰস্কাৰ লাভ কৰাৰ লগতে আন্ত:মণ্ডল ফুটবল প্ৰতিযোগিতাত উত্তৰ পূব মণ্ডলে চেম্পিয়নৰ খিতাপ লাভ কৰিছে।তেনেদৰে বিমান বন্দৰ সমূহত পাৰ্কিঙকে ধৰি যাত্রী সকলে যাতে কোনোধৰণৰ অসুবিধা নাপায় তাৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰা হৈছে বুলি সঞ্জীৱ জিন্দালে সদৰি কৰে।সংবাদমেলত প্ৰাধিকৰণৰ প্ৰৱন্ধক তথা জনসম্পৰ্কৰক্ষী বিষয়া ইন্দ্ৰমোহন কোঁৱৰ উপস্থিত থাকে।
Trending
- বি বৰুৱা কলেজ (স্বশাসিত)ৰ ৮৪সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন
- মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু ক্ৰিকেটৰ তাৰকা সুনীল গাভাস্কাৰে মুকলি কৰিলে গুৱাহাটী আন্ত:ৰাষ্ট্ৰীয় মাৰাথন
- ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠিত
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud