২০১৯-২০২০ বৰ্ষৰ সময়ছোৱাত ভাৰত চৰকাৰৰ ৰাজ্যভাষা আঁচনিৰ সফল ৰূপায়ণৰ বাবে এন আৰ এলক তৃতীয় পুৰস্কাৰ চল বৈজয়ন্তী শ্বিল্ড বঁটা প্ৰদান কৰা হৈছে।ইয়াৰোপৰি একে বৰ্ষতে টাউন এণ্ড অফিচিয়েল লেংগুৱেজ ইমপ্লিমেণ্টেচন কমিটি,(টলিক) পি এছ ইউ সদস্যসকলৰ দ্বাৰা প্ৰকাশিত হিন্দী ভাষাৰ আলোচনীসমূহৰ মাজৰ পৰা এন আৰ এলৰ হিন্দী আলোচনী প্ৰয়াসে প্ৰথম পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে।অলপতে আই অ’ চি এল গুৱাহাটী শোধনাগাৰত অনুষ্ঠিত টলিকৰ ৫৪ তম সভাত ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়ৰ প্ৰতিনিধি বদ্ৰী যাদৱ,গৱেষণা বিষয়া তথা ৰাজভাষা বিভাগৰ আঞ্চলিক ৰূপায়ণ কাৰ্যালয়ৰ মুৰব্বী কমলেশ বাজাজ,হিন্দী শিক্ষাদান যোজনা আৰু সহকাৰী পৰিচালক ৰাধেশ্যাম বাইৰবাৰ উপস্থিতিত নুমলীগড় শোধনাগাৰ লিমিটেডৰ জ্যেষ্ঠ মুখ্য মহাপ্ৰৱন্ধক দেৱাশীষ চৌধুৰীৰ নেতৃত্বত হোৱা এন আৰ এলৰ প্ৰতিনিধি দলৰ হাতত টলিকৰ অধ্যক্ষ তথা আই অ’ চি এল গুৱাহাটী শোধনাগাৰৰ ই ডি এচ মানচন্দাই এই দুয়োটা বঁটা অৰ্পণ কৰে।উল্লেখ্য যে গুৱাহাটীৰ ৪৫ টা ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ পৰা লাভ কৰা প্ৰতিবেদন পৰ্যালোচনা কৰি এই উদ্দেশ্যে গঠিত টলিকৰ এখন সমিতিয়ে এই বঁটাসমূহ প্ৰদানৰ সিদ্ধান্ত লৈছিল।
Trending
- বি বৰুৱা কলেজ (স্বশাসিত)ৰ ৮৪সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন
- মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু ক্ৰিকেটৰ তাৰকা সুনীল গাভাস্কাৰে মুকলি কৰিলে গুৱাহাটী আন্ত:ৰাষ্ট্ৰীয় মাৰাথন
- ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠিত
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud