সমগ্ৰ দেশৰ লগতে শিৱসাগৰতো স্বামী বিবেকানন্দৰ ওপজা দিনটো ৰাষ্ট্ৰীয় যুৱ দিৱস হিচাপে শিৱসাগৰৰ সমীপৰ চেৰেকাপাৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত উলহে মালহে উদযাপন কৰে ৷ বন্তি প্ৰজ্বলনেৰে দিৱসটিৰ শুভাৰম্ভ কৰে উপায়ুক্ত ডা: এম এচ লক্ষ্মীপ্ৰিয়াই ৷ উপায়ুক্ত গৰাকীয়ে ৰাষ্ট্ৰীয় যুৱ দিৱসৰ লগত সংগতি ৰাখি “খেল শিৱসাগৰ খেল”ৰ ২৭ টা প্ৰতিযোগিতাৰ ভিতৰত অন্যতম আৰ্চাৰীৰ চূড়ান্ত প্ৰতিযোগিতাখনিও অনুষ্ঠিত কৰাত আনন্দ প্ৰকাশ কৰে ৷ প্ৰতিযোগিতাখনি উদ্বোধন কৰি তেখেতে কয় যে ক্ৰীড়াৰ ক্ষেত্ৰত শিৱসাগৰ জিলাৰ এক ঐতিহ্য আছে, যি ঐতিহ্যই নৱ প্ৰজন্মক সদায়ে উৎসাহিত কৰি আহিছে ৷ “খেল শিৱসাগৰ খেল”ৰ ব্ৰেণ্ড এম্বেচাদৰ ভোগেশ্বৰ বৰুৱা এই দিৱসত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি কয় যে মনোযোগিতা, অধ্যৱসায় আৰু নিয়মিত অনুশীলনৰ মাধ্যমেৰে আমাৰ উঠি অহা খেলুৱৈ তথা যুৱচামে ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় পৰ্যায়ত উজলি উঠিবলৈ সক্ষম হ’ব ৷ শিৱসাগৰ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ তথা শিৱসাগৰ বিবেকানন্দ কেন্দ্ৰৰ প্ৰভাৰী ড’ প্ৰকাশ কটকী নিমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি ৰাষ্ট্ৰীয় যুৱ দিৱসৰ তাৎপৰ্য বাখ্যা কৰাৰ লগতে স্বামী বিবেকানন্দৰ জীৱন পৰিক্ৰমাৰ ওপৰত গভীৰভাৱে আলোকপাত কৰে আৰু ছাত্ৰ- ছাত্ৰী তথা খেলুৱৈ সকলক তেখেতৰ আদৰ্শৰে উদ্বুদ্ধ হ’বলৈ আহ্বান জনায় ৷ স্বামী বিবেকানন্দই যুৱচামক নিজৰ জীৱনকালত কৰণীয়খিনি কিদৰে প্ৰণালীবদ্ধ ভাবে কৰি গ’লে সফলতা অৰ্জন কৰিব পাৰি সেই বিষয়েও তেখেতে উল্লেখ কৰে ৷খবৰ যুগুতালে শিৱসাগৰৰ পৰা দিল্লিস্তান খানে..
Trending
- ৰাজ্যৰ পাঁচ জিলাৰ স্বাস্থ্য ব্যৱস্থাৰ বিস্তৃত পৰ্যালোচনা : গুণগত আৰু সুলভ স্বাস্থ্যসেৱা নিশ্চিতকৰণত গুৰুত্ব মন্ত্ৰী অশোক সিংহলৰ
- এয়াৰটেল হটস্পট সেৱাৰ গতি অব্যাহত
- Agriculture Minister Pijush Hazarika distributes MMUA cheques to 22,818 beneficiaries in Dhing
- ধুবুৰী, কোকৰাঝাৰকে ধৰি পাঁচখন জিলাৰ স্বাস্থ্য ব্যৱস্থাৰ পৰ্যালোচনা
- বিশ্বকাপৰ উন্মাদনাৰ মাজতে গুৱাহাটীত সাংবাদিকৰ দুভৰিৰ যাদু
- Agriculture Minister Pijush Hazarika visits Khumtai constituency in Golaghat and takes stock of projects, interacts with farmers
- অসম চৰকাৰ শিল্প, বাণিজ্য আৰু ৰাজহুৱা উদ্যোগ বিভাগ উদ্যোগত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান
- ২০ জুলাইৰ পৰা লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ নতুন টার্মিনেলত আৰম্ভ হ’ব ইণ্ডিগ’ৰ বিমান সেৱা
- NSE signs strategic collaboration with Augmont to strengthen India’s Electronic Gold Receipts (EGR) ecosystem
- অসম পশুধন নিগমৰ উদ্যোগত প্ৰশিক্ষণ কাৰ্যসূচী