ৰাজ্যৰ পৰিবহন বিভাগৰ উদ্যোগত ১১ জানুৱাৰীৰ পৰা ৰাজ্যজুৰি আৰম্ভ হোৱা ৩১ সংখ্যক ৰাষ্ট্ৰীয় পথ সুৰক্ষা সপ্তাহৰ লগত সংগতি ৰাখি সোমবাৰে কামৰূপ মহানগৰ জিলা পৰিবহন বিষয়া কাৰ্যালয়ৰ উদ্যোগত পুৱা শ্ৰদ্ধাঞ্জলি কাননত এক সমূহীয়া খোজকঢ়া তথা ৱাকাথন অনুষ্ঠিত হয়।তাৰ পাছত শ্ৰদ্ধাঞ্জলি কাননৰ পৰা ৰাইজৰ মাজত পথ সুৰক্ষা সজাগতাৰ বাবে এক বাইক ৰেলী উলিওৱা হয়।সমগ্র গুৱাহাটী মহানগৰ পৰিভ্ৰমণ কৰা বাইক ৰেলীটো পতাকা জোকাৰি শুভাৰম্ভ কৰে ৰাজ্য চৰকাৰৰ পৰিবহন বিভাগৰ সচিব ৰাজভী হুছেইন আৰু অতিৰিক্ত পৰিবহন আয়ুক্ত অভিজিৎ বৰুৱাই।অনুষ্ঠানত কামৰূপ জিলাৰ পৰিবহন বিষয়াদ্বয় অৰুণ কুমাৰ বৰা আৰু বাপন কলিতাকে ধৰি যান বাহন পৰিদৰ্শক,প্ৰৱৰ্তক পৰিদৰ্শক আৰু বিভিন্ন বাহন বিক্ৰেতা প্ৰতিষ্ঠানৰ ডীলাৰ সকল উপস্থিত থাকে।ইয়াৰ উপৰি বাইক ৰেলীৰ পাছতে শ্ৰদ্ধাঞ্জলি কাননৰ বাকৰিত ছাত্র-ছাত্ৰীৰ মাজত পথ সুৰক্ষা বিষয়ক এক চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হয়।প্ৰতিযোগিতাখন পৰিচালনা কৰে জিলা পৰিবহন বিষয়া অৰুণ কুমাৰ বৰাই।আনহাতে পথ সুৰক্ষা সপ্তাহ উপলক্ষে ১১ জানুৱাৰীৰ দৰে আজিও চালক,পৰিচালক,হেণ্ডিমেনৰ বাবে খানাপাৰাত বিনামূলীয়া চকু পৰীক্ষা শিবিৰ অনুষ্ঠিত হয়।গুৱাহাটী মহানগৰ পৰিবহন সন্থাৰ সহযোগত অনুষ্ঠিত শিবিৰটো উদ্বোধন কৰে জ্যেষ্ঠ যান বাহন পৰিচালক ৰফিকুল ইছলামে।শিবিৰত ডাঃ মনোৰঞ্জন দত্ত আৰু ডাঃ পাৰ্থ দাসৰ নেতৃত্বত এটি চিকিৎসকৰ দলে ৯৭ গৰাকী লোকৰ চকু পৰীক্ষা কৰে।অনুষ্ঠানত পৰিবহন সন্থাৰ গকুল গগৈ,বিপুল কলিতাকে ধৰি কেইবাগৰাকীও কৰ্মকৰ্তা উপস্থিত থাকে।
Trending
- প্ৰকৃতিপ্ৰেমী মঞ্চ অসমৰ জহামাল উদ্ধাৰ
- প্ৰতিকূল বতৰকো নেওচি সৰ্বানন্দ সোণোৱালৰ সমৰ্থনত ওলাই আহিল হাজাৰ হাজাৰ লোক-ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিজেপি নেতৃত্বাধীন এনডিএ-ৰ প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে
- পল্টন বজাৰত বহুভাষিক কাব্য সন্ধ্যা অনুষ্ঠিত
- Dr. Buljit Buragohain at the Annual Lecture Program of the Department of Education B Borooah College
- কাহিলীপাৰাত প্ৰসিদ্ধ সাহিত্যিক, সমালোচক ড০ গোবিন্দ প্ৰসাদ শৰ্মাক পৰাগজ্যোতি প্ৰকাশনৰ সম্বৰ্দ্ধনা
- এইচ ডি এফ চি বেংকে সমগ্ৰ ভাৰতত ৬০ টা বেংকিং আউটলেট উদ্বোধন
- কামৰূপ মহানগৰ জিলা নেহেৰু যুৱ কেন্দ্ৰৰ উন্নয়ন খণ্ড ভিত্তিত ক্ৰীড়া উৎসৱ
- বিশ্ব কবিতা দিৱসত কবিতাৰ বৰষুণ
- গুৱহাটীত দুখন আই পি এল মেচ খেলিব ৰাজস্থান ৰয়েলছে- নিশ্চিত কৰিলে দলৰ অধ্যক্ষ অসমৰ ৰঞ্জিত বৰঠাকুৰে
- জিএন আৰ চি হাস্পাতালত বিশ্ব মগজুৰ আঘাত সংক্ৰান্তীয় সজাগতা দিৱস পালন