আজি ভোগালীৰ উৰুকা।চৌদিশে ভোগালীক আদৰাৰ প্ৰস্তুতি চলিছে ।সকলোৱে মাছে মঙহে এসাঁজ খোৱা উদ্দেশ্যেৰে বিহুৰ আয়োজনত ব্যস্ত হোৱা পৰিলক্ষিত হৈছে ।বিশেষকৈ গ্ৰাম্যাঞ্চলত ভেলাঘৰ নিৰ্মাণৰ বাবে প্ৰতিযোগিতা চলিছে।একাংশ স্থানীয় শিল্পীয়ে নিজৰ শিল্পকলাৰে চমকপ্ৰদ সৃষ্টি কৰি ভেলাঘৰ নিৰ্মাণত ব্ৰতী হোৱা দেখা গৈছে ।বজাৰত ভিৰ বাঢ়িছে ।কোনোৱে মাছ কিনিছে, কোনোৱে মঙহ, অথবা কোনোৱে দৈ, ক্ৰীম, পিঠা কিনাত ব্যস্ত হৈ পৰিছে ।বিশেষকৈ বজাৰত পিঠা পানাৰ সমাদৰ বাঢ়িছে।কাঁৰ বাবে আৰু বিহুৰ বাবে চুটি কম হোৱাৰ বাবে চৰকাৰী চাকৰিয়ালে বিহুত ঘৰলৈ গৈ পৰিয়ালৰ সৈতে বিহু উদযাপন কৰাৰ সুযোগ নাপালেও য’তে পাৰে উৰুকাৰ আনন্দ লোৱা দেখা গৈছে ।কাৰণ এয়া ভোগালীৰ বতৰ, ভোগ বতৰ।শেষত সকলোকে এন ই ফ’কাচ ডট কমৰ ফালৰ পৰা ভোগালী বিহুৰ শুভেচ্ছা জনালো। ।
Trending
- মিচিং জাতীয় সংগঠনৰ বিশ্ব ধৰিত্ৰী দিৱস পালন
- বৰুৱাৰ সংসাৰ প্ৰদৰ্শিত হ’ব ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত
- এয়াৰটেলৰ ৰোমিং পেক উন্মোচন
- কাছাৰত অ গ পৰ সভাপতি নির্বাচনী প্ৰচাৰ
- ধৰিত্ৰী দিৱস আৰু প্ৰকৃতিপ্ৰেমী মঞ্চৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে হাতীৰ খাদ্য উদ্ভিদ ৰোপন কাৰ্যসূচী
- পলাশবাৰীত সাহিত্য সংস্কৃতি বিকাশ গোষ্ঠী “কামৰূপৰ সাধাৰণ সভা
- মুম্বাইত গগনাৰ ৰঙালী বিহু উদযাপন
- ঢকুৱাখনা গাৰ্লছ হাইস্কুলত ১৯৭৯ বর্ষৰ শিক্ষাৰ্থীৰ সন্মিলন
- চি আই ডিৰ মহাপৰিদৰ্শক হিচাপে নিযুক্তি লাভ আইৰণ লেডীৰ
- আজি অনুষ্ঠিত হয় প্রথম পৰ্য্যায়ৰ ভোটদানৰ পৰ্ব