আজিৰে পৰা আৰম্ভ হ’ল সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৯ সংখ্যক বাৰ্ষিক অধিবেশন।বোকাখাতৰ বিশ্ব ঐতিহ্য কাজিৰঙা সমন্বয় ক্ষেত্র দিহিঙ্গীয়া মহুৰা পথাৰত অনুষ্ঠিত এই অধিবেশনথলী লোকে লোকাৰণ্য হৈ পৰিছে।যুগদ্ৰষ্টা,অসমীয়া জাতিৰ প্ৰতিষ্ঠাপক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰে ১৯৩০ চনতে প্ৰতিষ্ঠা হোৱা শ্ৰীমন্ত শংকৰদেৱ সংঘ উত্তৰ পূব ভাৰতৰ সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান।এই ধৰ্মীয় অনুষ্ঠানটোত অসমকে ধৰি পূৰ্বোত্তৰ ৰাজ্যসমূহৰ ৫৩ খন জিলা শাখাৰ অন্তৰ্গত ৩০ লক্ষাধিক ভকত-বৈষ্ণৱৰ আগমন হোৱাৰ সম্ভাৱনা আছে।যোৱা ১১ নৱেম্বৰত আধাৰশিলা স্থাপন হোৱাৰ পৰাই বোকাখাত জিলা শাখাৰ মূল আদৰণি সমিতিৰ লগতে ৬৭ খন প্ৰাথমিকৰ প্ৰায় ১৩০০ গৃহস্থী,আই বাপে দিন ৰাতি একাকাৰ কৰি অধিবেশনথলী বৈকুণ্ঠপুৰী সদৃশ কৰি তুলিছে।একেলগে দহ সহস্রাধিক লোক বহিব পৰা মূল মণ্ডপৰ লগতে অধিবেশনলৈ অহা ভকত বৈষ্ণৱৰ বাবে ২১৭ টা প্ৰতিনিধি শিবিৰ,ধৰ্ম ধ্বজা উত্তোলনস্থলী,নাটঘৰ,বিশেষ প্ৰতিনিধি শিবিৰ,প্ৰতিনিধি সভাগৃহ নিৰ্মাণ কৰিছে।মূল মণ্ডপৰ কাষতে নিৰ্মাণ কৰা হৈছে কেন্দ্রীয় সেৱা বাহিনীৰ ১০ সহস্ৰাধিক সেৱক সেৱিকাৰ বাবে সুকীয়া শিবিৰ।ঠিক সেইদৰে একে সময়তে ১০ হাজাৰ লোকে আহাৰ গ্ৰহণ কৰিব পৰাকৈ নিৰ্মাণ কৰিছে বিশাল ভোজনালয়।ইফালে অধিবেশনৰ গ্ৰন্থমেলা আৰু প্ৰদৰ্শনীত প্ৰায় ৫৮০ খন বিপণীয়ে নাম পঞ্জীয়ন কৰাৰ কথা জানিবলৈ দিছে আদৰণি সমিতিৰ সভাপতি ধৰ্মেশ্বৰ হাজৰিকা আৰু সম্পাদক চন্দ্রকান্ত ভূঞাই।একেদৰে বহিঃবাণিজ্য মেলাতো ৬ শতাধিক বিপণীয়ে অংশগ্রহণ কৰিছে বুলি জানিব পৰা গৈছে।অধিবেশনৰ বিষয়ববীয়াই জনোৱা মতে অধিবেশনৰ চাৰিটা দিনৰ ভিতৰত ৫ সাঁজ আহাৰ আগবঢ়াইছে যোৰহাট,গোলাঘাট,ধনশিৰি,কলিয়াবৰ জিলাৰ লগতে বোকাখাত মাৰোৱাৰী সমাজে।তেওঁলোকে আহাৰ যোগান ধৰাৰ উপৰিও নিজে ৰন্ধন আৰু পৰিৱেশনো কৰিব।ইয়াৰোপৰি অসম চৰকাৰৰ কৃষি বিভাগে প্ৰায় ২০ লাখ টকা মূল্যৰ খাদ্য শস্য,শাক পাচলি যোগান ধৰিছে।তদুপৰি অধিবেশনস্থলীৰ বিদ্যুৎ যোগান,খোৱা পানী,শৌচাগাৰ নিৰ্মাণ,পথ নিৰ্মাণৰ ক্ষেত্রত অসম চৰকাৰৰ বিদ্যুৎ বিভাগ,জনস্বাস্থ্য কাৰিকৰী তথা গড়কাপ্তানী বিভাগে সহযোগিতা আগবঢ়াইছে বুলি জানিব পৰা গৈছে।
Trending
- খাদী আৰু গ্ৰামোদ্যোগ আয়োগত আন্তৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন
- ৩১মাৰ্চৰ পূৰ্বে যানবাহনৰ যাৱতীয় কৰ পৰিশোধ কৰি নথিপত্ৰ সঠিক কৰক-পৰিবহণৰ বিশেষ কতৰ্ব্যৰত বিষয়া গৌতম দাসৰ কাতৰ অনুৰোধ
- Organic Festival cum Exhibition by NECTAR under PM-DevINE Scheme
- Assam Govt Launches Key Initiatives to Boost Livestock Sector
- পূব ধাৰাপুৰত অংগনাৱাড়ী কেন্দ্ৰৰ মেৰামতি কাৰ্যৰ শুভাৰম্ভ
- ২০২৫-২৬বিত্তীয় বৰ্ষৰ অন্তিম মাহ! মাৰ্চত আশীৰ্বাদ মাহৰ কাৰ্যসূচী পৰিবহণ বিভাগৰ
- গুৱাহাটী কপাঁলে অগপই, সংকল্প সমাৰোহত কেইবা সহস্ৰাধিকৰ উপস্থিতি সুৰক্ষিত আৰু বিকশিত অসমৰ দায়বদ্ধতা প্ৰকাশ অগপ সভাপতি অতুল বৰাৰ
- কাঁহিকুছিত তিনিদিনীয়া কৃষি পাম প্ৰশিক্ষণ শিবিৰৰ সামৰণি
- কামৰূপ মহানগৰ জিলাত ভূমি পট্টা বিতৰণ
- উত্তৰ পূব ভাৰত স্বচ্ছ শক্তি সন্মিলন অনুষ্ঠিত