আজিৰে পৰা আৰম্ভ হ’ল সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৯ সংখ্যক বাৰ্ষিক অধিবেশন।বোকাখাতৰ বিশ্ব ঐতিহ্য কাজিৰঙা সমন্বয় ক্ষেত্র দিহিঙ্গীয়া মহুৰা পথাৰত অনুষ্ঠিত এই অধিবেশনথলী লোকে লোকাৰণ্য হৈ পৰিছে।যুগদ্ৰষ্টা,অসমীয়া জাতিৰ প্ৰতিষ্ঠাপক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰে ১৯৩০ চনতে প্ৰতিষ্ঠা হোৱা শ্ৰীমন্ত শংকৰদেৱ সংঘ উত্তৰ পূব ভাৰতৰ সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান।এই ধৰ্মীয় অনুষ্ঠানটোত অসমকে ধৰি পূৰ্বোত্তৰ ৰাজ্যসমূহৰ ৫৩ খন জিলা শাখাৰ অন্তৰ্গত ৩০ লক্ষাধিক ভকত-বৈষ্ণৱৰ আগমন হোৱাৰ সম্ভাৱনা আছে।যোৱা ১১ নৱেম্বৰত আধাৰশিলা স্থাপন হোৱাৰ পৰাই বোকাখাত জিলা শাখাৰ মূল আদৰণি সমিতিৰ লগতে ৬৭ খন প্ৰাথমিকৰ প্ৰায় ১৩০০ গৃহস্থী,আই বাপে দিন ৰাতি একাকাৰ কৰি অধিবেশনথলী বৈকুণ্ঠপুৰী সদৃশ কৰি তুলিছে।একেলগে দহ সহস্রাধিক লোক বহিব পৰা মূল মণ্ডপৰ লগতে অধিবেশনলৈ অহা ভকত বৈষ্ণৱৰ বাবে ২১৭ টা প্ৰতিনিধি শিবিৰ,ধৰ্ম ধ্বজা উত্তোলনস্থলী,নাটঘৰ,বিশেষ প্ৰতিনিধি শিবিৰ,প্ৰতিনিধি সভাগৃহ নিৰ্মাণ কৰিছে।মূল মণ্ডপৰ কাষতে নিৰ্মাণ কৰা হৈছে কেন্দ্রীয় সেৱা বাহিনীৰ ১০ সহস্ৰাধিক সেৱক সেৱিকাৰ বাবে সুকীয়া শিবিৰ।ঠিক সেইদৰে একে সময়তে ১০ হাজাৰ লোকে আহাৰ গ্ৰহণ কৰিব পৰাকৈ নিৰ্মাণ কৰিছে বিশাল ভোজনালয়।ইফালে অধিবেশনৰ গ্ৰন্থমেলা আৰু প্ৰদৰ্শনীত প্ৰায় ৫৮০ খন বিপণীয়ে নাম পঞ্জীয়ন কৰাৰ কথা জানিবলৈ দিছে আদৰণি সমিতিৰ সভাপতি ধৰ্মেশ্বৰ হাজৰিকা আৰু সম্পাদক চন্দ্রকান্ত ভূঞাই।একেদৰে বহিঃবাণিজ্য মেলাতো ৬ শতাধিক বিপণীয়ে অংশগ্রহণ কৰিছে বুলি জানিব পৰা গৈছে।অধিবেশনৰ বিষয়ববীয়াই জনোৱা মতে অধিবেশনৰ চাৰিটা দিনৰ ভিতৰত ৫ সাঁজ আহাৰ আগবঢ়াইছে যোৰহাট,গোলাঘাট,ধনশিৰি,কলিয়াবৰ জিলাৰ লগতে বোকাখাত মাৰোৱাৰী সমাজে।তেওঁলোকে আহাৰ যোগান ধৰাৰ উপৰিও নিজে ৰন্ধন আৰু পৰিৱেশনো কৰিব।ইয়াৰোপৰি অসম চৰকাৰৰ কৃষি বিভাগে প্ৰায় ২০ লাখ টকা মূল্যৰ খাদ্য শস্য,শাক পাচলি যোগান ধৰিছে।তদুপৰি অধিবেশনস্থলীৰ বিদ্যুৎ যোগান,খোৱা পানী,শৌচাগাৰ নিৰ্মাণ,পথ নিৰ্মাণৰ ক্ষেত্রত অসম চৰকাৰৰ বিদ্যুৎ বিভাগ,জনস্বাস্থ্য কাৰিকৰী তথা গড়কাপ্তানী বিভাগে সহযোগিতা আগবঢ়াইছে বুলি জানিব পৰা গৈছে।
Trending
- খানামুখত পৰীক্ষিত হালৈৰ প্ৰবন্ধ সংকলন ভিন্নসুৰী উন্মোচন
- Celebration of National Technology Day 2025 at DRL-DRDO, Tezpur
- ৰাজ্যৰ বান ব্যৱস্থাপনা প্ৰস্তুতি সম্পৰ্কত পৰ্যালোচনা কৰিলে অসমৰ মুখ্য সচিবে
- ভাৰতীয় সেনা-পৰিয়ালৰ অসামান্য সেৱাৰ প্ৰতি সন্মান জনাই পৰিবহণৰ বিশেষ জনসেৱা কাৰ্যসূচী আৰম্ভ
- এয়াৰটেলে বিশ্বৰ জালিয়াতি ধৰা পেলোৱা সমাধান মুকলি কৰে
- Minister Jayanta Mallabaruah Inspects Desiltation Works Across Guwahati
- ২৯ মে’ৰ পৰা অসম সহ দেশজুৰি বিকশিত কৃষি সংকল্প অভিযান সভা
- দৰং জিলাত ব্ৰহ্মপুত্ৰ আৰু ডিমিলা নৈৰ পাৰত নিৰ্মীয়মান নতুন মথাউৰি পৰিদৰ্শন জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাৰ
- ৰাজ্যিক পক্ষী সুৰক্ষা পৰিষদৰ উদ্যোগত বিশ্ব পক্ষী দিৱস উদযাপন
- Minister Pijush Hazarika Reviews Key Embankment Projects in BTR to Strengthen Flood and Erosion Protection Ahead of Monsoon