অসম আৰক্ষীৰ এগৰাকী উচ্চ পদস্থ বিষয়া হৈও কৰ্মব্যস্ততাৰ মাজতো নিৰন্তৰ অসমীয়া ভাষা সাহিত্য চৰ্চা কৰা আৰু মাতৃভাষা অসমীয়াক ৰাজ্যভাষা হিচাপে চৰকাৰী কাম কাজত ব্যৱহাৰত গুৰুত্ব দি অহাৰ বাবে ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া তথা কামৰূপ জিলাৰ আৰক্ষী অধীক্ষক পাৰ্থসাৰথি মহন্তক অসম সাহিত্য সভাৰ শুৱালকুছি অধিবেশনত আনন্দ চন্দ্র আগৰৱালা বঁটা প্ৰদান কৰা হয়।অধিবেশনৰ অতুল চন্দ্র বৰুৱা মঞ্চত অসম সাহিত্য সভাৰ নৱ নিৰ্বাচিত সভাপতি ড০ কুলধৰ শইকীয়াই পাৰ্থসাৰথি মহন্তক ফুলৰ থোপা,জাপিৰ লগতে দহ হাজাৰ টকাৰ চেক প্ৰদান কৰি সম্বৰ্দ্ধনা জনোৱাৰ লগতে সাহিত্য চৰ্চা কৰি অহাৰ বাবে ৰাজহুৱাভাৱে প্ৰশংসা কৰে।অৱশ্যে আৰক্ষী বিষয়া পাৰ্থসাৰথি মহন্তই পাছদিনা বঁটাৰ লগত লাভ কৰা দহ হাজাৰ টকাৰ চেকখন সভাপতি ড০ কুলধৰ শইকীয়াক ঘূৰাই দি সেই ধন সাহিত্য সভাৰ কামত ব্যৱহাৰ কৰিবলৈ অনুৰোধ জনায়।এই মহানুভৱতা প্ৰদৰ্শনৰ বাবে পাৰ্থসাৰথি মহন্তক সকলোৱে ধন্যবাদ জ্ঞাপন কৰে।উল্লেখ্য বৰ্তমান জনপ্রিয় অসমীয়া মাহেকীয়া আলোচনী ‘আইনা জীৱনৰ’ সম্পাদকৰ (অবৈতনিক) দায়িত্ব বহন কৰি অহা পাৰ্থসাৰথি মহন্তই কামাখ্যা,মাজুলী,ৰাইন’ এণ্ড শিৱা নামৰ তিনিখন গ্ৰন্থ ৰচনা কৰি বিদ্বৎ মহলৰ পৰা প্ৰশংসা লাভ কৰিছে।তেনেদৰে কামৰূপ জিলাৰ আৰক্ষী বিভাগত কৰ্মৰত সকলো আৰক্ষীৰ লোককে চৰকাৰী কাম কাজত অসমীয়া ভাষাৰ ব্যৱহাৰৰ লগতে ইউনিফৰ্মত থকা নেমপ্লেটতো নিজৰ নাম অসমীয়াতে লিখিবলৈ আহ্বান জনাইছে।আৰক্ষী অধীক্ষক গৰাকীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই জিলাখনৰ কৰ্মৰত আৰক্ষীৰ লোকসকলে বিভাগীয় কাম কাজত অসমীয়া ভাষা ব্যৱহাৰ কৰি অহা পৰিলক্ষিত হৈছে।
Trending
- Celebration of National Technology Day 2025 at DRL-DRDO, Tezpur
- ৰাজ্যৰ বান ব্যৱস্থাপনা প্ৰস্তুতি সম্পৰ্কত পৰ্যালোচনা কৰিলে অসমৰ মুখ্য সচিবে
- ভাৰতীয় সেনা-পৰিয়ালৰ অসামান্য সেৱাৰ প্ৰতি সন্মান জনাই পৰিবহণৰ বিশেষ জনসেৱা কাৰ্যসূচী আৰম্ভ
- এয়াৰটেলে বিশ্বৰ জালিয়াতি ধৰা পেলোৱা সমাধান মুকলি কৰে
- Minister Jayanta Mallabaruah Inspects Desiltation Works Across Guwahati
- ২৯ মে’ৰ পৰা অসম সহ দেশজুৰি বিকশিত কৃষি সংকল্প অভিযান সভা
- দৰং জিলাত ব্ৰহ্মপুত্ৰ আৰু ডিমিলা নৈৰ পাৰত নিৰ্মীয়মান নতুন মথাউৰি পৰিদৰ্শন জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাৰ
- ৰাজ্যিক পক্ষী সুৰক্ষা পৰিষদৰ উদ্যোগত বিশ্ব পক্ষী দিৱস উদযাপন
- Minister Pijush Hazarika Reviews Key Embankment Projects in BTR to Strengthen Flood and Erosion Protection Ahead of Monsoon
- আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে চিংক্লি কলনীৰ জসুবুৰা লেক – মনোমোহা প্ৰাকৃতিক সৌন্দৰ্যই হাত বাউল দি মাতে পৰ্যটকক