আজিৰে পৰা আৰম্ভ হৈছে মেট্রিক আৰু হাই মাদ্ৰাছা পৰীক্ষা।ৰাজ্যৰ মুঠ ৮৬০ টা কেন্দ্রত অনুষ্ঠিত হৈছে এই পৰীক্ষা।এই পৰীক্ষাত সৰ্বমুঠ ৩,৫৮,৪৫৩ জন পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছে।ইয়াৰে ১,৬৭,৮৫০ জন ছাত্র আৰু ১,৯০,৬০৩ গৰাকী ছাত্রী।পূৰ্বৰ দৰে এইবাৰো পৰীক্ষা কেন্দ্রসমূহত চি চি টি ভি কেমেৰাৰ ব্যৱস্থা কৰা হৈছে।আনহাতে পৰীক্ষাৰ্থীৰ লগতে নিৰীক্ষককো মোবাইল ফোনৰ ব্যৱহাৰ নিষিদ্ধ কৰা হৈছে।উল্লেখ্য যে প্ৰথমবাৰৰ বাবে পৰীক্ষা কেন্দ্রত পৰীক্ষাৰ্থীৰ সন্মুখতে দুজন পৰীক্ষাৰ্থীক সাক্ষী কৰি নিৰীক্ষকে প্ৰশ্নকাকত খুলিব।পূৰ্বতকৈ কঠোৰ হৈছে ছেবাৰ নিয়ম।নকল ধৰা পৰা পৰীক্ষাৰ্থীক বহিস্কাৰেই নহয় ৩ বছৰলৈ নিলম্বিত কৰা হ’ব বুলি ঘোষণা কৰিছে ছেবা কৰ্তৃপক্ষই।আনহাতে নকল কৰা পৰীক্ষাৰ্থীৰ লগতে পৰীক্ষা কেন্দ্রই হেমাহি কৰিলে চিৰদিনৰ বাবে বাতিল কৰিব পৰীক্ষা কেন্দ্র।ইয়াৰোপৰি এইবাৰৰ পৰীক্ষাত নীলা চিঞাহীৰ পৰিৱৰ্তে ক’লা চিঞাহীৰে লিখিব লাগিব পৰীক্ষাৰ্থীসকলে।তদুপৰি পৰীক্ষাৰ্থীসকলে পৰীক্ষা কেন্দ্রলৈ কেলকুলেটৰ,ঘড়ী,বেগ নিব নোৱাৰিব।প্ৰতিটো পৰীক্ষা কেন্দ্রত ১৪৪ ধাৰা জাৰি কৰা হৈছে।পৰীক্ষা কেন্দ্রৰ ৫০ মিটাৰৰ ভিতৰত থাকিব নোৱাৰিব কোনো ব্যক্তি।প্ৰতিটো স্পৰ্শকাতৰ পৰীক্ষা কেন্দ্রত নিয়োগ কৰা হৈছে ফ্লায়িং স্কোৱাড।লগতে ২৫ টা কেন্দ্রত জামাৰ সংস্থাপন কৰা হৈছে।তদুপৰি দৃষ্টিহীন পৰীক্ষাৰ্থীৰ বাবে এঘণ্টা অধিক সময় প্ৰদান কৰা হ’ব।উল্লেখ্য যে মেট্ৰিক,হাই মাদ্ৰাছাৰ পৰীক্ষা সমূহ অহা ২৯ ফেব্ৰুৱাৰীলৈ চলিব।
Trending
- Celebration of National Technology Day 2025 at DRL-DRDO, Tezpur
- ৰাজ্যৰ বান ব্যৱস্থাপনা প্ৰস্তুতি সম্পৰ্কত পৰ্যালোচনা কৰিলে অসমৰ মুখ্য সচিবে
- ভাৰতীয় সেনা-পৰিয়ালৰ অসামান্য সেৱাৰ প্ৰতি সন্মান জনাই পৰিবহণৰ বিশেষ জনসেৱা কাৰ্যসূচী আৰম্ভ
- এয়াৰটেলে বিশ্বৰ জালিয়াতি ধৰা পেলোৱা সমাধান মুকলি কৰে
- Minister Jayanta Mallabaruah Inspects Desiltation Works Across Guwahati
- ২৯ মে’ৰ পৰা অসম সহ দেশজুৰি বিকশিত কৃষি সংকল্প অভিযান সভা
- দৰং জিলাত ব্ৰহ্মপুত্ৰ আৰু ডিমিলা নৈৰ পাৰত নিৰ্মীয়মান নতুন মথাউৰি পৰিদৰ্শন জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাৰ
- ৰাজ্যিক পক্ষী সুৰক্ষা পৰিষদৰ উদ্যোগত বিশ্ব পক্ষী দিৱস উদযাপন
- Minister Pijush Hazarika Reviews Key Embankment Projects in BTR to Strengthen Flood and Erosion Protection Ahead of Monsoon
- আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে চিংক্লি কলনীৰ জসুবুৰা লেক – মনোমোহা প্ৰাকৃতিক সৌন্দৰ্যই হাত বাউল দি মাতে পৰ্যটকক