কৰচুং সত্ৰই গ্ৰহণ কৰিলে মহৎ পদক্ষেপ

1 279

নগাঁও জিলাৰ ৰাইদঙীয়াৰ ঐতিহাসিক শ্ৰীশ্ৰীকৰচুং সত্রৰ তৰফৰ পৰা  সত্রখনৰ অন্তৰ্গত ১০৯ ঘৰ দুখীয়া পৰিয়ালক সামৰ্থ অনুযায়ী ঘৰে ঘৰে গৈ খাদ্য সামগ্ৰী বিতৰণ কৰে। সত্র খনৰ ডেকা সত্রাধিকাৰ উৎপল গোস্বামী, সত্রৰ বায়ন নৃপাল গোস্বামী, ধনভৰালী যজ্ঞ বৰা, সত্রৰ ভকত গণেশ মুদৈ আৰু ইন্দ্ৰ বৰাই সত্রৰ অন্তৰ্গত কৰচুংগাঁও, নহাটিগাঁও, শ্যামকলিয়াগাঁও আৰু ভোগবাৰীগাঁৱৰ ১০৯ ঘৰ দুখীয়া গৃহস্থীক  খাদ্য সামগ্ৰী বিতৰণ কৰে। সাম্প্ৰতিক ক’ৰণা ভাইৰাছৰ বাবে দেশৰ লক ডাউন অৱস্থাই দুখীয়া লোকৰ বিলাই বিপত্তি নোহোৱা হৈছে। খাদ্য বস্তু আৰু টকা পইছাৰ অভাৱত বহু পৰিয়ালে এসাজ খাই এসাজ নোখোৱাকৈ থাকিব লগা হৈছে। এনে সময়ত শ্ৰীশ্ৰীকৰচুং সত্রই লোৱা এই পদক্ষেপক স্থানীয় সচেতন মহলে শলাগ জনাইছে।
খবৰ যুগুতালে নগাঁৱৰ পৰা ৰাহুল দেৱ বৰদলৈয়ে.. প্ৰতিবেদন..

1 Comment
  1. Utpal goswami says

    আমাক উদগনি জনোৱাৰ কাৰণে ধন্যবাদ জনালো

Leave A Reply

Your email address will not be published.